আনন্দীগোপাল যোশী : চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীপ্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা। পল্লৱী কলিতা
মুক্ত চিন্তা।একাদশ বছৰ।। ৫ম সংখ্যা
যমুনা নামৰ ৯ বছৰীয়া ছোৱালী এজনীৰ বিয়া হৈছিল গোপালৰাও যোশী নামৰ এগৰাকী বিপত্নীক মানুহৰ লগত। স্বামীয়ে বিয়াৰ পাছত যমুনাৰ নাম দিলে আনন্দী। সম্পূৰ্ণ নাম আনন্দীগোপাল যোশী। আনন্দীৰ জন্মস্থান বৰ্তমান মহাৰাষ্ট্ৰৰ কল্যাণ নামৰ ঠাই, তাৰিখ— ১৮৬৫ চনৰ ৩১ মাৰ্চ।
গোপালৰাও যোশী সময়তকৈ আগবঢ়া চিন্তাৰ মানুহ আছিল। তেওঁ পত্নীক ঘৰতে পঢ়ুৱাইছিল। ১৪ বছৰ বয়সতে আনন্দীয়ে এটা ল’ৰা জন্ম দিলে যদিও চিকিৎসাৰ অভাৱত ল’ৰাটো ১০ দিনতে ঢুকাল। এই ঘটনাই আনন্দীক আমাৰ দেশৰ পঁয়া-লগা চিকিৎসা-ব্যৱস্থাৰ বিষয়ে অতি সচেতন কৰি তুলিলে। তেওঁ জীৱনৰ লক্ষ্য স্থিৰ কৰি ল’লে যে আধুনিক এলোপেথি চিকিৎসাশাস্ত্ৰ তেওঁ পঢ়িবই। স্বামীয়েও এই ইচ্ছাক সমৰ্থন কৰিলে। প্ৰাথমিকভাৱে ভাল স্কুলীয়া শিক্ষা দিবলৈ আনন্দীক তেওঁ গোপালৰাওৰ লগত কলিকতালৈ স্থানান্তৰিত হ’ল। ব্ৰাহ্মণ পৰিয়ালত এনে নাভূত-নাশ্ৰুত কাণ্ড কৰিবলৈ আগবঢ়াৰ বাবে পৰিয়াল আৰু সমাজৰ পৰা দুয়োৱে নানান কটু কথা আৰু বাধাৰ সন্মুখীন হ’বলগীয়া হ’ল। সেইকালত তথাকথিত উচ্চবৰ্ণৰ লোকে মৃতদেহ স্পৰ্শ কৰাটো অকল্পনীয় কথা, যিটো চিকিৎসা-বিজ্ঞান অধ্যয়নৰ বাবে অতি জৰুৰী।
কলিকতাত মিছনেৰীসকলৰ সৈতে যোগাযোগ হোৱাত তেওঁলোকে আমেৰিকাত থকা চিকিৎসা-প্ৰতিষ্ঠানবিলাকৰ বিষয়ে জানিব পাৰিলে। নিউ জাৰ্চিত বাস কৰা থিওডিচিয়া কাৰ্পেণ্টাৰ নামৰ মহিলাগৰাকীয়ে আনন্দীৰ ইচ্ছাত উদগণি দিলে আৰু তেওঁৰ নিজৰ ঠাইলৈ মাতিলে। আনন্দীৰ আমেৰিকা-যাত্ৰাৰ প্ৰস্তুতি চলিল। ১৮৮৩ চনত কলিকতাৰ বন্দৰত আনন্দী জাহাজত উঠিল। সংগী দুগৰাকী মিছনেৰী মহিলা। যাত্ৰাৰ আগতে কলিকতাৰ শ্ৰীৰামপুৰ কলেজৰ বক্তৃতা গৃহত আনন্দীক লৈ এখন সভা বহিল, য’ত আনন্দীয়ে ভাৰতীয় মহিলাই আধুনিক চিকিৎসাশাস্ত্ৰ পঢ়াৰ গুৰুত্ব আৰু উপযোগিতাৰ বিষয়ে এটা সুন্দৰ উদ্দীপক বক্তৃতা দিলে। তেতিয়া তেওঁৰ বয়স মাত্ৰ ১৮ বছৰ। ‘উইমেনছ মেডিকেল কলেজ অব পেনচিলভেনিয়া’ত তেওঁৰ নাম-ভৰ্তি, থকা-মেলা ক্ষেত্ৰতে সহায় কৰিলে কাৰ্পেণ্টাৰে। কাৰ্পেণ্টাৰ সৈতে তেওঁৰ ঘৰুৱা সম্পৰ্ক গঢ় লৈ উঠিল। তেতিয়াৰ ভাৰতৰ ভাইচৰয় লৰ্ড ৰিপন-এ আনন্দীক টকা দুশ দি সহায় কৰিছিল। ১৮৮৬ চনৰ ১১ মাৰ্চ তাৰিখে ২১ বছৰ বয়সত আনন্দী বায়ে চিকিৎসা-ডিগ্ৰী লাভ কৰে। তেওঁৰ সহপাঠী জাপানৰ কেই ওকামি আৰু চিৰিয়াৰ চাবাট ইছলামবুলি-এ একেলগে ডিগ্ৰী লাভ কৰিছিল। উল্লেখযোগ্য যে তেওঁলোক নিজ নিজ দেশৰ প্ৰথম মহিলা আধুনিক চিকিৎসক।
ঘৰলৈ ঘূৰি অহাৰ পাছত আনন্দীক বিপুল সম্বৰ্ধনা জনোৱা হ’ল। তেতিয়াৰ ব্ৰিটিছ চৰকাৰ, সাধাৰণ জনতা সকলোৱে এইগৰাকী মহিলাৰ সাহসক শলাগিলে। ৰাণী ভিক্টোৰীয়াই আনন্দীলৈ শুভেচ্ছা-বাণী প্ৰেৰণ কৰিছিল। কোলহাপুৰৰ এলবাৰ্ট এডৱাৰ্ড হাস্পাতালত স্ত্ৰী-ৰোগ বিভাগৰ মুৰব্বীৰূপে আনন্দীলৈ নিযুক্তিপত্ৰ আহিল।
পিছে অতি দুখৰ বিষয় যে আমেৰিকাৰ পৰা উভতোতেই তেওঁ সেই সময়ৰ কালান্তক ব্যাধি যক্ষ্মাত আক্ৰান্ত হৈ আছিল। আমেৰিকাৰ ঠাণ্ডা জলবায়ু আৰু অনভ্যস্ত খাদ্যাভ্যাসৰ বাবেই তেওঁৰ দুৰ্বল হৈ পৰা শৰীৰত যক্ষ্মাই বাহ বান্ধিছিল। দেশত ভৰি দিয়া মাত্ৰ ৩-মাহৰ পাছতেই ১৮৮৭ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে মাত্ৰ ২১ বছৰ ১১ মাহ বয়সতে আনন্দীৰ দেহাৱসান ঘটে। আমাৰ দেশে এগৰাকী সম্ভাৱনাময় প্ৰসূতি-বিশেষজ্ঞক অকালতে হেৰুৱালে। উল্লেখযোগ্য যে তেতিয়াৰ পৰা ৫৮ বছৰ পাছত, অৰ্থাৎ ১৯৪৫ চনতহে যক্ষ্মা ৰোগৰ ঔষধ ষ্ট্ৰেপটোমাইচিনৰ উদ্ভাৱন হৈছিল। আনন্দী বাঈৰ মৃত্যুৱে আমাৰ দেশবাসীক কন্দুৱালে। থিওডিচিয়া কাৰ্পেণ্টাৰ-এ নিউ ইয়ৰ্কত থকা তেওঁলোকৰ মাটিত আনন্দীৰ স্মৃতি-সৌধ নিৰ্মাণ কৰিলে। কেৰ’লিন ৱেল্চ নামৰ লেখিকা এগৰাকীয়ে আনন্দীৰ জীৱনী এখন ১৮৮৮ চনত লিখি উলিয়ায়।
প্ৰায় ওচৰা-ওচৰি সময়তে কলিকতাৰ কাদম্বিনী গাংগুলি নামৰ আন এগৰাকী মহিলাই চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰিছিল আৰু আনন্দীৰ কেইদিনমান পাছতে ডিগ্ৰী লাভ কৰিছিল। প্ৰায় ৮ বছৰমানৰ পাছত ৰুক্ষ্মাবাই ৰাউত নামৰ এগৰাকী মহিলাইয়ো পঢ়ি-শুনি আধুনিক চিকিৎসক হৈ ওলায়। তেওঁ দেশত বাল্যবিবাহৰ বিৰুদ্ধে যুঁজিছিল। এই দুগৰাকীক ভাৰতৰ ১ম আৰু ২য় মহিলা চিকিৎসক বুলি কোৱা হয়, যাৰ চিকিৎসা-সেৱা লাভ কৰিবলৈ ভাৰতবাসীৰ সৌভাগ্য হৈছিল। এইখিনিতে আৰু এটা কথা ক’ব পাৰি যে এই ৰুক্ষ্মা বায়েই স্বামী-গৃহৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে আইনী যুঁজো দিছিল, যি আমাৰ দেশত ঘটা প্ৰথম এনে ঘটনা।
এই ক্ষণজন্মা, সাহসী, উদ্যোগী, শিক্ষানুৰাগী আৰু সময়তকৈ আগবঢ়া নাৰীয়েই আজিৰ যুগৰ নাৰীৰ পথপ্ৰদৰ্শক।

