কেন্দ্ৰীয় নিবন্ধ

প্রতিবাদ সঙ্গীত: বিশ্ব সঙ্গীত ছেমিনাৰৰ কথা ।। ড০ ভূপেন হাজৰিকা

মুক্ত চিন্তা। দ্বাদশ বছৰ। ১ম সংখ্যা

(‘আমাৰ প্ৰতিনিধি’ আলোচনীত ‘প্ৰতিবাদ সঙ্গীত: বিশ্ব সঙ্গীত ছেমিনাৰৰ কথা’ শীৰ্ষক সম্পাদকীয় লেখাটো ড° ভূপেন হাজৰিকাৰ সংগীত-চিন্তাৰ এক গুৰুত্বপূৰ্ণ দলিল। ভূপেন হাজৰিকাই বিশ্ব সংগীত ছেমিনাৰ এখনত অংশ লৈ তাৰ অভিজ্ঞতাৰ ভিত্তিত কিছু গুৰুত্বপূৰ্ণ কথা পাঠকৰ সন্মুখত তুলি ধৰিছে। ভূপেন হাজৰিকাৰ গীত, চিনেমা, বক্তৃতা আদিৰ লগতে তেখেতৰ এই লিখিত গদ্যও সামগ্ৰিক ভূপেন হাজৰিকাজনক বুজাৰ বাবে অত্যন্ত জৰুৰী। ভূপেন হাজৰিকাৰ গানৰ অন্তৰালত থকা সমাজ-চিন্তা আৰু শিল্পীজনৰ সংগীত-দৰ্শনক শুদ্ধভাৱে বুজিবলৈ এই লেখাসমূহে আমাক প্ৰভূত সহায় কৰে।

লেখাটো লিখাৰ সময় আৰু আজিৰ সময়ৰ মাজত বহু বছৰ পাৰ হৈ গৈছে। কিন্তু যুদ্ধ, শোষণ, বৈষম্য, অন্যায় আৰু মানুহৰ অধিকাৰৰ প্ৰশ্নবোৰ আজিও আমাৰ সমাজৰ পৰা আঁতৰি যোৱা নাই। সেইবাবেই প্ৰতিবাদী সংগীতৰ প্ৰয়োজন আৰু প্ৰাসংগিকতাও শেষ হোৱা নাই। বৰং নতুন সময়ত প্ৰতিবাদী সংগীতৰ অৰ্থ আৰু পৰিসৰক নতুনকৈ ভাবি চোৱাৰ প্ৰয়োজন হৈছে।

ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ‘মুক্ত চিন্তা’ৰ এই বিশেষ সংখ্যাত লেখাটো পুনৰ প্ৰকাশ কৰা হ’ল। ভূপেন হাজৰিকাৰ সংগীত দৰ্শনৰ বহল পৰিসৰ আৰু অভিজ্ঞতাক ই নেটিজেনসকলৰ সৈতে নতুনকৈ চিনাকি কৰি দিব বুলি আমি আশাবাদী। — সম্পাদকমণ্ডলী, মুক্ত চিন্তা।)

আমাৰ দেশৰ গীত ৰচোঁতাসকলৰ মনৰ মাজত এটা প্রশ্ন জাগে। পুঁজিবাদী দেশসমূহত আমি সামাজিক, অর্থনৈতিক, সাংস্কৃতিক শোষণৰ বিৰুদ্ধে গীত লিখিব লাগে। নির্ভীকভাৱে লিখোঁ। কিছুৱে তাত ৰাজনীতিৰ গোন্ধ পায়। (এই লেখকে ‘দোলা’, ‘সাগৰ সঙ্গম’ এইবোৰ লিখোঁতে এসময়ত অসমৰ সাংবাদিকে ‘অবাঞ্ছিত ঘ্রাণ’ পাইছিল!) যাহওক, পুঁজিবাদী সমাজত ‘প্রটেষ্ট ছং’ বাৰু থাকিবই। কিন্তু এইবাৰ যোৱা ফেব্ৰুৱাৰীত (১৯৭২-ৰ) একুৰি তিনিখন দেশৰ (সমাজবাদী আৰু অ-সমাজবাদী) সমাজসচেতন গীতিকাৰে সক্রিয়ভাৱে অংশ গ্রহণ কৰা বিশ্ব-গীতিসাহিত্য ছেমিনাৰত (য’ত এই লেখকে ভাৰতক প্রতিনিধিত্ব কৰিছিল) ফিডেল কাষ্ট্ৰোৰ বিপ্লৱী কিউবাৰ বিপ্লৱী গীতিকাৰ ছিলভিয়োৰ মুখত এটা অর্থপূর্ণ প্রশ্ন শুনিলোঁ। তেওঁ ডেকা ফিল্মমেকাৰ আৰু গীতিকাৰ। “গণতান্ত্রিক জার্মেনীৰ কোনো কোনো দলে দেখোন সমাজবাদী সমাজত থাকিও প্রটেষ্ট ছং গায়।” ছিলভিয়োই সুধিলে, “সমাজবাদী সমাজত আকৌ প্ৰটেষ্ট কিহৰ?” সমগ্র ছেমিনাৰত এটা গুৰুত্বপূৰ্ণ পৰিৱেশ আহি পৰিল। আমেৰিকাৰ বিখ্যাত প্রগতিবাদী গায়িকা বাৰবাৰা ডেনেও স্বাভাবিকতে একে প্রশ্নকে সুধিলে। এই লেখকে তেতিয়া প্রশ্ন কৰিছিল, সমাজবাদী দেশসমূহতে নিশ্চয় চিন্তাধাৰাৰ সংঘাত আৰু সংগ্রাম চলি থাকিব পাৰে, সমাজবাদ গঢ়াৰ বাটত। গতিকে, সমাজবাদী দেশতো নিশ্চয় প্রটেষ্ট ছং থাকিবও পাৰে। এই বিষয়ে এই বিশ্ব “ছেমিনাৰত ‘উপস্থিত থকা সমাজবাদী আৰু অ-সমাজবাদী দেশৰ গীতিকাৰসকলে কি ভাবে? আমি এই প্রশ্ন কৰি বৰলৰ বাঁহত জুই লগোৱাৰ দৰে কৰিলোঁ! আলোচনা তপত হ’ল। উত্তৰ ভিয়েটনামৰ জনৈক সদস্যই ক’লে, “সমাজবাদ গঢ়াৰ সময়ত সমাজবাদৰ বিৰোধিতা কৰা লোকো সেই দেশৰ ভিতৰতে থাকিব পাৰে। গতিকে, সমাজবাদী দেশতো সেইসমূহ ধ্বংসাত্মক শক্তিৰ বিৰুদ্ধে প্রতিবাদ গীত বা প্রটেষ্ট ছং ৰচনা হ’বই।” মোৰ মতৰ সমর্থক পালোঁ। ডেনমার্ক, নৰৱে, পশ্চিম জার্মানী, ফিনলেণ্ড আদি অ-সমাজবাদী দেশৰ সদস্যসকলে এজন এজনকৈ ক’লে যে “সমাজবাদী সঙ্গীত মানেই খঙাল গীত নেকি? প্রেম, ভালপোৱা, প্রাকৃতিক সৌন্দৰ্য্য আদিৰ বিষয়ে গীত লিখিলেই বুৰ্জোৱা সঙ্গীত হৈ যায় নেকি?” সমাজবাদী হাঙ্গেৰীৰ ‘অৰফিউচ’ৰ সদস্যাগৰাকীয়ে ক’লে, “আমি সমাজবাদী দেশত থাকিও ভাবোঁ যে পৱিত্ৰ প্ৰেমৰ সঙ্গীতৰো (য’ত পলায়নবাদিতা নাই) স্থান আছে সমাজবাদী দেশত। অকল এষ্টাব্লিশ্বমেণ্টৰ বিৰোধিতা কৰা শুকান শুকান শ্লোগান থকা গানেই ‘গান’ নহ’বও পাৰে।” আমেৰিকাৰ বাৰবাৰা ডেনে ক’লে,, “আমেৰিকাত আমি নিক্সনৰ বিৰুদ্ধে, বর্ণবৈষম্যৰ বিৰুদ্ধে গীত লিখো, ভিয়েটানামত শান্তিৰ বিষয়ে গীতো লিখোঁ, ই আমাৰ দৈনন্দিন ঘটনা। কিন্তু সমাজবাদী দেশত ‘প্রটেষ্ট ছং’ মই বুজা নাই। কাৰ ‘বিৰুদ্ধে’ আপোনালোকে গীত লিখে? চৰকাৰ দেখোন জনগণৰেই – অর্থাৎ আপোনালোকৰেই।”

তেতিয়া সেই ছেমিনাৰৰ সভাপতিয়ে (তেওঁ গণতান্ত্রিক জার্মেনীৰ সাংস্কৃতিক মন্ত্ৰীদপ্তৰৰ উপমন্ত্রী) ক’লে, “সমাজবাদ গঢ়োঁতে বহুতকে প্রথমে সমাজবাদৰ মহিমা বুজাই ল’ব লাগে। বহুতৰ মনত, পুঁজিপতি সমাজৰ পুৰণি চিন্তাধাৰা বা মূল্যবোধবোৰ দ-কৈ শিপাই থাকে। তাক নোহোৱা কৰিবলৈকো শিল্পীসকলে গীত লিখিবলগীয়া হয়। ‘সমাজবাদ গঢ়োঁতে মাজতে আকৌ সেই চিন্তাধাৰাক বাধা দিবলৈ তলে তলে কিছুৱে ষড়যন্ত্ৰ কৰে সেইবোৰৰ বিৰুদ্ধেও ‘প্রটেষ্ট ছং’ লিখিবলগীয়া হয়। ইয়াত আচৰিত হ’বলগীয়া একো নাই।” তেতিয়া হাঁহি হাঁহি প্রথম প্রশ্নকর্তা, কিউবাৰ গীতিকাৰ ছিলভিয়োই ক’লে, “ময়ো একমত, মই অকল আপোনালোকক Provoke কৰিবলৈকে, অর্থাৎ জোকাবলৈকে মোৰ প্ৰশ্নটো কৰিছিলোঁ। আমাৰ কিউবাতো আমি কোনোবা দুর্নীতিপূর্ণ কৰ্ম্মচাৰী বা পাৰ্টিৰ লোকৰ অ-সমাজবাদী চিন্তাধাৰা দেখিলে, গীত লিখি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰোঁ।” ভাৰতৰ হৈ এই লেখকে তেতিয়া ক’লে, “ভাৰত এখন দেশ, য’ত সমাজবাদক এতিয়া নীতি ৰূপে গ্ৰহণ কৰা হৈছে মাত্ৰ। ই মাথোঁ আৰম্ভণি। এতিয়া আমাৰ সংগ্ৰাম আৰম্ভ হ’ব অ-সমাজবাদী মূল্যবোধ থকা এটা শ্ৰেণীৰ বিৰুদ্ধে। তাত প্রটেষ্ট ছং আমাক লাগিবই। আমি সাম্রাজ্যবাদৰ বিৰুদ্ধে, নব-উপনিৱেশবাদৰ বিৰুদ্ধে গীত লিখাৰ উপৰি, ভাৰতীয় ৰাইজক নিজৰ ঐতিহ্যৰ ভালখিনিৰ বিষয়েও সোঁৱৰাই দিব লাগিব বুলি আমাৰ মনে কয়। আপোনালোকে কি ভাবে?” পর্তুগালৰ বিপ্লবী গীতিকাৰ ছিলিয়াই তেতিয়াই উত্তৰ দিলে, “হাজৰিকাই কৰা প্ৰশ্নটো গুৰুত্বপূৰ্ণ। কিয়নো, ঐতিহ্যৰ ভালখিনিয়ে সমাজবাদ নতুনকৈ গঢ়াত এখন দেশক যথেষ্ট বৰঙনি যোগাব পাৰে।”

জাৰ্মেনীৰ ডেইমলাৰে ক’লে, “আমাৰ জার্মেনীৰ ঐতিহ্য আমি আজিৰ নৱ-জাৰ্মেনিক সোঁৱৰাই নিদিলে ভুল কৰা হ’ব। হিটলাৰ বা নাজীবাদৰ কদৰ্য্যতাৰ শিপা য’ত থাকে, তাক নষ্ট কৰিবলৈ হ’লে, অতীতৰ সৌন্দর্য্যখিনিও ৰাইজৰ সমুখত তুলি ধৰিব লাগিব। সেয়া অতীতৰ পৱিত্ৰ প্রেম সঙ্গীত হওক, গীৰ্জাৰ সংগীত হওক, শ্ৰমৰ সঙ্গীত হওক, সুস্থ পৰম্পৰা দেখুওৱাত ই আমাক সহায় কৰে।”

মুঠৰ ওপৰত, তিনিঘণ্টীয়া এই বিশ্ব ছেমিনাৰত এটা কথা স্পষ্ট হৈ উঠিছিল যে সমাজ নতুনকৈ গঢ়োঁতে এই নন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। সংস্কৃতি আৰু দুষ্কৃতিৰ সংঘাত সমাজবাদী দেশতো হ’ব পাৰে। তেতিয়া তেনে “দেশতো ‘প্রটেষ্ট ছং’ বা প্রতিবাদ সঙ্গীত ৰচিত হ’ব পাৰে। “ৰচিত হ’ব লাগিব!

(উৎস: সূৰ্য্য হাজৰিকা সম্পাদিত ভূপেন হাজৰিকাৰ ৰচনাৱলী, পৃ: ১৫৪ )

Leave a Reply

Your email address will not be published. Required fields are marked *