বন্ধ্যাত্বৰ ব্যৱচ্ছেদ ।। প্রসেনজিৎ চৌধুৰী
মুক্ত চিন্তা। একাদশ বছৰ।। ৩য় সংখ্যা
মীনাক্ষীঃ লেখাটো হ’লনে বলীনদা? আমাৰ স্কুলৰ সোণালী জয়ন্তীলৈ আৰু মাত্র এমাহ আছে। ছ’ভেনিয়ৰৰ কাৰণে সকলো লেখা প্রেছত দিয়া হ’ল। মাত্ৰ আপোনাৰটোহে বাকী। এতিয়া জৰুৰী বাকীজাৰি ন’টিচ লৈ আহিছোঁ। দিয়ক লেখাটো।
বলীনঃ সর্বনাশ, বৰ বেয়া কথা হ’ল মীনাক্ষী। লেখাটো দিওঁ কেনেকৈ… মানে আৰম্ভই কৰা নাই।
মীনাক্ষীঃ কি?
বলীনঃ ছ’ৰী, ছ’ৰী মীনাক্ষী।
মীনাক্ষীঃ ব্রিটিছে ভাল এটা শব্দ আমাক দি গ’ল। আত্মৰক্ষাৰ ভদ্রজনোচিত উপায়-Sorry। বচ, সাতখুন মাফ।
বলীনঃ কথা দিছোঁ, খুন মাফ কৰাৰ সুযোগ আৰু তোমাক নিদিওঁ। এইবাৰৰ পৰা তোমাক বিমুখ নকৰোঁ।
মীনাক্ষীঃ আচ্ছা বলীনদা, যোগ্যতা থকা সত্ত্বেও কিছুমান মানুহে নিলিখে কিয়? বা লিখিলেও চুটি কিবা এটা পাল মাৰি লিখে, তাকো নেৰানেপেৰা অনুৰোধৰ হেঁচাত। আপোনাৰ নিজৰ কথাই ধৰকচোন। কিয় নিলিখে? ইয়াৰ আগতেও তিনি-চাৰিবাৰ অনুৰোধ কৰি কৰি আপোনাৰ পৰা লেখা এটা উলিয়াব নোৱাৰিলোঁ।
বলীনঃ এলাহ। এলাহৰ সৰ্বগ্রাসী- তুমি সর্বনাশীও ক’ব পাৰা-তাৰ কবলত পৰাৰ কাৰণে লিখিমেই বুলি প্রতিজ্ঞা কৰিও একো লিখা নহয়। মনৰ ভিতৰত অদ্যোপান্ত প্রবন্ধটো নিৰ্মাণ কৰি পেলাওঁ- কিন্তু টেবুলত বহি লিখা নহয়। স্থপতিৰ ব্লুপ্রিন্ট প্রস্তুত থাকে, কেৱল শব্দৰ ইটাৰে ঘৰটো সাজি উলিওৱা নহয়।
মীনাক্ষীঃ আপুনি এলাহৰ কথা কৈছে। কিন্তু সেয়া জানো অজুহাত নহয়? কিতাপ-পত্ৰ পঢ়াৰ ক্ষেত্ৰততো আপোনাক কেতিয়াও এলাহৰ কবলত পৰা দেখা নাই।
বলীনঃ সমস্যা তাতেই। এলাহৰ বাধা নেওচি কেতিয়াবা কিবা এটা লিখিবলৈ ল’লেই মনলৈ এনে ভাব আহে- টেবুলত বহি চাৰি-পাঁচ দিন একেৰাহে লিখি থকাতকৈ ভাল কিতাপ এখন পঢ়ি সময়ৰ সদ্ব্যৱহাৰ কৰাই ভাল।
মীনাক্ষীঃ এইধৰণৰ কথা আমাৰ স্কুলৰ গগৈ ছাৰেও কয়। তেওঁৰ অৱশ্যে আৰু এটা সমস্যা আছে।
বলীনঃ কি সমস্যা?
মীনাক্ষীঃ আড্ডাত বহিলে তেওঁ পাহৰি যায় যে ঘড়ীৰ কাঁটাডাল চলমান/কোনো Time budget নাই তেওঁৰ। কিবা লিখিবলৈ ক’লে ততালিকে উত্তৰ দিয়ে- আহৰিয়েই নাই, লিখিম কেতিয়া?
বলীনঃ আছে, আছে। এইধৰণৰ মানুহ আছে। তেওঁলোকে ঘড়ী নিৰপেক্ষভাৱে জীৱন যাপন কৰিবলৈ ভাল পায়, স্বাচ্ছন্দ্যবোধ কৰে। পিছে তোমাৰ মূল প্রশ্নটো খুবেই তাৎপর্যপূর্ণ, চিন্তা উদ্রেককাৰী- কিছুমান মানুহে সামর্থ্য থকা সত্ত্বেও লিখা-মেলা নকৰে কিয়? ব্যক্তিগত জীৱনশৈলী তথা মানসিকতাৰ বিষয়টোক বাদ দি বা তাত গুৰুত্ব নিদি তোমাৰ প্ৰশ্নটোৰ উত্তৰ দিয়া সম্ভৱ নহয়। আনহাতে সামাজিক পৰিৱেশ-পৰিস্থিতিৰ প্ৰশ্নটোকো তুমি গৌণ জ্ঞান কৰিব নোৱাৰা। আমি ক’ব নোৱাৰাকৈ সমাজে-চৌপাশৰ বাতাৱৰণে আমাৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত প্ৰভাৱ পেলায়।
মীনাক্ষীঃ আপুনি ব্যক্তিগত জীৱনশৈলীৰ কথা কৈছে। আপোনাৰ এলাহ আৰু দুৰ্বাৰ পঠনপ্রীতি তাৰ এক চিনাকি দৃষ্টান্ত। ঘড়ীৰ পিনে পিঠি দি আড্ডাত মচণ্ডল হোৱা আমাৰ গগৈ ছাৰৰ কাল অপব্যয়ী অভ্যাসো জীৱনশৈলীৰেই অংগ। পিছে আপুনি যি মানসিকতাৰ কথা ক’লে সেই বিষয়েহে অলপ জানিবলৈ মন গৈছে।
বলীনঃ খুবেই স্বাভাৱিক। কাৰণ মানুহৰ মনৰ লীলা-খেলাৰ, তাৰ বৈচিত্র্য, জটিলতা আৰু প্ৰচ্ছন্নতাৰ স্বৰূপ বুজিবলৈ তুমি সর্বদাই লালায়িতা। কিন্তু বিষয়টো সহজ নহয় মীনাক্ষী। মনোবিজ্ঞানে একোটা ঘটনা বা আচৰণৰ একাধিক ব্যাখ্যা দিয়ে, এইবোৰ ব্যাখ্যাত অনুমানৰ ভূমিকাও উপেক্ষণীয় নহয়। ফলত কেতিয়াবা বিভ্রান্তিৰ সৃষ্টি হয়। সেইবুলি মানুহৰ মন-মেজাজক জানো আওকাণ কৰিব পাৰি? কেতিয়াবা অৱশ্যেই মনলৈ শংকা মিহলি সংশয়ৰ ভাবো আহে।
মীনাক্ষীঃ কিয়?
বলীনঃ ভাবোঁ, প্রায়ে মনস্তত্বৰ কথা কৈ বাৰু Psychologissationৰ জালত বন্দী হৈ পৰিছোঁ নেকি? পিছ মুহূৰ্ততে মনলৈ এটা প্রশ্ন আহে- বিৱৰ্তনৰ ফলত উন্নত মস্তিষ্কৰ অধিকাৰী হোৱা, চিন্তা আৰু কল্পনা কৰিব পৰা, বিমূর্ত ধাৰণা নিৰ্মাণ কৰিব পৰা মানুহৰ বিচিত্ৰ কৰ্মকাণ্ড তথা আচৰণৰ তুলনামূলকভাৱে পূর্ণাংগ ব্যাখ্যা মানুহৰ মনটোক বাদ দি জানো দাঙি ধৰাটো সম্ভব?
মীনাক্ষীঃ আজিৰ কৰাণে সেই আউল লগা তত্ত্ববোৰ বাদ দিয়ক বলীনদা। অন্য এটা দেওবৰীয়া আড্ডাত সেই গূঢ় কথাবোৰ শুনিম।
বলীনঃ তাৰমানে আজি তোমাৰ একমাত্র টার্গেট এচাম সক্ষম লোকৰ বন্ধ্যাত্ব!
মীনাক্ষীঃ আপোনাৰ অনুমান মিছা নহয়।
বলীনঃ মানসিকতাৰ কথা ক’বলৈ যাওঁতে একাধিক দিশৰ পৰা বিষয়টো বিবেচনা কৰি চাব লাগিব। প্রথমেই তোমাক নিজৰ বিষয়ে মানুহৰ মনত থকা নেতিবাচক ধাৰণাৰ কথা কওঁ। কিছুমান মানুহৰ অধ্যয়ন আছে, কিবাকিবি লিখাৰ আগ্রহো আছে, কিন্তু তেওঁলোকৰ নাই পর্যাপ্ত আত্মবিশ্বাস। তুমি ইয়াক Inferiority feeling বুলিব পাৰা। এই মানসিকতাই একধৰণৰ আত্ম-অৱমূল্যায়নক প্রশ্রয় দিয়ে। ইয়াৰ পৰিণাম কি হ’ব পাৰে তুমি নিশ্চয় অনুমান কৰিব পাৰিছা। আত্মবিশ্বাস নথকা বা নিজকে হেয়জ্ঞান কৰা মানুহে ৰাজহুৱা পৰিসৰত ভুমুকি মাৰিবলৈ লিখা-মেলাৰ জৰিয়তে পঢ়ুৱৈ-সমাজৰ কাষ চাপিবলৈ কোনো আগ্রহ অনুভৱ নকৰে।
মীনাক্ষীঃ পিছে বলীনদা, আপুনি যি আত্মবিশ্বাসৰ অভাৱৰ কথা কৈছে তাৰ পৰিমাণ মাত্ৰাধিক হ’লেও বিপদ আছে। মৈনাকৰ কলেজৰ এজন ইংৰাজীৰ শিক্ষকে দম্ভালি মাৰি…
বলীনঃ জানো জানো, তুমি কাৰ কথা ক’বলৈ গৈছা জানো। তোমাৰ বন্ধু আত্মবিশ্বাসৰ পৰিমাণ আৰু পৰিসৰ বাঢ়ি গৈ থাকিলে একধৰণৰ গুণগত- Qualitive পৰিৱৰ্তন আহে। যেনেকৈ যুক্তিহীনভাৱে ভয় বাঢ়ি গৈ আতংকৰ বা Fobiaৰ জন্ম দিয়ে, তেনেকৈ আত্মবিশ্বাসৰ ভিত্তিহীন বর্ধনে অহংকাৰ, আত্মমুগ্ধতা, গোড়ামি আদিৰ সূচনা কৰিব পাৰে।… কি হ’ল, চকু ঘোপা কৰি চাইছা যে কথাবোৰত কিবা ছিৰিয়াছ আসোঁৱাহ দেখা পাইছা নেকি?
মীনাক্ষীঃ তেনেকৈ চোৱাৰ কাৰণ হ’ল আপুনি আকৌ মূল প্রশ্নটোৰ পৰা ফালৰি কাটি গৈছে।
বলীনঃ সেইটো বাৰ্ধক্যৰ লক্ষণ। কোৱা, তুমি কি ক’ব বিচাৰিছা কোৱা।
মীনাক্ষীঃ আমি এম এ পঢ়ি থাকোঁতে এগৰাকী অধ্যাপকৰ কথা খুবকৈ শুনিছিলোঁ। তেওঁ বিলাত-ফেৰৎ বিদ্বান, কেউপিনে ৰৈ-বৈ যোৱা খ্যাতি। তেওঁৰ পাণ্ডিত্যপূর্ণ ভাষণ শুনি দিল্লীৰ অধ্যাপকো-
বলীনঃ প্রশংসাত পঞ্চমুখ হৈছিল। তেওঁক চিনি পাওঁ। পণ্ডিত মানুহ, কিন্তু লিখিতভাৱে সেই পাণ্ডিত্যৰ সোৱাদ আমাক দিয়াৰ ক্ষেত্ৰত তেওঁ অত্যন্ত কৃপণ। আত্মহননৰ ভাবুকি দিও তুমি তেওঁৰ পৰা প্রবন্ধ এটা আনিব নোৱাৰা।
মীনাক্ষীঃ ইয়াৰ কাৰণ কি? তেওঁৰ ক্ষেত্ৰত আত্মবিশ্বাসৰ অভাৱ বুলি ক’লে সি হ’ব কষ্টকল্পিত ব্যাখ্যা।
বলীনঃ এইটো এটা বেলেগধৰণৰ সমস্যা। কৃতবিদ্য লোকক আমাৰ সমাজে উচ্চ আসন দিয়ে, অপৰিমেয় সন্মান যাচে, প্রশংসাৰে ওপচাই পেলায়। এনে স্বীকৃতিয়ে যি ৰাজহুৱা ভাবমূর্তি- Public image নিৰ্মাণ কৰে, সেই তৃপ্তিদায়ক imageৰ কিবা ক্ষতি হয় বুলি অত্যধিক ইমেজ-সচেতন বিদ্বানৰ মনত ভয় থাকে, যি ভয়ে হয়তো আশ্রয় বিচাৰি পায় তেওঁৰ অৱচেতনত। এই ভয়ৰ কাৰণে এচাম খ্যাতিমান বিদ্বানে লিখা-মেলা কৰিবলৈ বিশেষ আগ্রহবোধ নকৰে যেন লাগে। তুমিতো জানাই, ভাষণৰ স্মৃতি সততে দীর্ঘজীবী নহয়, কিন্তু মুদ্রিত বা অনলাইনত উপলভ্য লেখা বহুদিনলৈকে সংৰক্ষিত হৈ থাকে। স্বল্পায়ু হোৱা হেতুকে ভাষণৰ স্মৃতিক লৈ বিদ্বান বক্তাসকলৰ দুৰ্ভাৱনা নাই। কিন্তু লিখিত ৰচনাৰ বেলিকা ইমেজ-সচেতন বিদ্বানৰ মনত কিছু শংকা থকাটো আচৰিত নহয়।
মীনাক্ষীঃ আৰু এটা কথা বলীনদা। মানুহৰ মনত Self image-ও থাকে। নিজৰ প্ৰত্যাশা নিজেই পূৰণ কৰিব নোৱাৰিব বুলি দুই-এক বিদ্বানৰ মনত উদ্বেগ থাকিব পাৰে।
বলীনঃ ঠিক কৈছা। আচলতে অত্যধিক আত্মসচেতনতাৰ বিবিধ পার্শ্ব পৰিণাম লক্ষ্য কৰা যায়। লেখকৰ ব্যক্তিত্বত সাঁচ বহুৱায় নানাপ্রকাৰে। যেনে ধৰা, উৎকটভাৱে আত্মসচেতন হ’লে নিজৰ সৃষ্টিৰাজি Selfৰ- অহঙৰ অংগ হৈ পৰে। তেতিয়া কোনোবাই সমালোচনা কৰিলেই অহং আহত হয়। ব্যক্তিগত তাৰ প্ৰতিক্রিয়াও দেখা যায়- কোনোবা হয় ম্রিয়মাণ, কোনোবা হয় বাক্রুদ্ধ।
মীনাক্ষীঃ আপোনাৰ লগত কথা পাতি থাকোঁতে মনলৈ আৰু এটা কথা আহিছে। বৰ উচ্চাভিলাষী প্রজেক্ট ল’লে কেতিয়াবা লিখা-মেলা প্রায় বন্ধ হৈ পৰিব পাৰে। ধৰক, বিস্তৰ অধ্যয়ন থকা কোনোবাই সমাজ-বিকাশৰ সামগ্রিক ইতিবৃত্ত লিখাৰ Ambitious Plan এটা মনত পুহি ৰাখিছে দীর্ঘকালৰ পৰা। কিন্তু নানা কাৰণে সংসাৰৰ ঝামেলা বা বৃত্তিগত ব্যস্ততাৰ বাবে তেওঁৰ প্ৰিয় প্ৰজেক্টৰ কাম আৰম্ভই কৰিব পৰা নাই। কিবা এটা লিখাৰ কথা ভাবিলেই এই মানুহজনক তেওঁৰ অপূৰ্ণ মনোবাঞ্ছাই বাধা দিয়াৰ সম্ভাৱনা নথকা নহয়। বিশেষকৈ তেওঁ যদি আঁকোৰগোজভাৱে উচ্চাকাংক্ষী প্রজেক্টৰ ধাৰণাটোতেই লাগি থাকে।
বলীনঃ বাহ্, তোমাৰ লগত আড্ডা মৰাৰ এই এটা প্লাছ পইণ্ট— চিন্তা-ভাবনাৰ Cross fertilization.
মীনাক্ষীঃ আপোনাৰ প্ৰশংসাৰ উদগনি পাই আৰু এটা কথা ক’বলৈ মন গৈছে।
বলীনঃ কোৱা, মনলৈ যি আহিছে কৈ যোৱা। কথাবোৰ মনৰ নিগূঢ় কোঠাত Save কৰি থ’লে কেতিয়াবা delete হৈ যাব পাৰে।
মীনাক্ষীঃ এই কথাটোও উচ্চাভিলাষৰ সৈতে জড়িত, কিন্তু তাৰ চৰিত্ৰ বেলেগ। মুষ্টিমেয় কিছু লেখক আছে, যিসকলে নিখুঁত প্রবন্ধ আৰু পর্যালোচনা লিখাটো নিজৰ কৰ্তব্য বুলি ভাবে। এই মনোবাসনা নিশ্চয় প্রশংসনীয়। পিছে সমস্যা হ’ল, এজন লেখকৰ মাজত থকা Perfectionistজনে অবাধ আধিপত্য বিস্তাৰ কৰিলে সৃষ্টিৰ সংখ্যা খুব কমি যোৱাৰ বা একেবাৰে শূন্য হৈ পৰাৰ সম্ভাৱনা থাকে।
বলীনঃ তোমাৰ কথা শুনি এজন বন্ধুৰ কথা মনত পৰিছে। অধ্যয়নপুষ্ট, ছিৰিয়াছ মানুহ তেওঁ। বুৰঞ্জী-চৰ্চাত তেওঁ তথ্যনিৰ্ভৰ বস্তুনিষ্ঠতাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়ে। এবাৰ তেওঁ বৰ দৰকাৰী প্ৰবন্ধ এটা লিখিম বুলি আমাক কথা দিলে। কিন্তু কেইটামান তথ্য বিচাৰি নোপোৱাৰ কাৰণে প্ৰবন্ধটো তেওঁৰ লিখাই নহ’ল। ধাৰণা হয়, Perfection প্ৰীতিৰ কাৰণে তেওঁ নিজৰ প্ৰজেক্টটো বিস্মৃতিৰ এন্ধাৰত বিসর্জন দিলে।
মীনাক্ষীঃ এইবাৰ সমস্যাটোৰ অন্য এটা দিশ সম্পর্কে দুটামান প্রশ্ন-
বলীনঃ আৰু প্ৰশ্ন? দ্রৌপদীৰ বস্ত্ৰৰ দৰে তোমাৰ প্রশ্নও কি অন্তহীন?
মীনাক্ষীঃ আপোনাৰ আগৰ এটা উক্তিৰ আঁত ধৰি সুধিছোঁ, চিন্তামূলক সৃষ্টিৰ ক্ষমতা থকা সত্ত্বেও কিছু লোকে যে বন্ধ্যাত্বক আঁকোৱালি লয় তাৰ সামাজিক উৎস কি?
বলীনঃ তোমাক সামাজিক পৰিৱেশ-পৰিস্থিতি সম্পর্কে ইংগিত দিছিলোঁ, মনত আছে?
মীনাক্ষীঃ মনত আছে কাৰণেইতো প্রশ্নটো কৰিছোঁ।
বলীনঃ সমাজখনলৈ ভালদৰে চোৱা- কি ৰাজনীতি, কি অর্থনীতি, কি সংস্কৃতি, কি সামাজিক বাতাৱৰণ- সকলো ক্রমে গেলি-পচি গৈছে, দুর্গন্ধময় চৌদিশ। এনে অৱস্থাত হতাশা, ব্যর্থতাবোধ, চিনিছিজমে মন-মেজাজক পংগু কৰি পেলোৱাটোৱেই স্বাভাৱিক। যিসকলে বিকল্পৰ কথা ভবা নাই বা তাৰ সন্ধান পোৱা নাই, তেওঁলোকৰ বহুতৰে বিবশ মনলৈ এনে ধাৰণা আহিছে- কি হ’ব লিখা-মেলা কৰি? সমাজখন একেই থাকিব। মানুহে হেৰুৱাইছে মনুষ্যত্ব। চব জহন্নামে গ’ল।
মীনাক্ষীঃ কিন্তু ৰূপান্তৰকামী আদৰ্শক আদৰি লোৱা লোকো আছে।
বলীনঃ নাই বুলিতো কোৱা নাই। কিন্তু তেওঁলোকৰ সংখ্যা কম, ক্ষমতা ক্রমক্ষীয়মাণ, চিন্তা-ভাবনা কিছু বিভ্রান্ত। সুখ আৰু আশাৰ কথা, এওঁলোকে লিখা-মেলা কৰি আছে যদিও নানা কাৰণে তেওঁলোকৰ আত্মপ্ৰকাশৰ পৰিসৰ ক্ৰমে সংকুচিত হ’বলৈ ধৰিছে, বাতাৱৰণো হৈ পৰিছে প্ৰদূষিত।
মীনাক্ষীঃ তাৰমানে বলীনদা, হতাশাজনক পৰিৱেশ-পৰিস্থিতিয়ে যি প্রায় সর্বগ্রাসী চিনিছিজমৰ জন্ম দিছে তাৰ সংক্ৰমণৰ ফলত এচাম যোগ্যতাসম্পন্ন মানুহ লিখা-মেলাৰ প্ৰতি নিস্পৃহ হৈ পৰিছে। উদ্যম আৰু প্ৰেৰণাৰ অভাৱত তেওঁলোকে বন্ধ্যাত্বৰ বোজাক-
বলীনঃ তেওঁলোকে কিন্তু ইয়াক বোজা আখ্যা নিদিয়ে। বহুতে ভাবে, ই তেওঁলোকৰ বাস্তৱবোধৰ পৰিচায়ক, সুচিন্তিত সিদ্ধান্ত।
মীনাক্ষীঃ এইসকল লোকৰ উদ্দেশ্যে আপুনি পৰামৰ্শমূলক কিবা ক’ব নেকি?
বলীনঃ আৰে, পৰামৰ্শ বিচাৰিছা যে? টিভি চেনেল বা আলোচনীৰ কাৰণে তুমি ইণ্টাৰভিউ লৈছা নেকি?
মীনাক্ষীঃ কথাটো তেনেকুৱাই। অৱশ্যে টিভি বা আলোচনীৰ কাৰণে নহয়, আমাৰ সোণালী জয়ন্তীৰ ছ’ভেনিয়ৰৰ কাৰণে।
বলীনঃ বলিয়া হ’লা নেকি? সোণালী জয়ন্তীয়ে তোমাৰ মাথাৰ নট-বল্টু চব ঢিলা কৰি দিলে নেকি? অথনিৰ পৰা আং-বাং কথা বলকি আছোঁ। সেইবোৰ তুমি-
মীনাক্ষীঃ সেইবোৰ আং-বাং কথা নহয়। ম’বাইলত আমাৰ কথোপকথন ৰেকৰ্ড কৰি থৈছোঁ। কিঞ্চিৎ সম্পাদনা কৰি সন্ধিয়া আপোনাক দেখুৱাম। বৌক ক’ব, পুৱাৰ কফিকাপ বাকী থাকিল। সন্ধিয়া খাম- পকৰিৰ লগত। এতিয়া বিদায় বলীনদা।
বলীনঃ ধেৎ পাগলী।

