ৰঘু ৰায়: কেমেৰাৰ পিছফালৰ চকুযোৰ ।। নৱজ্যোতি বৰগোহাঁই
মুক্ত চিন্তা। দ্বাদশ বছৰ। ১ম সংখ্যা
A photograph has to have a heart that beats, a mind that thinks, and an expression that speaks to you.
— Raghu Rai

এখন আলোকচিত্ৰই হাজাৰটা শব্দতকৈও অধিক কথা ক’ব পাৰে। কিন্তু সকলো আলোকচিত্ৰই সেই কথা ক’ব নোৱাৰে। কিছুমান আলোকচিত্ৰই কেৱল দৃশ্যক বন্দী কৰে, আন কিছুমানে সময়ক; আৰু খুব কম সংখ্যক আলোকচিত্ৰই মানুহৰ মুখমণ্ডল, দেহভংগী, নীৰৱতা আৰু চৌপাশৰ বাস্তৱতাৰ মাজেৰে এখন সমগ্ৰ সমাজৰ অন্তৰাত্মাক দৃশ্যমান কৰি তোলে। ৰঘু ৰায়ৰ আলোকচিত্ৰ সেই বিৰল পৰিসৰৰ অন্তৰ্গত।
তেওঁৰ কেমেৰাৰ লেন্সে ভাৰতক কেৱল এখন দেশ হিচাপে দেখা নাছিল—দেখিছিল এক জটিল, বৈপৰীত্যৰে ভৰা, আনন্দ-বিষাদেৰে গঢ়া জীৱন্ত সমাজ হিচাপে। মহানগৰৰ ব্যস্ত পথৰ পৰা গাঁৱৰ নিঃশব্দ জীৱনলৈ, ৰাজনীতিৰ ক্ষমতাৰ কেন্দ্ৰৰ পৰা সাধাৰণ মানুহৰ মুখৰ গভীৰ বিষাদলৈ, উৎসৱৰ উল্লাসৰ পৰা মৃত্যুৰ নিৰ্মম বাস্তৱতালৈ—ৰঘু ৰায়ে ভাৰতীয় জীৱনৰ অসংখ্য মুহূৰ্তক এনে এক দৃষ্টিৰে বন্দী কৰিছিল, য’ত সংবাদৰ তৎকালীনতা অতিক্ৰম কৰি শিল্পৰ স্থায়িত্ব লাভ কৰিছিল।
যোৱা ২৬ এপ্ৰিল ২০২৬ তাৰিখে ভাৰতৰ ফটো সাংবাদিকতাৰ পথিকৃৎ বিশ্বৰ আগশাৰীৰ মেগনাম আলোকচিত্ৰ শিল্পী ৰঘু ৰায় আমাৰ মাজৰ পৰা আঁতৰি গ’ল। ৰঘু ৰায়ৰ মৃত্যু সেয়ে কেৱল এজন আলোকচিত্ৰশিল্পীৰ জীৱনৰ অৱসান নহয়; ই ভাৰতীয় আলোকচিত্ৰৰ এক বিশেষ দৃষ্টিভংগীৰ অন্ত পৰাৰ মুহূৰ্তও। তেওঁৰ ছবিবোৰলৈ উভতি চালে আমি কেৱল অতীতৰ ভাৰতখনক নেদেখোঁ—আমি নিজকে, আমাৰ সমাজখনক আৰু আমাৰ সময়কো নতুনকৈ চাবলৈ বাধ্য হওঁ। এইখিনিতেই ৰঘু ৰায়ৰ আলোকচিত্ৰৰ গভীৰতম শক্তি: তেওঁ কেমেৰাৰে কেৱল ছবি তোলা নাছিল; তেওঁ সময়ক সাক্ষ্য দিবলৈ বাধ্য কৰিছিল।
ৰঘু ৰায় প্ৰথম ভাৰতীয় আলোকচিত্ৰ শিল্পী যি ভাৰতীয় ফটো সাংবাদিকতাক বিশ্বমানৰ এক উচ্চ শিল্পৰ মৰ্যাদালৈ উন্নীত কৰিলে। তেওঁৰ আলোকচিত্ৰৰ মাজেৰে বিশ্ববাসীক ভাৰতখনক ভিতৰৰ পৰা চোৱাৰ এক অনন্য সুযোগ দিয়ে— যি বহু তৰপীয়া গণ সাংস্কৃতিক বৈচিত্ৰ্যৰে ভৰপূৰ এখন ভাৰত, যি অকপট আৰু নিৰ্ভীকভাৱে সত্যনিষ্ঠ। তেওঁৰ অমূল্য সৃষ্টি হৈছে এক চিৰস্থায়ী দৃশ্য-অভিলেখ (Visual Archive), যিয়ে আগন্তুক প্ৰজন্মক মুকলি চকু আৰু মুকলি হৃদয়েৰে মানৱতাক চাবলৈ অনুপ্ৰাণিত কৰি থাকিব।
এই অসাধাৰণ আলোক শিল্প সৃষ্টিৰ খনিকৰ জনেই এখনি ফটোৰ সংজ্ঞা দিবলৈ গৈ কৈছিল –
“এখন আলোকচিত্ৰৰ এনে এখন হৃদয় থাকিব লাগে, যি স্পন্দিত হয়; এনে এটি মন থাকিব লাগে, যি চিন্তা কৰে; আৰু এনে এক অভিব্যক্তি থাকিব লাগে, যি আপোনাৰ সৈতে কথা কয়।”
যেনেদৰে বিশ্বৰ People’s photography ৰ পিতৃ পুৰুষ Henri Cartier-Bresson-এ কৈছিল
এখনি আলোকচিত্ৰ এজন শিল্পীৰ এখন হৃদয়, এটি মন আৰু এটি চকুৰ যুটীয়া কৰ্মকাণ্ডৰ বিশেষ এটি মুহূৰ্তত জন্ম হয়। সেইজন Henri Cartier-Bresson এই এদিন ৰঘু ৰায়ৰ প্ৰতিভা চিনাক্ত কৰি পথপ্ৰদৰ্শৰ ভূমিকা পালন কৰিছিল আৰু তেওঁৰ প্ৰতিভাৰ স্বীকৃতি হিচাবেই ১৯৭৭ চনত ৰঘু ৰায় বিশ্বখ্যাত Magnum Photos সংস্থাত প্ৰথমজন ভাৰতীয় আলোকচিত্ৰশিল্পী হিচাবে মনোনীত হয়।
১৯৪২ চনত বৰ্তমান পাকিস্তানৰ অংশ হিচাপে পৰিগণিত হোৱা ঝাং নামৰ সৰু গাঁওখনত জন্মগ্ৰহণ কৰা ৰায়ে সংগীত শিল্পী হোৱাৰ সপোন দেখি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে চিভিল ইঞ্জিনিয়াত আৰু শেষত সৃষ্টিশীল কৰ্মজীৱনত প্ৰতিষ্ঠা লাভ কৰে আলোকচিত্ৰ শিল্পী হিচাবে। ১৯৬৫ চনত তেওঁৰ ডাঙৰ ভাতৃ বিখ্যাত ভাৰতীয় ফটোগ্ৰাফাৰ এছ পলৰ সান্নিধ্যত আকস্মিকভৱে ফটো শিল্পৰ মাজত সোমাই পৰে। আকস্মিক ভাৱে এদিন ককায়েকে দিয়া কেমেৰাৰে খেল পথাৰৰ এটি গাধ পোৱালিৰ এখন ফটোৰে ৰঘুৰায়ে ফটো শিল্পীৰ জীৱনৰ আৰম্ভণি কৰে। ৰঘু ৰায়ৰ সেই প্ৰথম ফটোখনেই বিখ্যাত বিদেশী বাতৰি কাকতত গুৰুত্ব সহকাৰে প্ৰকাশ পাই। এটি গাধ পোৱালি ,যিয়ে ৰঘু ৰায়ক প্ৰথমবাৰৰ বাবে সচেতন কৰি তুলিছিল যে তেওঁ ফটোগ্ৰাফাৰ হ’ব পাৰে বা সঁচাকৈয়ে ক’বলৈ গ’লে জীৱিকাৰ বাবে ফটোগ্ৰাফী কৰিব পাৰে। ইয়াৰ পাছৰ কিছু সময় ককায়েকৰ লগত ফটো প্ৰশিক্ষণ লৈ ৰায়ে হিন্দুস্তান টাইমছৰ সৈতে ফটো সাংবাদিক হিচাপে কৰ্ম জীৱনৰ আৰম্ভণি কৰে- কিংবদন্তি ফটো গ্ৰাফাৰ কিশোৰ পাৰেখৰ সহায়ক হিচাবে। সেইসময়ত তেওঁ সম্পূৰ্ণ প্ৰফেচনেল ফটোগ্ৰাফাৰ হৈ উঠা নাছিল। তাৰ কেইমাহমানৰ পাছত তেওঁ ৰাজিন্দৰ পুৰীৰ সম্পাদনাত প্ৰকাশিত “লোক” নামৰ আন এটা অল্পকালীন কাকত গোষ্ঠীলৈ গুচি যায়। ১৯৬৬ চনত ৰঘু ৰায় দ্য ষ্টেটছমেনৰ কাকতৰ যোগেদি প্ৰথম পেছাগত ৰূপত ফটো সাংবাদিকতাৰ জীৱন আৰম্ভ কৰি পৰবৰ্তী পৰ্যায়ত কলিকতাৰ পৰা প্ৰকাশ পোৱা চানডে, ইণ্ডিয়া টুডে আলোচনীৰ যোগেদি ফটো সাংবাদিকতাৰ জগতখনত গুৰুত্বপূৰ্ণ অৱদান দিয়ে।তাৰ পাছৰ পৰ্যায়ত তেওঁ টেলিগ্ৰাফ কাকতৰ ফটোগ্ৰাফাৰ হিচাবেও বহু বছৰ কাম কৰে। ইণ্ডিয়া টুডেৰ মুখ্য সম্পাদক অৰুণ পুৰীয়ে ৰঘু ৰায়ক সুঁৱৰি কৈছে –
“ Besides being a master of his craft, he was a wonderful human being…..A man’s legacy is not only his art but how many lives he touched and how he changed the way people Saw the world. And he did that in spades.
The world has lost a genius.”
১৯৭৬ চনত তেওঁ দ্য ষ্টেটছমেন কাকতখন এৰি ফ্ৰীলান্স ফটোগ্ৰাফাৰ হিচাবে কিছুদিন অতিবাহিত কৰিছিল। সেই সময়ৰ ফটোসমূহত তেওঁৰ বিভিন্ন বিচিত্ৰ ফটো composition বিষয়ক পৰীক্ষা নিৰীক্ষাৰ উমান পোৱা যায়। ১৯৯০ চনৰ পৰা ১৯৯৭ চনলৈকে তেওঁ ৱৰ্ল্ড প্ৰেছ ফটোৰ জুৰীৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৭২ চনৰ বাংলাদেশ শৰণাৰ্থী সংকট , ১৯৮৪ চনৰ ভূপাল গেছ ট্ৰেজেডী আদিৰ ৰঘু ৰায়ৰ ফটোবোৰ ভাৰতীয় আধুনিক ইতিহাসৰ ট্ৰেজিক পৰিঘটনাৰ জীৱন্ত দলিল ।
তেওঁৰ ৰচিত সেই ফটো গ্ৰন্থসমূহ অত্যন্ত তাৎপৰ্যপূৰ্ণ কলাত্মক দলিল। তেওঁৰ বিশেষভাৱে উল্লেখযোগ্য তেনে কেইখনমান ফটো গ্ৰন্থ হৈছে-
My Land and Its People, Man, Metal and Steel, Bhopal_Gas_Tragedy,Mumbai, Bangladesh- the -price of freedom, Kolkata, India’s Great Masters – A photographic Journey into the heart of Classical music.বিশেষকৈ Raghu Rai’s India: Reflections in Colour and Reflections in Black and White.


সাধাৰণতে ফটো সাংবাদিকসকলৰ দুটা বেলেগ বেলেগ কামৰ পদ্ধতি থাকে; এটাত মূলতঃ কাহিনী বা ঘটনা জড়িত থাকে তাৰ সাপেক্ষে উপযুক্ত ফটো। আনটো পদ্ধতি হৈছে – এটা কাণ্ড, এটা পৰিঘটনাৰ প্ৰতি দৃষ্টি আৰু তাৰ লগত জড়িত এক বিশেষ মুহূৰ্ত যাক Henri Cartier-Bresson এ ‘নিৰ্ণায়ক মুহূৰ্ত’ (The Decisive Moment) বুলি অভিহিত কৰিছে। সেই মুহূৰ্তটো ধৰি ৰখাৰ জৰিয়তে তেওঁলোকে ইয়াৰ চাৰিওফালৰ এটা কাহিনী গঢ়ি তুলিব খোজে। ৰঘু ৰায়ে পিছৰ পদ্ধতিটো পছন্দ কৰে আনহাতে সমসাময়িক বহু ফটোগ্ৰাফাৰে পূৰ্বৰ পদ্ধতিটো পছন্দ কৰে।
যোৱা দশকবোৰত ৰঘু ৰায়ে সৃষ্টি কৰা আইকনিক ছবিবোৰ সংজ্ঞায়িত প্ৰতিচ্ছবি বা ছবিলৈ পৰিণত হৈছে যাৰ জৰিয়তে আমি সেইবোৰৰ সৈতে জড়িত কাণ্ডবোৰ বুজি পাওঁ। ইয়াৰ উত্তম উদাহৰণ হ’ল ভোপাল গেছ ট্ৰেজেডীৰ সময়ত মাটিত ডুব যোৱা মৃত শিশুৰ পুতলাৰ দৰে মুখ।
আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় সংস্থাসমূহে প্ৰকাশ কৰা এই ছবিখনেই হৈ পৰিল ভূপাল গেছ ট্ৰেজেডীৰ সংজ্ঞায়িত ছবি।

ছবিয়ে বহু কথা ক’ব পাৰে আৰু ৰঘু ৰায়ৰ ছবিবোৰ সীমাহীন পুথিভঁৰালৰ দৰে। অৱশ্যে এই কথা কব লাগিব যে ৰঘু ৰাইৰ দৃষ্টি ভাৰতকেন্দ্ৰিক, হৈও বিশ্বজনীন।
ৰঘু ৰায়ে ক্ষণিক মুহূৰ্তৰ স্বাভাৱিক সৌন্দৰ্য আৰু জীৱনস্পন্দন ধৰি ৰাখে; যত সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ্য অধিক স্পষ্ট। এক প্ৰকাৰ কবলৈ গলে ৰঘু ৰায় ভাৰতৰ আত্মা আৰু দৈনন্দিন জনজীৱনৰ কবি। ৰঘু ৰায় ভাৰতৰ এনে এজন আলোকচিত্ৰশিল্পী যাৰ কেমেৰাই এটা জাতিৰ আত্মা, বৈচিত্ৰ্য, সৌন্দৰ্য, সংগ্ৰাম আৰু অদম্য জীৱনশক্তিক অসাধাৰণ সংবেদনশীলতা আৰু শিল্পসুলভ দৃষ্টিভংগীৰে ধৰি ৰাখিছে। ভাৰতৰ জনজীৱনৰ বিভিন্ন প্ৰান্তৰ তেওঁৰ আলোকচিত্ৰসমূহ কেৱল কিছুমান মুহূৰ্তৰ নথি নহয়; সেইবোৰ হৈছে সময়ক অতিক্ৰম কৰা জীৱন্ত কাহিনী, যিবোৰে মানৱতা, সহমৰ্মিতা আৰু সত্যৰ গভীৰ চেতনা উন্মোচন কৰে। দশকজুৰি তেওঁৰ সৃষ্টিয়ে বিশ্বজুৰি অগণন আলোকচিত্ৰশিল্পী আৰু শিল্পপ্ৰেমীক অনুপ্ৰাণিত কৰি আহিছে আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবেও ভাৰতৰ জীৱন্ত ইতিহাস সংৰক্ষণ কৰিছে। ৰঘু ৰায়ৰ অনন্য অৱদানে আমাক সোঁৱৰাই দিয়ে যে আলোকচিত্ৰ কেৱল দৃশ্য ধৰি ৰখাৰ শিল্প নহয়, ই মানৱ আত্মাক অনুভৱ আৰু বুজি পোৱাৰ এক গভীৰ মাধ্যম।
ৰঘু ৰায়ৰ আলোকচিত্ৰ শিল্প : এটি টোকা
“To me the camera is an instrument of learning… it’s a learning of the self and the world.” — Raghu Rai
আলোকচিত্ৰ শিল্প বা ফটোগ্ৰাফী কেৱল বাস্তৱৰ প্ৰতিলিপি নহয়, বাস্তৱক চোৱাৰ এক পদ্ধতি ।
এই শিল্পৰ ক্ষেত্ৰত সাধাৰণ ভুল ধাৰণাটো হ’ল – কেমেৰাই যি দেখে, ফটোগ্ৰাফাৰেও সেইটোৱেই দেখুৱায়। যেন ফটোগ্ৰাফ এখন বাস্তৱৰ নিৰপেক্ষ প্ৰতিলিপি।
ৰঘু ৰায়ৰ শিল্প কৰ্মই এই ধাৰণাটোক গভীৰভাৱে প্ৰশ্ন কৰে।
কেমেৰাই অসংখ্য দৃশ্যৰ মাজৰ পৰা এটা মুহূৰ্ত বাছি লয়। আলোকচিত্ৰ শিল্পীজনে নিৰ্ধাৰণ কৰে – ক’ত থিয় হ’ব, কেতিয়া shutter টিপিব, কি ফ্ৰেমৰ ভিতৰত থাকিব আৰু কি ফ্ৰেমৰ বাহিৰত থাকিব। সেয়ে এখন ফটোগ্ৰাফ কেতিয়াও কেৱল ‘বাস্তৱ’ নহয়; ই বাস্তৱৰ এটা নিৰ্বাচিত দৃষ্টিভংগী। এইটোৱেই ৰঘু ৰায়ৰ শিল্পৰ শক্তি।

তেওঁৰ ছবিত দেখা যায়—একেটা মুহূৰ্তৰ ভিতৰতে কিমানবোৰ অৰ্থ একেলগে বাস কৰিব পাৰে। মানুহ, স্থাপত্য, ছাঁ, পোহৰ, গতি, নীৰৱতা, ধৰ্ম, দৰিদ্ৰতা, ক্ষমতা—সকলোৱে একেখন ফ্ৰেমৰ ভিতৰত পৰস্পৰৰ সৈতে কথা পাতে।
বিশ্বৰ বহু কিংবদন্তি আলোকচিত্ৰ শিল্পীৰ দৰে ৰঘু ৰায়েও ভাৰতৰ বহুস্তৰীয় বাস্তৱতাৰ কথা কৈছিল। তেওঁৰ মতে ভাৰতৰ দৰে বহু ধৰ্ম, বহু সংস্কৃতি আৰু বহু ঐতিহাসিক স্তৰ একেলগে বাস কৰা সমাজক এটা মাত্ৰ ‘moment’ৰে ধৰা সম্ভৱ নহয়। সেই কাৰণেই তেওঁ panoramic camera-ৰ প্ৰতিও আগ্ৰহী হৈছিল। অৰ্থাৎ তেওঁৰ বাবে এখন ফটোৰ ফ্ৰেমটো সীমা নহয়, এক সামাজিক space।
Henri Cartier-Bresson-ৰ ‘decisive
moment’ আধুনিক photojournalism-ৰ এক বিখ্যাত ধাৰণা। সঠিক মুহূৰ্তত shutter টিপি এনে এক দৃশ্য ধৰা, যিটো মুহূৰ্তৰ আগ-পিছৰ সকলো অৰ্থক যেন একেলগে প্ৰকাশ কৰে।
ৰঘু ৰায় Cartier-Bresson-ৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। কিন্তু ভাৰতীয় বাস্তৱতাক তেওঁ নিজৰ ধৰণেৰে পুনৰ ব্যাখ্যা কৰিছিল।
তেওঁৰ বহু ছবিত এটা ‘decisive moment’ৰ পৰিৱৰ্তে যেন multiple moments একেলগে উপস্থিত থাকে।
এইখিনিতে panoramic format-ৰ তেওঁৰ ব্যৱহাৰ বিশেষ তাৎপৰ্যপূৰ্ণ। ৰঘু ৰায়ৰ “কলকাতা”,“মুম্বাই” আদি ফটো এলবামবোৰত এই panoramic format দেখা যায়।সাধাৰণতে panorama ব্যৱহাৰ কৰা হয় landscape বহলকৈ দেখুৱাবলৈ। কিন্তু ৰঘু ৰায়ে ইয়াক মানুহ আৰু দৈনন্দিন জীৱনৰ street photography-ত ব্যৱহাৰ কৰি ফ্ৰেমৰ ভিতৰত অধিক সামাজিক সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁৰ ছবিৰ এই বৈশিষ্ট্যক সমসাময়িক বিশ্লেষণত ‘never exclude’—অৰ্থাৎ দৃশ্যৰ কোনো অংশক সহজে বাদ নিদিয়া—মনোভাৱৰ সৈতে সম্পৰ্কিত কৰা হৈছে।

এইখিনিতেই তেওঁৰ ফটোগ্ৰাফ একধৰণৰ গণতান্ত্ৰিক space হৈ পৰে আৰু কিছু কিছু ক্ষেত্ৰত এখন ষ্টীল ফটোৱে গতি লাভ কৰে।
এজন ৰজা আৰু এজন সাধাৰণ মানুহ একেখন ছবিত থাকিব পাৰে। এজন সাধুৰ কাষতে থাকিব পাৰে এজন পথচাৰী। ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ মাজতে সোমাই থাকিব পাৰে দৰিদ্ৰতা। মহানগৰৰ আধুনিকতাৰ কাষতে থাকিব পাৰে ইতিহাসৰ ধ্বংসাৱশেষ।
ফ্ৰেমে তেতিয়া কেৱল দৃশ্য নেদেখুৱায়; সমাজৰ ক্ষমতাৰ সম্পৰ্কও দৃশ্যমান কৰে।
ৰঘু ৰায়ৰ ফটো compositionবোৰৰ মানৱীয় বৈশিষ্ট্যসমূহৰ এটা হ’ল—তেওঁ সাধাৰণ মানুহক কেতিয়াও কেৱল background হিচাপে ব্যৱহাৰ কৰা নাছিল।
এজন শ্ৰমিক, এজন ভিক্ষাৰী, এজন পথচাৰী, এজন শৰণাৰ্থী, এজন বৃদ্ধ, এটি শিশু-তেওঁলোকৰ জীৱন তেওঁৰ ছবিত ইতিহাসৰ কেন্দ্ৰলৈ আহে।
ইয়াৰ সামাজিক আৰু ৰাজনৈতিক তাৎপৰ্য গভীৰ।
সাধাৰণতে ইতিহাস লিখোঁতে ৰজা, ৰাষ্ট্ৰনেতা, যুদ্ধ, চৰকাৰ, বিপ্লৱ আৰু ক্ষমতাশালী ব্যক্তিক কেন্দ্ৰত ৰখা হয়। কিন্তু ৰঘু ৰায়ৰ কেমেৰাই প্ৰশ্ন কৰে—ইতিহাস আচলতে কাৰ?
যদি এখন দেশৰ ইতিহাস কেৱল প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু যুদ্ধৰ ইতিহাস নহয়, বৰং সেই দেশৰ ৰাস্তাত খোজকঢ়া মানুহজনৰো ইতিহাস হয়, তেন্তে ৰঘু ৰায়ৰ ফটোগ্ৰাফ একধৰণৰ people’s archive।



এই কাৰণেই তেওঁৰ ইন্দিৰা গান্ধীৰ পৰ্ত্ৰেট (portrait) আৰু এজন অজ্ঞাত মানুহৰ পৰ্ত্ৰেট (portrait)-ৰ মাজত এক গভীৰ নৈতিক সংযোগ আছে। দুয়োকে তেওঁ মানুহ হিচাপে চাবলৈ চেষ্টা কৰিছে।
ৰঘু ৰায়ৰ ইন্দিৰা গান্ধী, মাদাৰ টেৰেছা,দালাই লামা, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী আদিৰ ছবিবোৰ documentary portraiture-ৰ এক গুৰুত্বপূৰ্ণ অধ্যায়।



এগৰাকী প্ৰধানমন্ত্ৰীক ফটোগ্ৰাফ কৰাটো কেৱল তেওঁৰ official পৰ্ত্রেট লোৱা নহয়। ৰাজনৈতিক ক্ষমতাই মানুহৰ শৰীৰৰ ভাষা কেনেকৈ সলনি কৰে—সেইটোও পৰ্ত্রেট-ৰ বিষয়।
ৰায়ে ইন্দিৰা গান্ধীক কেৱল ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে দেখুওৱা নাই । তেওঁৰ body language, মুখৰ অভিব্যক্তি, হাতৰ ভংগী, সাজ পোছাক , চকুৰ দৃষ্টি—এই ক্ষুদ্ৰ সংকেতবোৰৰ মাজেৰে তেওঁ ক্ষমতা আৰু মানুহজনীৰ মাজৰ tension-টো ধৰিবলৈ চেষ্টা কৰিছে।
ৰায়ে এটা সাক্ষাৎকাৰত কৈছে যে ইন্দিৰা গান্ধীৰ দীঘলীয়া ৰাজনৈতিক যাত্ৰাৰ মাজেৰে তেওঁ যেন এগৰাকী শক্তিশালী ব্যক্তিত্বৰ বিভিন্ন স্তৰক ধৰি ৰাখিব বিচাৰিছিল।
মাদাৰ টেৰেছা-ৰ ক্ষেত্ৰতো এগৰাকী বিশ্ববিখ্যাত ধৰ্মীয়-মানৱীয় ব্যক্তিত্বক ফটোগ্ৰাফ কৰোঁতে তেওঁক সহজেই ‘icon’লৈ ৰূপান্তৰিত কৰিব পাৰি। কিন্তু ৰঘু ৰায়ৰ ছবিত মাদাৰ টেৰেছা-ৰ মহত্ত্ব কেৱল ধৰ্মীয় প্ৰতীকৰ পৰা নাহে; আহে তেওঁৰ শৰীৰ, মুখ, হাত, দৃষ্টি আৰু আন মানুহৰ সৈতে থকা সম্পৰ্কৰ পৰা।
এজন ফটোগ্ৰাফাৰে-এ ফটো বিষয়ৰ ওপৰত নিজৰ অৰ্থ জাপি দিব পাৰে। অথবা বিষয়ৰ ভিতৰত থকা এটা অদৃশ্য সত্যক প্ৰকাশ পাবলৈ সুযোগ দিব পাৰে।
ৰঘু ৰায়ৰ সৰ্বশ্ৰেষ্ঠ পৰ্ত্ৰেটবোৰ দ্বিতীয়টো প্ৰচেষ্টাৰ ওচৰ চাপি যায়।
ৰঘু ৰায়ৰ আলোকচিত্ৰ জগত বিখ্যাত হোৱাৰ লগত ভূপাল গেছ দুৰ্ঘটনাৰ ফটোসমূহৰ তাৎপৰ্য বিশেষভাৱে উল্লেখযোগ্য।
১৯৮৪ চনৰ ভূপাল গেছ দুৰ্ঘটনা ভাৰতীয় শিল্পায়ন, পুঁজিবাদ, corporate negligence আৰু ৰাষ্ট্ৰৰ জবাবদিহিতাৰ এক ভয়ংকৰ অধ্যায়। সেই বিপৰ্যয়ত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল আৰু ইয়াৰ প্ৰভাৱ বহু বছৰ ধৰি চলি আছিল। ৰঘু ৰায়ৰ আলোকচিত্ৰ সেই দুৰ্যোগৰ বিশ্বব্যাপী visual memory-ৰ এক অন্যতম শক্তিশালী অংশ হৈ পৰে।
ৰঘু ৰায়ৰ ভূপালৰ ছবিৰ শক্তি কেৱল ‘ভয়ংকৰ দৃশ্য’ দেখুওৱাত নহয়।তেওঁ mass tragedy-ৰ মাজৰ পৰা এজন অজ্ঞাত শিশুৰ শৰীৰক কেন্দ্ৰলৈ আনিলে।
ফটো -১ ভূপাল গেছ ট্ৰেজেডী
এটি মৃত শিশুৰ মুখ, মাটি, ধ্বংসাৱশেষ, হাত—এই ক্ষুদ্ৰ মানৱীয় detail ফটোগ্ৰাফখনে হঠাৎ এই সমগ্ৰ উদ্যোগিক ধ্বংসলীলাৰক যেন ব্যক্তিগত অনুভৱ আৰু উপলব্ধিৰ ইনডেক্স কৰি তোলে।ফটোগ্ৰাফীৰ এই দৃষ্টিকোণে যেনেকৈ এক বিশাল ধ্বংসলীলাক ব্যক্তিৰ মানৱীয় অনুভৱলৈ সংকুচিত কৰি অধিক শক্তিশালী ৰূপত ঘনীভূত কৰি পেলাইছে ,সিমানেই যেন এই বৃহৎ বিপৰ্যয়ৰ হাজাৰ মানুহৰ মৃত্যুৰ কথাটো যে কোনোবাখিনিত ঢাক খাই পৰিছে। ৰঘু ৰায়ৰ বাবে যেন এই ঘটনাৰ ২৫,০০০ মানুহৰ মৃত্যু’ এটা সংখ্যা। কিন্তু মাটিৰ তলত আধা-পোতা শিশুৰ মুখ এখন মৃত্যুৰ গভীৰ অনুভৱ। ৰঘু ৰায়ৰ এই ফটোখনৰ সূক্ষ্ম detail-এ যেন সমগ্ৰ ঘটনাটোৰ তাৎপৰ্যক এটা বিন্দুত ফ’কাচ কৰি বুজাবলৈ যত্ন কৰিছে।ৰঘু ৰায়ৰ ভূপাল আলোকচিত্ৰৰ বিশেষত্ব এইখিনিতেই যে -তেওঁ ধ্বংসলীলাক চাঞ্চল্যকৰ দৃশ্যক ধৰি ৰখাৰ পৰিৱৰ্তে মানৱীয় detail-ত মনোনিৱেশ কৰিছে।
ৰঘু ৰায়ৰ ছবিৰ আন এটা বৈশিষ্ট্য হৈছে তেওঁৰ ছবিত সৌন্দৰ্য আৰু নিষ্ঠুৰতা প্ৰায়ে একেলগে থাকে।
এফালে আছে গংগাৰ ঘাট, ধৰ্মীয় অনুষ্ঠান, নৃত্য, সংগীত, পৰ্ত্ৰেট,পোহৰ আৰু মানুহৰ জীৱনৰ কবিতা।আনফালে আছে দৰিদ্ৰতা, মৃত্যু, ধ্বংস আৰু সামাজিক অসমতা।
তেওঁ এই দুয়োটাক পৃথক পৃথক জগত হিচাপে নেদেখে। এই ক্ষেত্ৰত তেওঁৰ বক্তব্য ভাৰতৰ সৌন্দৰ্যৰ ভিতৰতে দুখ আছে, আৰু দুখৰ মাজতো সৌন্দৰ্যৰ ক্ষীণ উপস্থিতি থাকে।
এই দ্বৈততা তেওঁৰ ফটোগ্ৰাফীৰ নান্দনিক দৰ্শনৰ কেন্দ্ৰীয় বিষয়। যিটো কোনো দৰ্শকৰ বাবে অস্বস্তিৰ কাৰণো হৈ উঠিব পাৰে।
ৰঘু ৰায়ৰ সংগীতৰ প্ৰতি গভীৰ অনুৰাগ তেওঁৰ ফটোগ্ৰাফীতো প্ৰতিফলিত হৈছিল।
বিশেষকৈ ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পীৰ পৰ্ত্ৰেটত তেওঁ কেৱল সংগীত শিল্পীৰ মুখৰ ফটোগ্ৰাফ কৰা নাই; তেওঁ যেন সংগীতৰ অদৃশ্য গতিৰো ফটো লবলৈ চেষ্টা কৰিছে। বিছমিল্লা খাঁ, জাকিৰ হুছেইন, আল্লা ৰাখা, ভীমসেন যোশী,আদিৰ পৰ্ত্ৰেটত মুখৰ অভিব্যক্তি,হাতৰ প্ৰকাশ ভংগী আৰু চৌপাশৰ পৰিৱেশ—সকলো মিলি যেন এটা দৃশ্যমান ৰাগ (visual raga )ৰ সৃষ্টি কৰে। এনেতে মনলৈ এটি প্ৰশ্ন আহে –
শুনিব পৰা সংগীতক দেখা পাব পাৰিনে?
ৰঘু ৰায়ৰ ফটোৱে যেন তাৰ উত্তৰ দিয়ে –
হয় পাৰি,যদি ফটোগ্ৰাফাৰে সংগীতৰ শব্দৰ ভিতৰৰ গতিক-চাব পাৰে। ৰঘু ৰায়ৰ এই ফটোসমূহত তাৰ উজ্বল উদাহৰণ।
ৰঘু ৰায়ৰ সমগ্ৰ ফটোগ্ৰাফীৰ পৰা বাৰে বাৰে মনলৈ অহা কথাটো হৈছে তেওঁৰ সমগ্ৰ শিল্প সত্তাৰ কেন্দ্ৰত আছে “মানুহ” ।
ইন্দিৰা গান্ধী হওক, মাদাৰ টেৰেছা হওক, দালাই লামা হওক, সংগীত শিল্পী হওক, শ্ৰমিক হওক, বিদেশী প্ৰব্ৰজনকাৰী হওক বা পথৰ অচিনাকি মানুহ—তেওঁলোকৰ সামাজিক পৰিচয় পৃথক, কিন্তু ৰঘু ৰায়ৰ কেমেৰাৰ সন্মুখত তেওঁলোকৰ এক গভীৰ মানৱীয় উপস্থিতি সদায় বিদ্যমান।
ৰঘু ৰায়ৰ পৰ্ত্ৰেটে এইদৰে নকয় –
“চাওক, এই মানুহজন।”
বৰং এইদৰেহে কয়
“এই মানুহজনৰ ভিতৰলৈ চাওক।”
এই ‘ভিতৰলৈ চোৱা’টোৱেই তেওঁৰ পৰ্ত্রেটৰ নৈতিক শক্তি।
সামৰণি :
ৰঘু ৰায়ৰ কেমেৰা এতিয়া নিশ্চুপ।
কিন্তু তেওঁৰ ফটোগ্ৰাফ-সমূহ নিশ্চুপ নহয়।
এজন মৃত শিশুৰ চকুত, এজন শ্ৰমিকৰ ক্লান্ত শৰীৰত, এজন বৃদ্ধৰ মুখৰ ভাঁজত, এগৰাকী নেত্ৰীৰ body language-ত, এজন সংগীতজ্ঞৰ বন্ধ চকুত, কলকাতাৰ ৰাস্তাৰ ভিৰত, ভূপালৰ ধ্বংসাৱশেষত—তেওঁ এতিয়াও আমাক চাই আছে। ৰঘু ৰায় নাথাকিলেও তেওঁৰ ফটোসমূহে দৰ্শকক সদায় চাই থাকিব।
সেই কাৰণেই ৰঘু ৰায়ৰ উত্তৰাধিকাৰ কেৱল তেওঁ তোলা হাজাৰ হাজাৰ ফটোগ্ৰাফ নহয়। তেওঁৰ আটাইতকৈ ডাঙৰ উত্তৰাধিকাৰ হ’ল এটা দৃষ্টি—এনে এটা দৃষ্টি যিয়ে ভাৰতীয় বাস্তৱতাৰ একেলগে সুন্দৰ আৰু নিষ্ঠুৰ, পবিত্ৰ আৰু মলিন, ব্যক্তিগত আৰু ঐতিহাসিক, সংস্কৃতি আৰু সমাজ, ক্ষণস্থায়ী আৰু চিৰস্থায়ী আদি ধাৰণাবোৰ এক নতুন দৃষ্টিৰে চাবলৈ শিকালে।
তেওঁ কেমেৰাৰে সময়ক বন্দী কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু শেষত সময়ক বন্দী কৰাতকৈও ডাঙৰ কিবা এটা তেওঁ কৰি গ’ল—
তেওঁ আমাক সময়ৰ সাক্ষী কৰি গ’ল।
আমাৰ দায়িত্ব কেৱল তেওঁৰ ছবিবোৰ চাই থকা নহয়; তেওঁৰ দৰে চাবলৈ শিকা।
তথ্য সূত্ৰ :
1. Raghu Rai: Recording a nation’s life. By PRATHYUSH PARASURAMAN
2. Remembering Raghu Rai: The photographer who showed India to itself By. Abhishek Dey
3. The Raghu Rai I Knew By Shome Basu
4. India Today , The Defining eye.
5. At home in the world: Remembering Raghu Rai (1942-2026) by Rahaab Allana
6. Ways of seeing by John Berger.
7. On photography by Susan Sontag
8 . Wikipedia
9. YouTube

