পোহৰ প্ৰদূষণ ।। ড০ ৰাস্না ৰাজখোৱা
মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
আন্ধাৰ বেয়া পালে অথবা ভয় কৰিলে নহ’ব। দিনৰ পোহৰ যেনেকৈ সকলোৰে প্ৰিয় তেনেকৈ ৰাতিৰ আন্ধাৰকণো সকলোৰে প্ৰিয় হোৱা উচিত। ৰাতিটোকো যদি আমি কৃত্ৰিম পোহৰৰে দিনৰ দৰে উজ্জ্বল কৰি ৰাখিব বিচাৰো তেনেহ’লে পৰিৱেশতন্ত্ৰটো শৃংখলিতভাৱে চলি থকাত ব্যাঘাত জন্মিব। তদুপৰি ৰাতিৰ তৰা ভৰা আকাশখনৰ সম্পূৰ্ণ সৌন্দৰ্য উপভোগ কৰাৰ পৰাও বঞ্চিত হ’ম।
প্ৰাচীন কালৰে পৰা জ্যোৰ্তিবিজ্ঞানীসকলে তৰা ভৰা আকাশখন পৰ্যবেক্ষণ কৰি বিশ্ব-ব্ৰহ্মাণ্ডৰ বিভিন্ন ৰহস্যৰ সমাধান উলিয়াইছে। কিন্তু এই ব্যৱস্থাত কিছু পৰিমাণে ব্যাঘাত জন্মিছে। আধুনিক কৌশল আৰু উন্নত যন্ত্ৰ-পাতি ব্যৱহাৰ কৰিলেও জ্যোৰ্তিবিজ্ঞানীসকল অইন এটা সমস্যাৰ সন্মুখীন হৈছে। সেই সমস্যাটোৰ নাম হ’ল পোহৰ প্ৰদূষণ। যোৱা কেইটামান দশকৰ পৰা কৃত্ৰিম পোহৰৰ উৎস ইমানেই বাঢ়ি গ’ল যে জনবহুল মহানগৰ অঞ্চলৰ ৰাতিৰ আকাশখনক এবিধ ঈষৎ ৰঙা জ্যোতিৰে আৱৰি থাকে। ফলত জ্যোৰ্তিবিজ্ঞানীসকলৰ সঠিক জোখ-মাখত ব্যাঘাত জন্মে। তদুপৰি মানুহৰ বাসস্থান বাঢ়ি অহাৰ লগে লগে অৰণ্য কমি আহিছে আৰু বহু সময় জুৰি কৃত্ৰিম পোহৰৰ সন্মুখীন হৈছে। সাধাৰণতে ৰাতিৰ নক্ষত্ৰসমূহৰ পৰা অহা পোহৰ আৰু বায়ুৰ উজ্জ্বলতা মোটামুটি সমান পৰিমাণৰ। আনকি সামান্য কৃত্ৰিম পোহৰে যদি এই সংবেদী ভাৰাসাম্যত হস্তক্ষেপ কৰে তেন্তে আকাশৰ ৰং সলনি হয়। ফলস্বৰূপে নক্ষত্ৰৰ পৰা পৃথিৱীলৈ অহা পোহৰৰো পৰিৱৰ্তন হয়। ক্ৰমাগতভাৱে নক্ষত্ৰ পৰ্যবেক্ষণ কৰাৰ ক্ষমতা কমি অহাৰ ফলত ‘পোহৰ প্ৰদূষণ’ সমস্যাটো সমগ্ৰ বিশ্বৰে সমস্যা হৈ পৰিছে।
পোহৰ প্ৰদূষণক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি— বিৰক্তিদায়ক পোহৰ (annoying) আৰু অতিৰিক্ত পোহৰ (excessive light)। পোহৰ প্ৰদূষণক আন দুটা ভাগতো ভাগ কৰিব পাৰি, এটা আন্তঃ পোহৰ প্ৰদূষণ আৰু আনটো বহিঃ পোহৰ প্ৰদূষণ।
আন্তৰ্জাতিক ডাৰ্ক-স্কাই সংগঠনে (International Dark-Sky Association) পোহৰ প্ৰদূষণৰ এটা গ্ৰহণযোগ্য সংজ্ঞা নিৰূপণ কৰি কৈছে যে পোহৰ প্ৰদূষণ কৃত্ৰিম পোহৰৰ প্ৰতিকূল প্ৰতিক্ৰিয়া য’ত আকাশ জ্যোতি (sky glow), অতি উজ্জ্বল পোহৰ বিকিৰণ কৰা (glare), আনৰ ঘৰ বা মাটিত পোহৰৰ অনধিকাৰ প্ৰৱেশ (light trespass), পোহৰৰ বিশৃংখলতা (light clutter) অন্তৰ্ভুক্ত, যিবোৰে ৰাতিৰ আকাশ পৰ্যবেক্ষণত অস্পষ্টতা বৃদ্ধি কৰিছে আৰু শক্তি অপচয় কৰিছে।
পোহৰ প্ৰদূষণ বিশেষকৈ বৃহৎ নগৰ অঞ্চলত দেখা যায়, নক্ষত্ৰৰ স্পষ্টতা হ্ৰাস কৰে আৰু পৰিৱেশতন্ত্ৰত ব্যাঘাত জন্মায়। কিছু সংখ্যক বিজ্ঞানীয়ে দাবী কৰে যে এনেকৈ পোহৰ প্ৰদূষণ বৃদ্ধি হ’লে কৃষিভূমি আৰু সমগ্ৰ পৰিৱেশতন্ত্ৰ বাধাগ্ৰস্ত হ’ব। কাৰণ পোহৰ প্ৰদূষণে নিশাচৰ প্ৰাণীসমূহৰ, যেনে গুৱৰুৱা, ফুটি (দেখাত পখিলাৰ দৰে এবিধ নিশাচৰ পতংগ), উঁইচিৰিঙা, মকৰা, বাদুলী, ফেঁচা ইত্যাদিৰ চলন-ফুৰণৰ ক্ষমতা হ্ৰাস কৰে।
সমগ্ৰ বিশ্বতে ‘আকাশজ্যোতি’ জ্যোৰ্তি বিজ্ঞানীসকলৰ বাবে এটা বৃহৎ সমস্যা কাৰণ নিৰ্মল ৰাতিতো ই নক্ষত্ৰ দেখাৰ স্পষ্টতা হ্ৰাস কৰে। বিজ্ঞানীসকলে গণনা কৰি দেখিছে যে ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ নগৰ অঞ্চলত আকাশৰ উজ্জ্বলতা স্বাভাৱিক উজ্জ্বলতাতকৈ ২-ৰ পৰা ৪ গুণ বেছি। পোহৰ প্ৰদূষণে মানৱ শৰীৰতো ঋণাত্মক প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, মূৰৰ কামোৰণি, ক্লান্তি, চাপ বৃদ্ধি, ব্যক্তিৰ আভ্যন্তৰীণ চালিকা শক্তি কমি যোৱা, উৎকণ্ঠা বৃদ্ধি হোৱা ঘটনাবোৰ সংঘটিত হয়। বিভিন্ন গৱেষণাই দেখুৱাইছে যে পোহৰ প্ৰদূষণ আৰু স্তন কেন্সাৰৰ সম্পৰ্ক আছে। স্তন কেন্সাৰৰ মূল কাৰণ ‘মেলাটনিন’ৰ পৰিমাণ কমি যোৱা। নিশাহে উৎপাদন হোৱা মেলাটনিনৰ উৎপাদনৰ পৰিমাণ পোহৰ প্ৰদূষণৰ কাৰণে কমি যোৱা দেখা গৈছে। পোহৰ প্ৰদূষণে কুঁৱলীৰ ওপৰতো প্ৰভাৱ পেলায়। আমেৰিকান জিঅ’গ্ৰাফিকেল ইউনিয়নে কৰা এটা গৱেষণাই দেখুৱাইছে যে পোহৰ প্ৰদূষণে নাইট্ৰেটৰ পৰিসৰতো প্ৰভাৱ পেলায় যাৰ ফলত বায়ুমণ্ডলীয় কুঁৱলীৰ স্বাভাৱিক ৰাতিৰ সময় হ্ৰাস কৰিছে। কোনো এখন ঠাইৰ নিৰ্দিষ্ট অঞ্চলৰ পোহৰ প্ৰদূষণ জোখাতো খুব টান আৰু জটিল পদ্ধতি কাৰণ স্বাভাৱিক বায়ুমণ্ডল সম্পূৰ্ণ আন্ধাৰ নহয়।
পোহৰ প্ৰদূষণ মানুহে পাৰিপাৰ্শ্বিক স্থানত প্ৰত্যক্ষ বা পৰোক্ষভাৱে পেলোৱা কৃত্ৰিম পোহৰৰ বাবেই সংঘটিত হৈছে। অদায়ৱদ্ধ পোহৰ যেনে অতি উজ্জ্বল পোহৰ যিয়ে কৃত্ৰিম পোহৰ অধিক আৰু অপ্ৰয়োজনীয় ব্যৱহাৰ কৰাৰ লগতে আকাশজ্যোতিৰ সৃষ্টি কৰে, সেইবোৰ বন্ধ কৰিলে, পোহৰ প্ৰদূষণ কমাটো নিশ্চিত। আন্ধাৰ সময়খিনিয়ে শক্তি সংৰক্ষণ কৰে, ঐতিহ্য ৰক্ষা কৰে আৰু জীৱনৰ গুণগত মানদণ্ড উন্নত কৰাৰ লগতে সাংস্কৃতিক আৰু বৈজ্ঞানিক অনুসন্ধানত সহায় কৰে। পোহৰ প্ৰদূষণৰ ফলত সৃষ্টি হোৱা প্ৰধান সমস্যা হ’ল নক্ষত্ৰ পৰ্যবেক্ষণৰ ক্ষমতা হ্ৰাসৰ লগতে জীৱ জগতৰ জীৱন-ধাৰণ প্ৰণালীত ব্যাঘাত, শক্তিৰ অপচয়, বসতিৰ অৱনতি ঘটা৷
পোহৰ প্ৰদূষণৰ প্ৰকাৰ
আকাশজ্যোতি (sky glow), অতি উজ্জ্বল পোহৰ বিকিৰণ কৰা (glare), আনৰ ঘৰ বা মাটিত পোহৰৰ অনধিকাৰ প্ৰৱেশ (light trespass), পোহৰৰ বিশৃংখলতা (light clutter) অন্তৰ্ভুক্ত, যিবোৰে ৰাতিৰ আকাশ পৰ্যবেক্ষণত অস্পষ্টতা বৃদ্ধি কৰিছে আৰু শক্তি ব্যয় কৰিছে৷
অপ্ৰয়োজনীয় কৃত্ৰিম পোহৰৰ মাত্ৰাধিক্য ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা পোহৰ প্ৰদূষণৰ প্ৰকাৰকেইটা হ’ল—
(১) পোহৰৰ অনধিকাৰ প্ৰৱেশ (light trespass)— সাধাৰণতে কাষৰ ঘৰৰ উজ্জ্বল পোহৰৰ উৎসৰ পৰা মানুহ এঘৰৰ খিৰিকীয়েদি ৰুমলৈ সোমায় অহা পোহৰে ‘পোহৰ অনধিকাৰ প্ৰৱেশ’ সমস্যাটোৰ সৃষ্টি কৰে৷ ফলত টোপনিত ব্যাঘাত জন্মে অথবা সন্ধ্যাৰ সৌন্দৰ্য উপভোগ কৰাত ব্যৰ্থ হয়৷
(২) অত্যধিক উজ্জ্বলতা (Over-illumination)— অত্যধিক উজ্জ্বলতা মানে পোহৰৰ অতিৰিক্ত ব্যৱহাৰ৷ ইয়াৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰত ‘অধিক উজ্জ্বলতাৰ’ বাবেই প্ৰতিদিনে দুই বিলিয়ন বেৰেল তেলৰ শক্তিৰ অপচয় হয়৷
(৩) চকুত চাট মাৰি ধৰা পোহৰ (glare)— ‘চকুত চাট মাৰি ধৰা পোহৰ’ সমস্যাটো দৃশ্য অঞ্চলত উজ্জ্বল আৰু অনুজ্বল পোহৰৰ অত্যধিক বৈপৰীত্যৰ কাৰণে হয়৷ উদাহৰণস্বৰূপে ৰাতিৰ আন্ধাৰত গাড়ীৰ হেড লাইটৰ পোহৰে আপোনাৰ চকু চাট মাৰি ধৰে আৰু কিছু সময়ৰ কাৰণে হ’লেও আপোনাক অন্ধ কৰি দিয়ে৷ কিন্তু সেই একে হেড্ লাইটৰ পোহৰে দিনৰ ভাগত অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে৷
কিছুমান পোহৰে আপোনাক সম্পূৰ্ণ বা সাময়িকভাৱে অন্ধ কৰি পেলাব পাৰে৷ উদাহৰণস্বৰূপে খালী চকুৰে সূৰ্যৰ ফালে চালে এনে পৰিঘটনা ঘটিব পাৰে৷
(৪) বিশৃংখল পোহৰ (light clutter)— পোহৰ অতিৰিক্ত দল বুলি ক’লেও ভুল কোৱা নহ’ব৷ কেতিয়াবা কেতিয়াবা কিছুমান অনুষ্ঠানত অপ্ৰয়োজনীয় আৰু অত্যধিক ৰং-বিৰঙৰ পোহৰ ধাৰাবাহিকভাৱে সলনি কৰি বিশৃংখলতাৰে দৰ্শক বহা স্থানত আপতিত কৰা দেখা যায়৷ এইবোৰে মনত বিৰক্তিবোধ আৰু ক্লান্তি আনি দিয়ে৷
(৫) আকাশজ্যোতি (sky glow)— সাধাৰণতে ‘আকাশ জ্যোতি’ সমস্যাটো জনবহুল অঞ্চলত দেখা পোৱা যায়৷ ডাঙৰ চহৰ-নগৰৰ কৃত্ৰিম পোহৰৰ উৎসৰ পৰা অহা পোহৰে আকাশখনক ঈষৎ ৰঙচুৱা বৰণৰ আভাৰে আৱৰি ধৰে৷
পোহৰ প্ৰদূষণৰ ফলত কেৱল ৰাতিৰ আকাশৰ তৰাবোৰ দেখাতেই অসুবিধা নহয়; ই জীৱ জগততো বিৰূপ প্ৰভাৱ পেলায়৷ গছ-গছনিয়ে আন্ধাৰখিনিক বিভিন্ন ধৰণে ব্যৱহাৰ কৰে৷ গছে আন্ধাৰখিনি অনুভৱ কৰি সেইমতে প্ৰতিক্ৰিয়া কৰে৷ মানুহৰ বাহিৰে বাকী জীৱ-জন্তুৱে ঘড়ী চাই কাম নকৰে৷ গতিকে দিনৰ দৰে ৰাতিটোও যদি পোহৰ হৈ থাকে তেন্তে জীৱকুলৰ জৈৱিক প্ৰক্ৰিয়াবোৰত ব্যাঘাত জন্মে৷
মানৱ জাতিৰ ওপৰতো পোহৰ প্ৰদূষণে যথেষ্ট প্ৰভাৱ পেলাইছে৷ ৰাতিৰ সম্পূৰ্ণ আন্ধাৰে যি গভীৰ নিদ্ৰা আনি দিয়ে সেই নিদ্ৰাত পোহৰ পৰি থাকিলে ব্যাঘাত জন্মে৷ ফলত টোপনিৰ অভাৱত বিভিন্ন ৰোগ—মূৰৰ কামোৰণি, হতাশা, ক্লান্তি, আভোক, ৰক্তচাপ, মধুমেহকে আদি কৰি বহুতো বেমাৰৰ সন্মুখীন হ’ব লগা হয়৷
পোহৰ প্ৰদূষণৰ পৰিণামসমূহ সম্পূৰ্ণকৈ এতিয়াও জনা হোৱা নাই৷ এই বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন আছে৷ ৰাতিৰ আকাশখনত তৰাবোৰ পৰ্যবেক্ষণ কৰিবলৈ অসুবিধা হোৱা কথাটো জ্যোৰ্তিবিজ্ঞানীসকলে বহু বছৰৰ আগতেই অনুভৱ কৰিছিল৷ কিন্তু পোহৰ প্ৰদূষণৰ লগত জড়িত আন কিছুমান কথালৈ বিশেষ মন কৰা নাছিল৷ উদাহৰণস্বৰূপে পোহৰ প্ৰদূষণৰ ফলত যথেষ্ট শক্তিৰ অপচয় হয়৷ শেহতীয়া গৱেষণাৰ পৰা গম পোৱা গৈছে যে কেৱল এক চতুৰ্থাংশ শক্তি সমগ্ৰ বিশ্ব পোহৰাই তুলিবলৈকে ব্যৱহাৰ কৰা হয় আৰু বিভিন্ন অত্যধিক উজ্জ্বল পোহৰে শক্তি অপচয় কৰে, ইয়াৰ ভিতৰত অলাভজনক উদ্ধৰ্মুখী পোহৰো অন্তৰ্ভুক্ত৷ গোলকীয় স্কেলত (Global Scale) প্ৰায় ১৯% বৈদ্যুতিক শক্তি ৰাতিৰ আন্ধাৰ পোহৰ কৰিবলৈকে ব্যৱহাৰ কৰা হয়৷ আনহাতে বৈদ্যুতিক শক্তি উৎপাদন কৰিবলৈ জৈৱিক ইন্ধনবোৰ ব্যৱহাৰ কৰোঁতে ‘সেউজ গৃহ’ গেছৰ নিৰ্গমন হয়৷ তদুপৰি জৈৱিক ইন্ধনবোৰ নবীকৰণযোগ্য নহয়৷
পোহৰ প্ৰদূষণে আৰু বহুতো কু-প্ৰভাৱ পেলায়৷ পোহৰ প্ৰদূষণৰ ফলত উদ্ভিদ জগত, প্ৰাণীজগত আৰু মানৱ-জাতি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে৷ নিশাচৰ প্ৰাণী আৰু পৰিভ্ৰমী প্ৰাণীৰ ক্ষেত্ৰত পোহৰ প্ৰদূষণৰ প্ৰভাৱ যথেষ্ট দেখা যায়৷ পোহৰ প্ৰদূষণৰ ফলত গছৰ খাদ্য প্ৰস্তুতকৰণ, বংশবৃদ্ধি আদিত যথেষ্ট প্ৰভাৱ পৰে৷ গছে ৰাতিৰ জোখ-মাখ নিৰূপণ কৰে অৰ্থাৎ আন্ধাৰ সময়খিনি নিৰূপণ কৰি প্ৰতিক্ৰিয়া কৰে৷ এই কাৰণেই চুটি দিনৰ গছ-গছনিক দীঘল ৰাতিৰ প্ৰয়োজন৷ যদি তেনেকুৱা গছ-গছনিক ৰাতিও বহুত সময়লৈকে পোহৰাই ৰখা হয়, তেন্তে এনেকুৱা গছৰ এটা দীঘল নিশাৰ সলনি দুটা চুটি নিশাৰ অভিজ্ঞতা হয় যাৰ ফলত গছজোপাৰ বৃদ্ধি, ফুল ফুলাৰ ধৰণ ইত্যাদিত বাধাগ্ৰস্ত হয়৷
প্ৰাণীজগতৰ জীৱনবোৰ প্ৰকৃতিৰ দিন আৰু ৰাতিৰ লগত অভ্যস্ত৷ গতিকে দিন বা ৰাতিৰ বিজুতি ঘটিলে প্ৰাণীৰ স্বাভাৱিক আচৰণৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে৷ ৰাতি, বিশেষকৈ কুঁৱলী বা ডাৱৰীয়া বতৰত জুই বা লেম্পৰ পোহৰে পৰিভ্ৰমী আৰু অপৰিভ্ৰমী চৰাইবোৰক আকৰ্ষণ কৰে৷ ঊনৈশ শতিকাৰ পৰা এনে ব্যৱস্থাৰে চৰাই চিকাৰ কৰাৰ কথা জনা যায়৷ কাৰণ চৰাইবোৰ ৰাতিৰ কৃত্ৰিম পোহৰৰ লগত অভ্যস্ত নহয়৷ আকাশ জ্যোতিৰ দৰে পোহৰ প্ৰদূষণৰ বাবেই নিশাচৰ চৰাইবোৰৰ দিক নিৰ্ণয় কৰাতো সমস্যাৰ সন্মুখীন হয় আৰু কেতিয়াবা ওখ বিল্ডিং বা দূৰ সংযোগ ব্যৱস্থাপনাৰ টাৱাৰবোৰতো খুন্দা খায় মৃতু্যমুখত পৰা দেখা যায়৷
ভূমিখণ্ডতকৈ সাগৰত কৃত্ৰিম পোহৰ তুলনামূলকভাবে যথেষ্ট কম যদিও কৃত্ৰিম পোহৰৰ সংকেতৰ প্ৰভাৱ আৰু বিস্তাৰ যথেষ্ট বেছি৷ ফলত এই পৰিস্থিতিত সাগৰীয় চৰাইবোৰ এই উৎসবোৰৰ ফাললৈ প্ৰৱলভাৱে আকৰ্ষিত হয় আৰু শিখাৰ উত্তাপত আঘাতপ্ৰাপ্ত হয় বা মৃত্যুৰ মুখত পৰে৷ সাগৰীয় কাছবোৰৰ কণী উমনি দিয়া, পোৱালি জগোৱাৰ ক্ষেত্ৰতো পোহৰ প্ৰদূষণত কুপ্ৰভাৱ গম পোৱা গৈছে৷
কৃত্ৰিম পোহৰৰ প্ৰতি মাছৰ প্ৰতিক্ৰিয়া (আকৰ্ষণ বা বিকৰ্ষণ) প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰে৷ কিন্তু উভয় ক্ষেত্ৰতে সিহঁতৰ স্বাভাৱিক আচৰণত প্ৰভাৱ পেলায়৷ মৎস্য পালন কৰা পুখুৰী আৰু গভীৰ সাগৰৰ মাছৰ বেছি ভাগ প্ৰজাতিৰ মাছে বগা পোহৰ পৰিহাৰ কৰা সত্ত্বেও কিছুমান প্ৰজাতিৰ মাছ পোহৰৰ প্ৰতি আকৰ্ষিত হয়৷ পোহৰৰ প্ৰতি আকৰ্ষিত হোৱা মাছবোৰক আন্ধাৰত গোপনে ধৰি অসাধু ব্যৱসায়ীয়ে ব্যৱসায় কৰে৷ কৃত্ৰিম পোহৰৰ বাবে আটলাণ্টিক মহাসাগৰত চলমন মাছৰ উৎপাদন কমি যোৱাৰ কথা এতিয়া সবৰ্জনবিদিত৷ কৃত্ৰিম পোহৰত ৰাখি চলমন মাছৰ কণী পৰাৰ সময় পিছুৱাই নিব পাৰি৷ এনে কৰিলে মাছটোৰ ওজন স্বাভাৱিক ওজনতকৈ যথেষ্ট বেছি হয়৷ সেইদৰে হালিবাট (Halibut) নামৰ এবিধ চেপেটা ডাঙৰ মাছৰ ক্ষেত্ৰত মাছ পালন কৰা লোকসকলে কৃত্ৰিম পোহৰ পেলায় যাতে তাৰ সাঁতোৰা কাৰ্যটো কম হয় আৰু বৃদ্ধি বেছি হৈ ওজন বাঢ়ে৷
এইখিনিতে উল্লেখ কৰা ভাল হ’ব পোহৰ প্ৰদূষণেই আটাইতকৈ সহজে দূৰ কৰিব পৰা প্ৰদূষণ৷ এৰিজোনাৰ ফ্লেগষ্টাফ মহানগৰত হোৱা পোহৰ প্ৰদূষণৰ দ্বাৰা লাৱেল পৰ্যবেক্ষণ কেন্দ্ৰটো এসময়ত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল৷ কিন্তু প্ৰশাসনৰ কঠোৰ নিয়মাৱলী আৰু নাগৰিকৰ সচেতনতাৰ ফলত ফ্লেগষ্টাফ মহানগৰখনে ২০০১ চনত প্ৰথমখন ‘আন্তঃৰাষ্ট্ৰীয় আন্ধাৰ আকাশৰ মহানগৰ’-ৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়৷ যিহেতু আমি লেম্প-চাকিৰ যুগলৈ উভতি যাব নোৱাৰোঁ, গতিকে পোহৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আমি কি কৰা উচিত—
[ক] পোহৰ কেৱল ত’ত, য’ত প্ৰয়োজন৷
[খ] অত্যধিক উজ্জ্বল পোহৰ ব্যৱহাৰ কৰিব নালাগে৷
[গ] পোহৰ অপব্যয় কৰিব নালাগে৷
[ঘ] পোহৰ বিকিৰণ যাতে উদ্ধৰ্গামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে৷ প্ৰয়োজন হ’লে প্ৰতিফলক আৰু প্ৰতিবন্ধক ব্যৱহাৰ কৰিব লাগে৷
[ঙ] উপযুক্ত কাৰ্যদক্ষ শক্তি আৰু একত্ৰিত পোহৰ উৎস ব্যৱহাৰ কৰিব লাগে৷
পোহৰ প্ৰদূষণ কম কৰাৰ সম্ভাব্য উপায় কেইটা হ’ল—
[ক] প্ৰয়োজনীয় কাম সম্পন্ন কৰিব পৰাকৈ নিম্নতম প্ৰাবল্যৰ পোহৰ উৎস ব্যৱহাৰ কৰা।
[খ] প্ৰয়োজন শেষ হ’লে পোহৰ উৎস নুমুৱাই ৰখা।
[গ] পোহৰ উৎসৰ কৌশল উন্নতি কৰা যাতে পোহৰ য’ত প্ৰয়োজন সেই অঞ্চলত প্ৰত্যক্ষভাৱে পৰিবলৈ দিব পাৰে আৰু পাশ্বক্ৰিয়া কম হয়৷
পোহৰ প্ৰদূষণৰ ওপৰত অধিক গৱেষণা কৰাৰ প্ৰয়োজন৷ প্ৰশাসন আৰু জনসাধাৰণৰ সজাগতাইহে পোহৰ প্ৰদূষণ ৰোধ কৰিব পাৰিব৷

