৬ষ্ঠ বছৰ(প্ৰথম সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

মাহেকীয়া – অন্ধবিশ্বাস বনাম বৈজ্ঞানিক বিশ্লেষণ – (হিমাক্ষী দাস)

“জেঠমাহৰ ৰবিবাৰে দুপৰীয়া মঙহেৰে ভাত খোৱাৰ পিছত আদ্য ঋতু হোৱা হেতুকে গণনাত তাইৰ বিধবা যোগ ওলাল। তাৰ কিন্তু প্ৰতিকাৰ আছে। ১১ জন ব্ৰাহ্মণক সিধা আৰু হালধীয়া বস্ত্ৰ দান কৰিব লাগিব আৰু এবছৰলৈ সম্পূৰ্ণ নিৰামিষ আহাৰ খাব লাগিব। বিয়াৰ দিনা সেয়েহে এডাল কলগছৰ সতে বিয়া পাতি দিয়া হ’ল তাইক।
অমুকীৰ আকৌ মাহেকীয়া হ’লে বিষত চটফটাই থাকে। এবাৰ হেনো ঋতুস্ৰাৱৰ সময়ত কেকোঁৰা গাতৰ ওপৰেদি পাৰ হৈ আহিছিল তাই।”
শনিবাৰে ঋতুমতী হলে শাখিনী, তোলনি বিয়া খোৱা ল’ৰাৰ দাড়ি নগজা, কোনোবাই যাদু মন্ত্ৰ কৰি ঘৰৰ চৌহদত ঔষধ পুতি থোৱাৰ বাবেই মাহেকীয়া বন্ধ হৈ থকা ইত্যাদি ইত্যাদি ৷ এনে বহুতো মুখৰোচক, অযুক্তিকৰ উক্তি কিছুমান কিছুমান আমাৰ সমাজত তেনেই সহজলভ্য। তাৰোপৰি প্ৰথমবাৰ ঋতুমতী হওঁতে ছোৱালীক ৫-৭ দিন ধৰি ভালকৈ খাবলৈ নিদিয়া, মাহেকীয়াৰ সময়ত সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ দিয়া, পৰিয়ালৰ পৰা বেলেগে খাদ্য গ্ৰহণ কৰিব দিয়া, কিছুমান খাদ্য খাবলৈ নিদিয়া, মাটিত বিচনা পাৰি শুবলৈ দিয়া, সেই কেইদিন পুৰুষৰ মুখ চাবলৈ নিদিয়া ইত্যাদি হয়তো প্ৰায় প্ৰত্যেকগৰাকী অসমীয়া মহিলাই জীৱনৰ কোনো কেঁকুৰিত এৰি থৈ অহা এক সাধাৰণ ঘটনা। এই নিয়মসমূহৰ বাস্তৱিক তথা সামাজিক প্ৰয়োজনীয়তা আছে নে নাই তাক অনুধাৱন কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস এই প্ৰবন্ধটি।

মাহেকীয়া কি?

ঋতুচক্ৰ, সাধাৰণ ভাষাত মাহেকীয়া হৈছে এক প্ৰজনন চক্ৰ যিটো যিটো ১১ – ১৩ বছৰৰ কিশোৰীকালত আৰম্ভ হৈ প্ৰতিমাহে এবাৰকৈ হয় ৪৫ – ৫৫ বছৰ বয়সলৈকে। এই চক্ৰৰ আৰম্ভণি নাৰীদেহত সহজাত প্ৰাকৃতিক হৰম’নৰ প্ৰভাৱত। শিশু অৱস্থাতেই এজনী ছোৱালীৰ ডিম্বাশয়ৰ কেইবাহাজাৰো ডিম্ব অপৈণত অৱস্থাত থাকে আৰু কৈশোৰ কালৰ প্ৰাপ্তিৰ লগে লগে হৰমোনৰ উৎপাদন নিয়ন্ত্ৰণ কেন্দ্ৰৰ সংকেতৰ প্ৰভাৱত শৰীৰত হৰমোনৰ প্ৰভাৱ বিস্তাৰ পায়, যাৰ ফলত ডিম্ব সমূহ পৈনত অৱস্থালৈ আহে আৰু প্ৰতিমাহে একো একোটা ডিম্ব নিঃসৰিত হয়। এই ডিম্বটোৱে ডিম্ব নলীৰ ampulary isthmic junction ত ৩ৰ পৰা ৫ দিন পৰ্যন্ত এটা শুক্ৰাণুৰ বাবে অপেক্ষা কৰে। যদি এই সময়ছোৱাত ডিম্ব টো শুক্ৰাণুৰ দ্বাৰা fertilized হয়, এটা zygote ৰ সৃষ্টি হয় যিটো ক্ৰমান্বয়ে বিকশিত হৈ পুৰ্ণ মানৱ দেহলৈ ৰূপান্তৰিত হয়,যিটো জীব জগতৰ বাবে এক এক অপৰিহাৰ্য প্ৰক্ৰিয়া। এই zyogte টোৰ বিকাশৰ বাবে পৰিপুষ্টি, পৰ্যাপ্ত পৰিমাণে ৰক্ত সঞ্চালন তথা এক সুকীয়া, সুৰক্ষিত আৱেশ দিয়াৰ বাবে জৰায়ুৰ তৃতীয় অৰ্থাৎ অন্ত আৱৰণটোৱে এখন ডাঠ তৰপ সৃষ্টি কৰে।আৰু এই তৰপটোক ধৰি ৰখাত সহায় কৰে progesterone হৰমনৰ প্ৰভাৱত। আৰু যদিহে ডিম্বটো fertilized নহয়, pituitary গ্ৰন্থিৰ নিৰ্দেশ ক্ৰমে শৰীৰত progesterone ৰ মাত্ৰা কমি যায় যাৰ ফলত endometrial tissue ৰ আৱৰণ টো অলপ অলপ কৈ খহি যোনি পথেৰে বাহিৰলৈ ওলাই আহে। এই প্ৰক্ৰিয়াত endometrial tissue লৈ ৰক্ত সঞ্চালিকা সৰু নলী কিছুমানৰ breakdown হয় যাৰ বাবে কিছু ৰক্তক্ষৰণ হয়।

লোক বিশ্বাস, মাহেকীয়া সমস্যা আৰু বৈজ্ঞানিক বিশ্লেষণ –

বহু শিক্ষিত মানুহে কোৱা মাহেকীয়াৰ তেজ শৰীৰত জমা হৈ থকা দূষিত তেজ। কিন্তু এই ধাৰণা সত্য নহয়। জৰায়ুৰ অন্তঃ আৱৰণটো এক সম্পুৰ্ণ জীৱন্ত কলা।
মাহেকীয়াৰ আৰম্ভণি শৰীৰৰ এক হৰমোন সঞ্চালিত জৈৱিক প্ৰক্ৰিয়া, গতিকে মাহেকীয়াৰ সময়, দিন বাৰ আদিয়ে কাৰো ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে। reproductive age group ৰ মহিলাৰ শৰীৰত মাহেকীয়াৰ অনুপস্থিতিয়ে গৰ্ভাৱস্থা বা কোনো ভিতৰুৱা ৰোগৰ সূচায়ক। পৰম্পৰাগত বিশ্বাসৰ বলি নোহোৱা মহিলা আমাৰ সমাজত হয়তো বিৰল। প্ৰথমতে, আদ্যঋতু হোৱা দিন ধৰি ছোৱালী এজনীক ঘৰৰ ভিতৰত সুৰ্য্যৰ পোহৰ নপৰাকৈ কেইবাদিনো এটা কোঠালীত থৈ দিয়া হয় আৰু একো খাবলৈ দিয়া নহয়, কোনো পুৰুষৰ মুখ চাবলৈ দিয়া নহয়। এইখিনি সময়ত ছোৱালী এজনী মানসিক উদ্বিগ্নতা লগতে ৰক্তক্ষৰণৰ ফলত হোৱা শাৰীৰিক দুৰ্বলতাৰ চিকাৰ হৈ থাকে। গতিকে তাইক সহযোগিতা, সঠিক নিদৰ্শন, বৈজ্ঞানিক চিন্তাৰ খোৰাক যোগোৱাৰ লগতে সুষম আহাৰ, আৰাম বিচনাৰ প্ৰয়োজন। দ্বিতীয়তে, মাহেকীয়া হৈ থকা এগৰাকী মহিলাক কোনো ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব দিয়া নহয়, বা স্কুলীয়া ছাত্ৰীক স্কুল যোৱাৰ পৰা বঞ্চিত কৰা হয়। যিয়ে নাৰীক বহিৰ্মূখী হোৱাত কিছু পৰিমাণে হ লেও বাধাৰ সৃষ্টি কৰিছে। সঠিকভাৱে চাফ চিকুণতা বজাই ৰাখিলে, লগতে মানসিক ভাৱে সবল হলে সকলো দৈনন্দিন কাম সুকলমে কৰিব পৰা যায়।

এই ধৰণৰ অন্ধ বিশ্বাস বোৰৰ কাৰণে বহু মহিলা শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে, লগতে শিক্ষানুষ্ঠান, প্ৰতিযোগিতা আদিত উপস্থিতিৰ শতাংশ হ্ৰাস পাইছে। unesco report মতে মাহেকীয়া জনিত কাৰণত শতকৰা ২০ গৰাকী মহিলা প্ৰতিবছৰে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈ আহিছে। মানুহৰ অজ্ঞানতা আৰু কু সংস্কাৰৰ কবলত পৰি মহিলা সকলে ভয়ংকৰ ৰোগ যেনে UTI, RTI, BACTERIAL VAGINOSIS, LEUCORRHREA, CERVICAL CANCER, PIDআদিক সাৱটি লব লগা হৈছে। পৃথিৱীত প্ৰতি বছৰে ৮ লাখ মহিলাই মাহেকীয়াজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। মাহেকীয়াৰ প্ৰাক্ মুহূৰ্ত টো এক জটিল, হৰমোন সঞ্চালিত প্ৰক্ৰিয়া । এই প্ৰক্ৰিয়া চলি থকা সময়ত শৰীৰত কিছুমান অস্বাভাৱিকতা যেনে মূৰৰ বিষ, সামান্য কঁকালৰ বিষ, পেটৰ বিষ, খিংখিঙীয়া স্বভাৱ, হতাশা, ভাগৰ ভাগৰ লগা, স্তনৰ জড়তা, আভোক, টোপনিৰ তাৰতম্য ঘটা দেখা যায়। এই লক্ষ্যণসমূহক সংক্ষেপে PMS বুলি কোৱা হয়। কিন্তু এই সমস্যা সমূহে যদি দৈনন্দিন জীৱন যাপন ত ব্যাঘাত জন্মায়, চিকিৎসকৰ পৰামৰ্শ লোৱা নিত্যান্তই প্ৰয়োজনীয়।

আমি কি কৰা উচিত ?

মাহেকীয়াৰ বিষয়ে যৎসামান্য information অষ্টম নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ত সান্নিবিষ্ট কৰা হৈছে, যদিও ভাৰতীয় নাৰীৰ মনৰ পৰা অন্ধবিশ্বাস ৰ আচ্চাদন খন আঁতৰাবলৈ সেইখিনি যথেষ্ট হোৱা নাই যেন অনুভৱ হয়। কিশোৰী সকলক মাহেকীয়া বিষয়ে সঠিক জ্ঞান দিবৰ চৰকাৰে NHM এ কিছুমান আঁচনি হাতত লৈছে যদিও কিমান ফলপ্ৰসূ হৈছে সেয়া সন্দেহ ৰ আৱৰ্তত। প্ৰতিবছৰে 28may ত menstrual hygiene day পালন কৰা হয় যাৰ উদ্দেশ্য হৈছে কিশোৰী সকলৰ মাজত মাহেকীয়া ৰ সময়ত লবলগা চাফ চিকুনতা তথা অপৰিছিন্নতাৰ পৰা হব পৰা ব্যাধি সমূহৰ বিষয়ে সজাগ কৰি তোলা । মাহেকীয়াৰ সময়ত সুষম আহাৰৰ লগতে প্ৰচুৰ পৰিমাণে পানীয় যেনে ডাবৰ পানী , glucose পানী, বিশুদ্ধ পানী আদি খোৱা আবশ্যক। দৈনন্দিন কাম কাজ সুকলমে কৰিব পাৰি যদিও অতিপাত শাৰীৰিক পৰিশ্ৰম ৰ পৰা দূৰত থকা ভাল। Sanitary napkins ব্যৱহাৰ কৰাটো নিতান্তই প্ৰয়োজনীয় যিহেতু ইয়াৰ ব্যৱহাৰে infection ৰ হাৰ বহু পৰিমাণে কমাই দিয়ে। ৪-৫ ঘণ্টাৰ মূৰে মূৰে napkin সলনি কৰি তাক সঠিক ভাবে dispose কৰিব লাগে আৰু ৰক্তস্ৰাৱৰ গোন্ধ আৰু ৰঙ স্বাভাৱিক আছে নে নাই তাক পৰীক্ষা কৰা উচিত। মাহেকীয়া জনিত সমস্যাৰ বাবে অভিজ্ঞজনৰ উপদেশ লোৱা বাঞ্চনীয়। নিয়মিত যোগ ব্যায়াম, শৰীৰ চৰ্চ্চা, সুস্থিৰ মানসিকতা, সুস্থ জীৱন যাপনে মাহেকীয়া বুলিয়েই নহয়, অন্য বহুতো স্বাস্থ্য জনিত সমস্যাৰ পৰা দূৰত ৰাখে। মাহেকীয়া উৰ্বৰ জৰায়ুৰ প্ৰতীক চিহ্ন, উৰ্বৰতাৰ সূচায়ক আৰু ই যিহেতু প্ৰকৃতিৰ দান, ইয়াক প্ৰাকৃতিক ভাৱে আঁকোৱালি লোৱা উচিত। মাহেকীয়া উন্নতিৰ পথত যাতে হেঙাৰ নহয় এই কথা বহু legendary মহিলাই প্ৰমাণ কৰি গৈছে। যিহেতু সুস্থ নাগৰিকেহে সুস্হ ৰাষ্ট্ৰ এখন গঢ়াত সহায় কৰে, মহিলা সকলে অন্ধবিশ্বাসক ভৰিৰে গচকি অলপ আগবাঢ়ি আহি ৰাস্ট্ৰখনক সুস্বাস্থ্যৰ দিশে আৰু এখোজ আগুৱাই যোৱাত সহায় কৰিব নোৱাৰিবনে?

Print Friendly, PDF & Email

2 thoughts on “মাহেকীয়া – অন্ধবিশ্বাস বনাম বৈজ্ঞানিক বিশ্লেষণ – (হিমাক্ষী দাস)

  • aji loike anekua huna nai j mahekiya hua r pisot kunuba suwali morise ba bemar t porise karon mahekiya hole bemar tu ulai jai teze di aru ji khini niyam niti dharmor babe hei khini to koribo e lagibo nokorile kosto hobo pisot bohut problem hobo pare.

    Reply
  • Mahekiya hole ai bur bemar jene uti rti hiv fungus adi aibilak nai kia hoi jotharite bohut care lobo lage aru jene ata প্ৰাকৃতিক niyam ajupa gosot
    notun ke fol lagile ami jeneke hokolu e bilai khaw thik tene dore mahekiya hole hokolue mili ata anando upobhuk kora hoi bas aitu e kotha yat bhul buja ba laj kora kotha nohoi.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *