“মৰমৰ দেউতা” : চলচ্ছিত্ৰায়ণত পৰিলক্ষিত অন্ধবিশ্বাস সম্পৰ্কীয় দুটামান বিক্ষিপ্ত চিন্তা ।। অতনু কুমাৰ দত্ত
মুক্ত চিন্তা। একাদশ বছৰ।। ৪ৰ্থ সংখ্যা
ভৱেন্দ্রনাথ শইকীয়াৰ “মৰমৰ দেউতা” ১৯৮৯ আৰু ১৯৯০ চনৰ ভিতৰত “সঁফুৰা” নামৰ আলোচনীত সোতৰটা খণ্ডত প্ৰকাশিত এখন শিশু-উপন্যাস৷ পিচলৈ এইখন জনপ্ৰিয় উপন্যাস কিতাপৰ আকাৰত প্ৰকাশিত হৈছে৷ এই উপন্যাসৰ আলমত নিৰ্মিত একে নামৰ চলচ্ছিত্ৰখন চালোঁ৷ ভৱেন্দ্ৰনাথ শইকীয়াৰ শিশু-উপন্যাসক চলচ্ছিত্ৰৰ ৰূপ দিয়াৰ সৎ-সাহসৰ বাবে প্ৰথমে প্ৰযোজক-পৰিচালকক ধন্যবাদ জনালোঁ৷ আজিৰ চলচ্ছিত্ৰৰ বজাৰত চলিত মন-সুৰসুৰুৱা কাহিনী বা চিত্ৰায়ণৰ বিপৰীতে এনে সুস্থ ৰুচিবোধৰ কাহিনীক তুলি ধৰিব খোজা প্ৰচেষ্টা সঁচাই প্ৰশংসনীয়৷ চিনেমাখনৰ দুটা মনত থাকি যোৱা দিশ আছিল অসমীয়া ছবিৰ নতুন মুখ বোধিসত্ব শৰ্মাৰ অনবদ্য অভিনয় আৰু সমুদ্ৰ কাজল শইকীয়াৰ চলন্ত গ্ৰাফিক্চ৷ অৱশ্যে, এই লেখাৰ অনুঘটক হিচাপে কাম কৰিছে, ছবিখনত চিত্ৰিত অন্ধবিশ্বাস, মূল লেখাৰ লগত ইয়াৰ পাৰ্থক্য আৰু এই পাৰ্থক্যই আমাৰ মনত তোলা কেতবোৰ ব্যক্তিগত খু-দুৱনিক পাঠকৰ মাজত ভগাই দিয়াৰ উদ্দেশ্যই৷
মূল উপন্যাসৰ কাহিনীৰ মাজেৰে, আওপকীয়াকৈ হ’লেও সেই সময়ৰ সমাজত প্ৰচলিত অন্ধবিশ্বাসৰ সাৰশূন্যতা প্ৰকাশ পাইছে৷ মফচলীয় চহৰৰ এটা নিম্ন-মধ্যবিত্ত পৰিয়ালৰ দেউতাজন থাকে চকুৰে নেদেখা দূৰণিত, চৰকাৰী চাকৰিত৷ তেওঁৰ বৰপুত্ৰ বিপথে গৈছে৷ ল’ৰাৰ দুৰ্মতিৰ বিষয়ে বন্ধু এজনৰ লগত আলোচনা কৰিছে৷ বন্ধুৰ মতে ল’ৰাৰ গাত অপদেৱতা লম্ভিছে৷ পলাশনী গাঁৱৰ ভগৱতী আইৰ “প্ৰমাণী” বিধান ল’লে ল’ৰাৰ সুমতি নিশ্চিত৷ ইতিমধ্যে, বিধান বিফল হোৱা দেখুৱা হৈছে৷ আধুনিক চিকিৎসা-বিজ্ঞানৰ সহায় লোৱাৰ বাবে তেওঁ ল’ৰাক বাধ্য কৰাব লগা হৈছে চৰম পন্থাৰে৷ শেষত ল’ৰাটোৰ শুধৰণি হোৱাৰ আশা দেখা গৈছে৷
যদিও চিনেমাৰ আৰম্ভণিতেই কোৱা হৈছে, ছবিখন “ভৱেন্দ্ৰনাথ শইকীয়াৰ একে নামৰ উপন্যাসৰ পৰা”, ছবিখন প্ৰকৃততে উপন্যাসখনৰ অভিযোজনাহে৷ চলচ্ছিত্ৰৰ কাহিনী বৰ্তমানৰ পৰিস্থিতিৰ লগত খাপ খোৱাকৈ নিৰ্মাণ কৰা হৈছে৷ বিপথে যোৱাৰ চৰিত্ৰ সলনি হৈছে; চল্লিচ বছৰৰ আগৰ জাকৰুৱা ঘৰৰ স্কুলীয়া ল’ৰাৰ চিগাৰেট খোৱাক আজিৰ সৰু পৰিয়ালৰ আতোলতোলকৈ তোলা কলেজৰ ল’ৰাক ড্ৰাগ্ছ খোৱা দেখুওৱা হৈছে৷ এইখিনিলৈকে ক’বলগীয়া নাই৷ কিন্তু, অভিযোজনাত আমাৰ হজম নোহোৱা কথাটো হ’ল দেউতাক আৰু ল’ৰাজনৰ চৰিত্ৰায়ণত অন্ধবিশ্বাস-সম্পকীয় পাৰ্থক্য৷ এই পাৰ্থক্যটোৱে আমাক ভাবিবলৈ বাধ্য কৰিছিল আজিৰ পৰিস্থিতিত শইকীয়াদেৱে চৰিত্ৰ দুটাৰ এই দিশটোক এনে ধৰণে তুলি ধৰিলেহেঁতেন নে? অন্ধবিশ্বাসৰ আধুনিকীকৰণ বা পৰিৱৰ্তন এনেধৰণেহে হৈছে নেকি? আমাৰ দৃষ্টিত ভৱেন্দ্ৰনাথ শইকীয়াই নিৰ্মাণ কৰা দেউতাকৰ চৰিত্ৰৰ এই দিশটো চলচ্ছিত্ৰৰ চৰিত্ৰটোতকৈ বেছি পতিয়ন যোৱা-বিধৰ আছিল; চলচ্ছিত্ৰখনিত চিত্ৰিত চৰিত্ৰ দুটাৰ এই দিশটো ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাসৰপৰাই আহিছে বুলি এক মান্যতা পোৱাটো সমাজৰ বাবে ক্ষতিকাৰক সিদ্ধ হ’ব পাৰে নেকি?
মূল উপন্যাসখনত দেউতাজন এজন ‘সাধাৰণ’ লোক, যি লোকৰ কথা শুনি ল’ৰাৰ বিপথে যোৱাৰ চিকিৎসা “আই”ৰ দিহাত কৰিব বিচাৰে; সেয়া বিফল হ’লতহে তেওঁ চিকিৎসকৰ ওচৰ চাপিছে৷ কিন্তু চলচ্ছিত্ৰখনিত কথাটো সুকীয়া—দেউতাক কামৰ পৰা আহি টিভিৰ আগত বহোঁতেই পৰিবাৰৰ ফ’ন আহিছে৷ পৰিবাৰৰ কথাৰ কান্দোনৰ সুৰত চিন্তিত হৈ তেওঁ টিভিৰ ওচৰৰ পৰা উঠি আহিছে৷ বাৰান্দাত থিয় হৈ কথা পাতোতে তেওঁ ল’ৰাৰ উদ্ভণ্ডালিৰ কথা অনুমান কৰিছে; পৰিবাৰে তেওঁ যোৱাটো যে বিচাৰিছে তাক বুজি পাইছে৷ দেউতাকে ঘূৰি গৈ অন্যমনস্কভাৱে টিভিৰ চেনেল সলাইছে৷ টিভিৰ সাক্ষাৎকাৰত মাত ভাঁহি আহিছে, কোনোবা জ্যোতিষী-‘মহাৰাজ’ৰ, যাৰ দিহাৰ দ্বাৰা বিপথে যোৱা সন্তানক শুধৰাব পাৰি৷ তাৰ পিছত দেউতাকক খৰধৰকৈ ঘৰলৈ অহা দেখুওৱা হৈছে৷ আহি তেওঁ পৰিবাৰক জনাইছে— ‘মহাৰাজ’ৰ ওচৰলৈ যোৱাৰ কথা, প্ৰমাণী গ্ৰহৰত্ন কিনি অনাৰ কথা আৰু মহাৰাজৰ কেতবোৰ নিদান পালন কৰাৰ কথা৷ পৰিবাৰৰ পোনপটীয়া প্ৰশ্ন: “আপুনিতো আগতে এইবোৰ বিশ্বাস কৰা নাছিল!”
দেউতাকৰ প্ৰসংগ ইয়াতেই ৰাখি আমি আহোঁ, বিপথে যোৱা ল’ৰাটোৰ চৰিত্ৰটোক এই ক্ষেত্ৰত চলচ্ছিত্ৰখনিত কেনেদৰে অঁকা হৈছে আৰু মূল উপন্যাসৰ লগত তাৰ পাৰ্থক্যলৈ৷ চলচ্ছিত্ৰত চিত্ৰিত হৈছে এক কলেজীয়া ডেকা, যি ঘৰত অত্যাচাৰ কৰি ড্ৰাগ্চৰ বাবে ধন মাকক ডকা-হকা দি উলিয়াব পাৰে, ভনীয়েকৰ ওপৰত হাত তুলিব পাৰে৷ সেই ল’ৰাই আকৌ “মহাৰাজ”ৰ নিদান পালনৰ কথা শুনি মাক-দেউতাকক ক’ব পাৰে, “এইবোৰত তহঁতে বিশ্বাস কৰ!” চিনেমাখন চালে বুজা যাব ল’ৰাজনে সৰুৰেপৰা দেউতাকৰ মাজত দেখা যুক্তিবাদী চিন্তাৰ অৱক্ষয় দেখি আচৰিত হৈছে৷ সি মহাৰাজৰ দিহামতে কিনা আঙুঠিৰ ওপৰত যে তিলমানো বিশ্বাস নকৰে তাৰ প্ৰমাণো হাতে-কামেই দিছে৷ ল’ৰাটোক পলায়নবাদী (ড্ৰাগ্চ সেৱী) আৰু একেসময়তে অন্ধবিশ্বাসবিৰোধী কৰি দেখুৱাটোৱে আমাক পতিয়ন নিয়াব পৰা নাই৷
মূল উপন্যাসত ল’ৰাৰ চৰিত্ৰত এনে অসামঞ্জস্য নাই৷ “এইবোৰ কথা” বিশ্বাস কৰিব নালাগে বুলি সি বেলেগকৈ নেভাবে৷ দেউতাকে “ভগৱতী আই”গৰাকীৰ দিহা মানি তাৰ চুলি অলপ কাটি নদীত উটুৱাই দিয়াৰ যুক্তিহীনতাক লৈ ল’ৰাজনে একো মন্তব্য দিয়া নাই৷ তাৰ মাথো খং, চুলিখিনি তাক নোসোধাকৈ কিয় চুটিকে কাটিব৷ চলচ্ছিত্ৰত কিন্তু এফালে ল’ৰাজনে দেউতাকৰ নতুন অন্ধবিশ্বাসী ৰূপক লৈ হাঁহিছে; তাৰ খং উঠিছে ৰুমৰ প’ষ্টাৰ এৰুৱাই ‘মহাৰাজ’ৰ ছবি কিয় লগাব তাক লৈ৷
দেখা গ’ল, চলচ্ছিত্ৰৰ চৰিত্ৰায়ণত অন্ধবিশ্বাস-সম্পৰ্কিত বিষয়ত বাপেক-পুতেকৰ চৰিত্ৰ দুটাই মূল উপন্যাসৰ চৰিত্ৰৰ পোনপটীয়া ৰূপ হেৰুৱাইছে৷ এতিয়া আমাৰ মনত উঠা উকমুকনিৰ কাৰণটো হ’ল, পটভূমিৰ পৰিৱৰ্তনৰ অজুহাতত এজন সৰল মানুহৰ চৰিত্ৰক এক সামঞ্জস্যহীন চৰিত্ৰলৈ ৰূপান্তৰিত কৰিব পাৰিনে? চল্লিচ বছৰৰ আগৰ মানুহৰ (অন্ধ) বিশ্বাস এতিয়া দোদুল্যমান অৱস্থালৈ আহিছে নেকি? দেউতাকৰ বিশ্বাসৰ সুমেৰু-কুমেৰু অৱস্থানৰ কথাকে ধৰা যাওক৷ আমাৰ দৃষ্টিত, বিয়াৰ বিশ বছৰ পিছত (ল’ৰা-ছোৱালী যিহেতু কলেজত) পত্নীৰ চকুত পতিৰ সকলো দিশেই ধৰা পৰে৷ তেনে ক্ষেত্ৰত “আপুনি দেখোন আগতে এইবোৰ কথা বিশ্বাস নকৰিছিল” বোলাটো তাৎপৰ্যপূৰ্ণ৷ এজন মানুহ—যাক পত্নী আৰু পুত্ৰই ‘এইবোৰ’ত বিশ্বাস নথকা বুলি জানে—তেওঁ টিভিত দেখিলে বুলিয়েই ‘এইবোৰ’ত বিশ্বাস কৰিব পাৰেনে? “তয়ো এইবোৰ বিশ্বাস কৰনে” বুলি ক’ব পৰা ল’ৰাৰ সাহস তাৰ নিজৰ দেউতাকৰ মাজত সৰুৰে পৰাই দেখি অহা যুক্তিবাদী দিশৰ পৰাই আহিছে৷
আমাৰ মতে মানুহৰ চৰিত্ৰৰ এনে পশ্চাৎমুখী পৰিৱৰ্তন সম্ভৱপৰ নহয়৷ মানসিক দৃঢ়তাৰ অবিহনে সমাজত চলি থকা অন্ধবিশ্বাসক নাকচ কৰা সম্ভৱ নহয়৷ সেই দৃঢ়তা নিজে অহা দৃঢ়তা নহয়, কৰ্ষণ কৰা দৃঢ়তা৷ কিন্তু ইয়াৰ বিপৰীতটো সম্ভৱ নহয় যেন লাগে৷ যি দৃঢ়তাই মানুহক গৰিষ্ঠজনে গ্ৰহণ কৰা সামাজিক ব্যাধিৰ বিপথে থিয় দিয়াব পাৰে, সেই দৃঢ়তা ব্যক্তিগত বিপৰ্যয়ে থৰক-বৰক কৰিব নোৱাৰে৷ ড্ৰাগ্চৰ অবাধ প্ৰচলন যে ব্যক্তিগত বিপদৰ সলনি সামাজিক ব্যাধি, সেই কথা তেনে মানুহে বিশ্লেষণ কৰি চাব পাৰিব, আৰু প্ৰথমেই বৈজ্ঞানিক পদ্ধতিৰে তাৰ নিৰাময় কৰিব বিচাৰিব৷ ভৱেন্দ্ৰনাথ শইকীয়াৰ চৰিত্ৰায়ণত সামঞ্জস্যহীন নহয়৷ তাত দেউতাকৰ চৰিত্ৰটো আগতে অবিশ্বাসী হৈ পিছত অন্ধবিশ্বাসী হোৱা নাই৷ তেখেতৰ চৰিত্ৰায়ণত চৰিত্ৰটো সৰলৰৈখিক৷ পিছে চলচ্ছিত্ৰখনিত সেই চৰিত্ৰটো শইকীয়াদেৱে চিত্ৰিত কৰাৰ দৰে ‘নিৰন্ধ্ৰ অন্ধ’ হৈ থকা নাই, হৈ পৰিছে দ্বিধাগ্ৰস্ত ‘যুক্তিবাদী’লৈ৷ আমাৰ ভাব হয়, ভৱেন্দ্ৰনাথ শইকীয়াই চিত্ৰিত কৰা অন্ধবিশ্বাসী অথচ, সৰল চৰিত্ৰটোক পৰিৱৰ্তিত সময়ৰ নামত এনেদৰে পৰম দোদুল্যমান চৰিত্ৰলৈ পৰিবৰ্তিত কৰি শইকীয়াদেৱৰ অৱৰ্তমানত তেখেতৰ প্ৰতি অবিচাৰ কৰা হৈছে৷ আমি মত পোষণ কৰোঁ যে ইয়াৰ দ্বাৰাই সমাজৰ বাবে গণ্ডগোলীয়া বাৰ্তা যোৱাৰ ভয়ো আছে; কাৰণ এজন দৰ্শকে চলচ্ছিত্ৰখন চালে গমেই নাপাব কোনখিনি ভৱেন্দ্ৰনাথ শইকীয়াৰ আৰু কোনখিনি প্ৰক্ষিপ্ত, কাৰণ প্ৰথমতেই কোৱা হৈছে, কাহিনীটো ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাসৰ পৰা বুলি৷ আমি ভাবোঁ, চিত্ৰনাট্য প্ৰস্তুত কৰা সময়ত এই বিষয়ত সাৱধান হোৱাটো ভাল আছিল৷ অন্ধবিশ্বাস সমাজৰ বাবে এক গুৰুতৰ ব্যাধি সেই কথা বোধহয় কাৰো দ্বিমত থাকিব নোৱাৰে৷ তেনেক্ষেত্ৰত এই বিষয়ৰ চিত্ৰায়ণত পৰিচালকৰ দায়িত্ব বেছি৷ পৰিচালকৰ পৰা ভৱিষ্যতে অধিক কলাসন্মত তথা সমাজৰ বাবে বাৰ্তাবাহী ছবি আশা কৰিলোঁ৷

