যুক্তিবাদ আৰু বিজ্ঞানমনস্কতা : বিজ্ঞানৰ ইতিহাসে দিয়া শিক্ষা ।। কৌশিক দাস
মুক্ত চিন্তা। দ্বাদশ বছৰ। দ্বিতীয় সংখ্যা
বিজ্ঞানৰ ইতিহাস মুহূৰ্ততে চূড়ান্ত সত্য প্ৰতিষ্ঠা কৰা কাহিনী কিছুমানৰ নিশ্চল সমাৰোহ নহয়। বৰঞ্চ, ই হৈছে বহুতো ভুলৰ মাজেদি, মাজে মাজে হয়তো সাময়িকভাৱে থমকি ৰৈ, অধিক শুদ্ধতাৰ দিশলৈ নিৰন্তৰভাৱে আগবাঢ়ি যোৱাৰ জংগম ইতিহাস। অলপ গমি চালেই আমি দেখিবলৈ পাম যে যিমানেই জটিল নহওক, তেনে অগ্ৰগতিৰ বাটত একধৰণৰ শৃংখলা সদায়েই বিৰাজমান। যিদৰে বাছ, ৰেল, উৰাজাহাজ আদিৰ যাত্ৰাত কিছুমান নিৰ্দিষ্ট নিয়ম বান্ধি দিয়া থাকে, তেনেদৰেই বিজ্ঞানৰ যাত্ৰাপথতো কিছুমান সুস্পষ্ট আৰু সুশৃংখল নীতি আছে। তেনে নীতিসমূহৰ এটা হ’ল—এসময়ত শুদ্ধ বুলি প্ৰতিষ্ঠিত ধাৰণাত যদি পৰৱৰ্তী কালত আসোঁৱাহ ওলায়, তেনেহ’লে তাক বাটতে পৰিত্যাগ কৰিবই লাগিব, আদৰণি জনাব লাগিব অধিক শুদ্ধ আৰু পৰিশীলিত তত্ত্বক। সেইটো যদি কৰা নহয়—পুৰণি ধাৰণা ভুল বুলি প্ৰমাণিত হোৱাৰ পাছতো তাক যদি শুদ্ধ বুলি বিশ্বাস কৰি থকা হয়—তেনেহ’লে সি আৰু বিজ্ঞান হৈ নাথাকে, সি হৈ পৰিব মতান্ধতা আৰু গোড়ামিৰ বিতৰ্কাতীত স্বাক্ষৰ। এই দিশটো যদিও বহুজন আলোচিত, তথাপি কথাটো অধিক পৰিষ্কাৰ কৰিবলৈ তিনিটা বেলেগ বেলেগ শতিকাৰপৰা বুটলি অনা তিনিটা প্ৰতিনিধিত্বমূলক উদাহৰণে আমাক অলপ সহায় কৰিব।
আমাৰ সকলোৰে পৰিচিত জুই বা অগ্নিনো কি? বেখাৰ (Johann Joachim Becher, ১৬৩৫-১৬৮২) নামৰ এগৰাকী জাৰ্মান বিজ্ঞানীয়ে ধাৰণা কৰিছিল যে দহনশীল পদাৰ্থৰ ভিতৰত এবিধ বিশেষ উপাদান থাকে। জ্বলনৰ সময়ত সেই উপাদান বাহিৰলৈ ওলাই আহে। তেওঁ এই উপাদানটোৰ নাম এটাও দিছিল—টেৰা পিংগুইছ (Terra pinguis)। বেখাৰৰ ধাৰণাটো অধিক পৰিশ্ৰুত কৰিছিল জাৰ্মানিৰেই ষ্টাহল (Georg Ernst Stahl, ১৬৫৯-১৭৩৪) নামৰ এগৰাকী বিজ্ঞানীয়ে। তেওঁ ভাবিছিল, দহনৰ সময়ত পদাৰ্থৰ ভিতৰৰপৰা—বেখাৰে ধাৰণা কৰাৰ দৰে—সঁচাই এটা উপাদান বাহিৰলৈ ওলাই আহে। তেওঁ তেনে কল্পিত উপাদানটোৰ নাম ৰাখিছিল ফ্ল’জিষ্টন। সেইটো মাৰ্গৰ চিন্তাৰ হাত ধৰি পৰৱৰ্তী কালৰ বিজ্ঞানীসকলে নানান পৰীক্ষা-নিৰীক্ষাও সম্পাদন কৰিছিল। পিছে অষ্টদশ শতিকাৰ বিখ্যাত বিজ্ঞানী লেভৰছিয়াৰে (Antoine-Laurent de Lavoisier ১৭৪৩-১৭৯৪) যেতিয়াই পৰীক্ষাৰ জৰিয়তে দেখুৱালে যে দহন প্ৰক্ৰিয়াত অক্সিজেন যোগহে হয়, তেতিয়াই ফ্ল’জিষ্টন তত্ত্বটো বাতিলৰ তালিকাত সোমাই পৰিল।

এইবাৰ দ্বিতীয় উদাহৰণটোলৈ আহিছোঁ। শব্দ এঠাইৰপৰা অন্য ঠাইলৈ যাবলৈ কোনো মাধ্যমৰ প্ৰয়োজন হয়—শূন্যতাৰ মাজেৰে শব্দ ইঠাইৰপৰা সিঠাইলৈ যাব নোৱাৰে। এই প্ৰতিষ্ঠিত কথাটোৱে বিজ্ঞানীসকলক পোহৰ চলাচলৰ কথাটো ব্যাখ্যা কৰাত বৰ বিপাঙত পেলাইছিল। প্ৰশ্নটো এইদৰে উঠিছিল—মহাকাশৰ মহাশূন্যতাৰ মাজেৰে শব্দ আহিব নোৱাৰে, কিন্তু পোহৰ কেনেদৰে আহে? তাততো কোনো মাধ্যম নাই! ঊনবিংশ শতিকাৰ পদাৰ্থবিজ্ঞানীসকলে সমস্যাটোৰ সমাধান কৰিবলৈ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত এবিধ অদৃশ্য মাধ্যমে বিৰাজ কৰি আছে বুলি ধাৰণা কৰিছিল। মাধ্যমবিধৰ নাম দিয়া হৈছিল ইথাৰ। ইথাৰৰ অস্তিত্ব আছে—এই ধাৰণাটোক বেলেগ এটা দিশত প্রয়োগ কৰাৰ চিন্তা মনলৈ আহিল মাইকেলছন (Albert Abraham Michelson, ১৮৫২-১৯৩১) আৰু মৰ্লি (Edward Williams Morley, ১৮৩৮-১৯২৩) নামৰ দুজন বিজ্ঞানীৰ। দুয়ো চিন্তা কৰিলে, ইথাৰৰ মাজেদি যেতিয়া পৃথিৱীখনে নিজৰ কক্ষত গতি কৰি আছে, তেতিয়াহ’লে সূক্ষ্ম যন্ত্রপাতি লৈ ইথাৰৰ সাপেক্ষে পৃথিৱীৰ বেগ নিৰ্ণয় কৰা যায়। ১৮৮৭ চনত মাইকেলছন আৰু মৰ্লিয়ে তেনেদৰে পৃথিৱীৰ গতি নিৰ্ণয় কৰাত হাতে-কামে লাগি গ’ল। পিছে, অতি সাৱধানে সম্পাদন কৰা তেওঁলোকৰ বিখ্যাত পৰীক্ষাটোৱে পৃথিৱীৰ বেগ নিৰ্ণয় কৰাত ব্যৰ্থ হ’ল। সকলোকে সেই পৰীক্ষাৰ ব্যৰ্থতাই চিন্তাত পেলালে—গণ্ডগোলটো লাগিল ক’ত! আগবাঢ়ি আহিল এলবাৰ্ট আইনষ্টাইন (Albert Einstein, ১৮৭৯-১৯৫৫); তেওঁ ক’লে, ইথাৰ নাই বুলি ধৰি ল’লেহে মাইকেলছন আৰু মৰ্লিৰ পৰীক্ষাৰ ফলাফলৰ সঠিক ব্যাখ্যা ওলাব। পিছে, পুনৰ এই প্রশ্নটো উকমুকাই উঠিল—তেনেহ’লে মহাকাশৰ মাজেদি পোহৰ কেনেকৈ চলাচল কৰে? পাছলৈ আইনষ্টাইনে দেখুৱালে যে পোহৰৰ কথাটো একেবাৰেই বেলেগ, পোহৰ চলাচলৰ বাবে ইথাৰৰ দৰে কোনো মাধ্যমৰ প্ৰয়োজনেই নাই। লগে লগে পৰিত্যাগ কৰা হ’ল ইথাৰ-তত্ত্বটোক।
এইবাৰৰ উদাহৰণটি বিংশ শতিকাৰ। শতিকাটোৰ আৰম্ভণিতে ধাৰণা কৰা হৈছিল যে বিশ্বব্ৰহ্মাণ্ডখন স্থিৰ আৰু অপৰিৱৰ্তনীয়। সেইটো আছিল স্থিৰ বিশ্বব্রহ্মাণ্ডৰ আৰ্হি। প্ৰথমতে আইনষ্টাইনৰ দৰে দিগ্দৰ্শী বিজ্ঞানীও বিশ্বব্ৰহ্মাণ্ডখন স্থিৰ বুলিয়েই ধাৰণা কৰিছিল। পিছে হাব্ল (Edwin Powell Hubble, ১৮৮৯-১৯৫৩) আৰু কেইগৰাকীমান জ্যোতিৰ্বিজ্ঞানীগৰাকীয়ে দেখুৱালে যে মহাবিশ্ব মুঠেও স্থিতিশীল নহয়—বিশ্বব্ৰহ্মাণ্ডখন নিৰন্তৰভাৱে প্ৰসাৰিত হৈ আছে। গতিকে সৰহভাগ বিজ্ঞানীয়েই নবলব্ধ আৰু পৰ্যবেক্ষণসম্ভূত তথ্যৰ ওপৰত ভিত্তি কৰি স্থিৰ বিশ্বব্রহ্মাণ্ডৰ আৰ্হিটোক পৰিত্যাগ কৰিলে।
উপৰিউক্ত তিনিটা উদাহৰণৰ মাজত শতিকাৰ ব্যৱধান আছে, বিষয়সমূহো একেবাৰে বেলেগ বেলেগ। কিন্তু আটাইকেইটাই বিজ্ঞানৰ এটা সুস্পষ্ট নীতি প্ৰতিফলিত কৰিছে। সেই নীতিটোনো কি? আমি নীতিটোৰ কথা উদাহৰণকেইটি পোৱাৰ আগতেই উল্লেখ কৰি আহিছিলোঁ যদিও এইখিনিতে তাক পুনৰ মনত পেলাই লওঁ। বিজ্ঞানত কোনো এটা ধাৰণা এবাৰ প্ৰতিষ্ঠিত হ’লেই সি চিৰকালৰ বাবে সত্যৰ মৰ্যাদা লাভ নকৰিবও পাৰে। কোনো এক সময়-পৰ্বৰ ধাৰণাসমূহৰ গ্ৰহণযোগ্যতা নিৰ্ভৰ কৰে উপলভ্য প্ৰমাণৰ ওপৰত। কিন্তু সময় আগবঢ়াৰ লগে লগে বেলেগধৰণৰ তথ্য-প্রমাণ মানুহৰ হাতলৈ আহিব পাৰে। তেনে নতুন তথ্য-প্ৰমাণে যদি আগৰ ধাৰণাৰ দুৰ্বলতা বা অসম্পূৰ্ণতা দেখুৱাই দিয়ে, তেন্তে তাক পুনৰ বিবেচনা কৰাৰ প্ৰয়োজন হয়। এই প্ৰক্ৰিয়াত পুৰণি তত্ত্বৰ ঠাইত নতুন তত্ত্ব আহে, কেতিয়াবা পুৰণি ধাৰণাৰ কিছুমান অংশ সংশোধিত ৰূপত বৰ্তি থাকে, কেতিয়াবা হয়তো সমগ্ৰ ব্যাখ্যা-বিশ্লেষণৰ মূল সংগ্ৰথন বা অৱয়বটোতেই সম্পূৰ্ণ বৈপ্লৱিক ৰূপান্তৰ সংঘটিত হয়। নিকোলাছ ক’পাৰ্নিকাছ (Nicolaus Copernicus, ১৪৭৩-১৫৪৩) আৰু চালৰ্ছ ডাৰউইনৰ (Charles Robert Darwin, ১৮০৯-১৮৮২) তত্ত্ব দুটা বিজ্ঞানৰ ইতিহাসত তেনে আমূল পৰিৱৰ্তনৰ বিখ্যাত উদাহৰণ।
সদা বিকশমান বিজ্ঞান হৈছে মানুহৰ জ্ঞান আহৰণৰ এক অতি পৰিশ্ৰুত আৰু পৰিশীলিত পদ্ধতি; এই পদ্ধতিত পৰ্যবেক্ষণ, পৰীক্ষা, যুক্তি, সমালোচনা আৰু সংশোধনৰ মাজেৰে কোনো এটা কথাৰ গ্ৰহণযোগ্যতা সূক্ষ্মভাৱে নিৰ্ণয় কৰা হয়। এই পদ্ধতিটোৰ অনুপম বৈশিষ্ট্য এইখিনিতে যে ইয়াত কোনো ব্যক্তি, প্ৰতিষ্ঠান বা তত্ত্বক—সেইসমূহ যিমানেই শক্তিশালী নহওক—প্ৰশ্নাতীত বুলি গণ্য কৰা নহয়। কোনো এগৰাকী বিজ্ঞানী অতি বিখ্যাত হ’ব পাৰে, হ’ব পাৰে বিজ্ঞানলৈ তেওঁৰ অৱদান যুগান্তকাৰী—কিন্তু সেই কাৰণতে তেওঁৰ প্ৰতিটো বক্তব্য শুদ্ধ বুলি প্ৰশ্নাতীতভাৱে মানি লোৱা নহয়। একেদৰে, কোনো অখ্যাত গৱেষকে আগবঢ়োৱা তত্ত্ব কেৱল তেওঁ অপ্ৰতিষ্ঠিত বুলিয়েই অগ্ৰাহ্য কৰাটোও বিজ্ঞানৰ চৰিত্ৰ নহয়। বিজ্ঞানত গুৰুত্বপূৰ্ণ কথা হ’ল—কোনো এটা কথাৰ সপক্ষে কি প্ৰমাণ আছে, আৰু যুক্তিৰে তাক কিমানখিনি সমৰ্থন কৰিব পাৰি। প্ৰমাণ অবিহনে কোনো কথাক সত্য বুলি মানি নোলোৱা যেনেকৈ বিজ্ঞানৰ এটা ঘাই বৈশিষ্ট্য, তেনেকৈ পৰ্যাপ্ত প্ৰমাণৰ সন্মুখত পূৰ্বৰ প্ৰতিষ্ঠিত ধাৰণাক সলনি কৰাটোও তাৰ এটা প্ৰধান চৰিত্ৰ।
উক্ত দিশটোতেই বিজ্ঞান আৰু মতান্ধতাৰ মাজৰ পাৰ্থক্যটো স্পষ্ট হৈ উঠে। মতান্ধতাই আগতেই এটা সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ পিছত সেই সিদ্ধান্তৰ সমৰ্থনত যুক্তি বা তথ্য বিচাৰি ফুৰে। বিপৰীতে, বিজ্ঞানে প্ৰথমে প্ৰশ্ন উত্থাপন কৰে, উপলভ্য তথ্য পৰীক্ষা কৰে আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্তৰ দিশলৈ অগ্ৰসৰ হ’বলৈ প্ৰয়াস কৰে। সিদ্ধান্তটোৰ গ্ৰহণ-বৰ্জনৰ ক্ষেত্ৰত বিজ্ঞানী এগৰাকীৰ নিজৰ পছন্দ-অপছন্দৰ দিশটো বিচাৰ্যৰ বিষয়েই নহয়। পুনৰাবৃত্তি হ’লেও কোৱাটো ভাল, পৰৱৰ্তী সময়ত অধিক শক্তিশালী প্ৰমাণ পোৱা গ’লে ইতিমধ্যে গ্ৰহণ কৰা সিদ্ধান্তটোক পুনৰীক্ষণ কৰি চোৱাৰ দুৱাৰো বিজ্ঞানত সদায়েই উন্মুক্ত হৈ থাকে।
সেইবুলি বিজ্ঞানত কোনো কথাই কেতিয়াও নিশ্চিত নহয়, বিজ্ঞানৰ সকলো তত্ত্ব আৰু ধ্যান-ধাৰণা একেবাৰেই ক্ষণিক—তেনেদৰে ভাবিলেও ভুল হ’ব। সকলো বৈজ্ঞানিক তত্ত্ব আৰু ধ্যান-ধাৰণাৰ যৌক্তিক ভিত্তি আৰু শক্তি একে নহয়। কিছুমান ধাৰণা অনুমানৰ প্ৰাৰম্ভিক স্তৰত থাকে; অন্যহাতেদি, আন কিছুমান তত্ত্বৰ সমৰ্থনত থাকে অসংখ্য পৰীক্ষা-নিৰীক্ষা আৰু সতৰ্ক পৰ্যবেক্ষণৰ গৱেষণালব্ধ প্ৰমাণ। প্ৰাৰম্ভিক স্তৰত থকা কোনো বিকশমান ধাৰণাক নৱলব্ধ তথ্য-প্ৰমাণে অচিৰেই সলাই পেলাব পাৰে, কিন্তু সবল ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত বৈজ্ঞানিক সিদ্ধান্তৰ ক্ষেত্ৰত তেনে নহয়। নতুন প্ৰমাণে কোনো শক্তিশালী তত্ত্বৰ সীমাবদ্ধতা দেখুৱাব পাৰে ঠিকেই, কিন্তু তাৰ অৰ্থ এইটো নহয় যে সেই তত্ত্বৰ প্ৰতিটো অংশই অশুদ্ধ। নতুন জ্ঞানে শক্তিশালী যুক্তিৰে নিৰ্মিত তেনে পুৰণি তত্ত্বক সম্পূৰ্ণৰূপে অপসাৰিত কৰাৰ পৰিৱৰ্তে তাক অধিক পৰিশ্ৰুত, পৰিশীলিত আৰু পৰিৱৰ্ধিতহে কৰে। সেয়েহে বিজ্ঞানৰ পৰিৱৰ্তনশীল বিকশমান স্বৰূপৰ অৰ্থ সকলো কথাকে চূড়ান্তভাৱে অনিশ্চিত বুলি চিহ্নিত কৰা নহয়। সূৰ্যটো এদিন নুমাই যাব—সেইটো নিশ্চিত; কিন্তু কেনেকৈ, সেই প্ৰশ্নৰ বৰ্তমানৰ উত্তৰসমূহত সম্পূৰ্ণ নিশ্চয়তা নাই। তেনে অনিশ্চয়তাৰ কাৰণটো সূৰ্যৰ শেষ দশাৰ অনিশ্চয়তা নহয়, অনিশ্চয়তাৰ উৎস হৈছে বৰ্তমানৰ মানুহৰ অপ্ৰতুল জ্ঞান।
সি যিয়েই নহওক, বিশুদ্ধ বিজ্ঞানৰ আভ্যন্তৰিক ক্ষেত্ৰখনত নিৰন্তৰে সংঘটিত হৈ থকা গ্ৰহণ-বৰ্জনৰ প্ৰক্ৰিয়াটো ইমানেই স্বাভাৱিক যে তাক লৈ কোনো খু-দুৱনি নাই। পিছে, তেনে স্পষ্টতাৰ মাজতেই আমি প্রশ্ন এটাৰো সন্মুখীন হওঁ। সংশোধন-পৰিবৰ্ধনৰ কথাটো বিশুদ্ধ বিজ্ঞানৰ ক্ষেত্ৰতহে মাত্ৰ প্ৰযোজ্য হোৱা উচিত বুলি জানো বিবেচনা কৰিব পাৰি? মানুহৰ চিন্তা আৰু মনন মাত্ৰ বিজ্ঞানতেই সীমাবদ্ধ হৈ থকা নাই। বিজ্ঞানৰ বাহিৰেও তেনেবোৰ ক্ষেত্ৰতো মানুহৰ চিন্তা শুদ্ধতাৰ দিশে আগবাঢ়ি যোৱাটো নিশ্চয় বাঞ্ছনীয়। পিছে ভ্ৰাম্ত ধাৰণাক এৰিব নোৱাৰিলে জানো শুদ্ধতাৰ দিশলৈ—বিজ্ঞানৰ দৰে—আগবাঢ়ি যোৱাটো জানো সম্ভৱ হ’ব? গতিকে শুদ্ধতা যদিহে বাঞ্ছনীয়, তেনেহ’লে তেনেবোৰ দিশতো বিজ্ঞানৰ উক্ত নীতিটো প্ৰযোজ্য হ’বই লাগিব। প্ৰমাণিত ভ্ৰান্তি শুদ্ধতাৰ ভিত্তি হ’ব নোৱাৰে।
কিন্তু বিজ্ঞান-বহিৰ্ভূত ক্ষেত্ৰলৈ উক্ত নীতিটোক সম্প্ৰসাৰিত কৰাটো ইমান সহজ নহয়। তেনেবোৰ ক্ষেত্ৰত নতুন প্ৰমাণে ভুল বুলি প্ৰতিপন্ন কৰা পুৰণি বিশ্বাস মানুহে তৎমুহূৰ্ততে পৰিত্যাগ কৰে বুলি ভাবিলে মানুহৰ মনস্তত্ত্বৰ প্ৰকৃত স্বৰূপটো বুজাত ভুল হ’ব। মানুহৰ বিশ্বাসতন্ত্ৰটো মাত্ৰ তথ্য-প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰিয়েই গঢ় লৈ নুঠে। সামাজিক পৰিৱেশ, ব্যক্তিগত আৰ্জিত অভিজ্ঞতা, মগজুৰ জীনীয় চৰিত্ৰ, নিজৰ পূৰ্বধাৰণা আদিয়ে মানুহৰ বিশ্বাসতন্ত্ৰক গঢ় দিয়াত নিৰ্ণায়ক ভূমিকা পালন কৰে। সেইসমূহ দিশৰ বিস্তাৰিত বিৱৰণ অৱশ্যে এই আলোচনাৰ পৰিসীমাৰ ভিতৰত নপৰিব। চমুকৈ মাত্ৰ ক’ব পাৰি—, কোনো ধাৰণা, মত, বিশ্বাস আদি যেতিয়া সমাজ এখনত বহুদিন ধৰি শক্তিশালী ৰূপত প্ৰচলিত হৈ থাকে, তেতিয়া সেইসমূহ সমাজখনৰ মানুহৰ চিন্তাৰ এটা অংগাংগী অংশ যেন হৈ পৰে। ফলত তেনে প্ৰচলিত ধাৰণা, মত, বিশ্বাস আৰু তৎজনিত ৰীতি-নীতিক প্ৰথা আৰু পৰম্পৰাপ্ৰিয় মানুহে স্বাভাৱিক আৰু অপৰিহাৰ্য বুলি গণ্য কৰিবলৈ লয়। তাৰ উপৰিও, সেইসমূহৰ সৈতে মানুহ একধৰণৰ আৱেগিক সম্পৰ্কৰে বান্ধ খাই পৰে। গতিকে তেনে ধাৰণাক প্ৰত্যাহ্বান জনোৱা নতুন প্ৰমাণে বহুতো মানুহক অস্বস্তিত পেলায়, সেইসমূহৰ বিচাৰ-বিশ্লেষণ নিৰ্মোহভাৱে কৰাত তেওঁলোক ব্যৰ্থ হয়। সেইবাবে, ভ্ৰান্ত বুলি প্ৰতিপন্ন হোৱাৰ পাছতো তেওঁলোকে পুৰণি বিশ্বাসত আস্থা হেৰুৱাই পেলোৱা দেখা নাযায়। এইটো হৈছে মানুহৰ ৰক্ষণশীলতাৰ মনস্তত্ত্বৰ অন্যতম চকুত পৰা কাৰণ। পুৰণি ভুল বিশ্বাসক মাত্ৰ খামোচ মাৰি ধৰি থকাতেই তেনে ৰক্ষণশীলতাৰ অন্ত নপৰে—বহুতো লোকে নতুন চিন্তাৰ বিৰোধিতা কৰিবলৈও আৰম্ভ কৰে। তেনে মতান্ধ বিৰোধিতাই কেতিয়াবা জংগী আৰু হিংসাত্মক ৰূপো ধাৰণ কৰে। প্রচলিত মতৰ বিৰোধ কৰাৰ বাবে চক্ৰেটিছ (Socrates, খ্রী.পূ. ৪৭০-৩৯৯) আৰু জ্যৰ্ডানো ব্ৰনোৰ (Giordano Bruno, ১৫৪৮-১৬০০) দৰে মনীষীক দিয়া চৰম শাস্তি হৈছে তাৰেই দুটা বিখ্যাত উদাহৰণ। ৰক্ষণশীল, মতান্ধ আৰু হিংস্ৰ মানুহে তেনে বিখ্যাত-অখ্যাত ঘটনাৰে মানৱ-সভ্যতাৰ ইতিহাসৰ বহুতো পৃষ্ঠাত তেজৰ চেকা লগাই মলিয়ন কৰি আহিছে। উনুকিয়াই থোৱাটো জৰুৰী যে নতুনৰ প্ৰতি তেনে বিতৰাগ-বিৰোধিতাৰ একমাত্ৰ কাৰণ মানুহৰ ৰক্ষণশীল মনস্তত্ত্ব নহয়। অলপ চিন্তা কৰিলে সহজেই ধৰিব পাৰি যে কোনো এটা সময়ত বৰ্তি থকা প্ৰচলিত ধ্যান-ধাৰণা আৰু নিয়ম-কানুন সেই সময়ৰ সমাজৰ ক্ষমতাশালী শ্ৰেণীটোৰ আৰ্থ-ৰাজনৈতিক স্বাৰ্থপূৰণৰ সৈতে সংগতিপূৰ্ণ। প্ৰচলিত চিন্তা আৰু ক্ষমতাশালীৰ স্বাৰ্থৰ মাজৰ তেনে সন্তুলনক নতুনে বিপৰ্যস্ত কৰাৰ সম্ভাৱনা থাকে। স্বাভাৱিকতেই পৰিৱৰ্তনকামী নতুন চিন্তাৰ উকমুকনি দেখিলেই সমাজৰ শক্তিশালী শ্ৰেণীটো তাৰ বিৰুদ্ধে তৎপৰ হৈ উঠে। সেয়েহে দেখা যায়, নতুনক বাধা দিয়াৰ ক্ষেত্ৰত আৰ্থ-সামাজিক আৰু ৰাজনৈতিক কাৰকসমূহে ডাঙৰ ভূমিকা পালন কৰে।

এইখিনিতে আমি এটা অতিশয় তাৎপৰ্যপূৰ্ণ অথচ স্বল্পালোচিত দিশলৈ গুৰুত্বসহকাৰে লক্ষ্য কৰা উচিত হ’ব। নতুনৰ প্ৰতি বিৰোধিতাৰ প্ৰসংগটোত একাংশ চিন্তাশীল আৰু পৰিৱৰ্তনসন্ধানী লোকে একমাত্ৰ গুৰুত্ব প্ৰদান কৰে আৰ্থ-সামাজিক কাৰকসমূহৰ ওপৰত। সমাজৰ ইতিবাচক ৰূপান্তৰৰ প্ৰতি তেওঁলোকৰ সদিচ্ছা, সততা আৰু উদ্যম সন্দেহাতীত। কিন্তু প্ৰশ্ন উঠিব, নতুনৰ প্ৰতি বিতৰাগ-বিৰোধিতাৰ আঁৰত অন্য কাৰক একেবাৰেই নাই নে? নিজৰ স্বাৰ্থৰ অনুকূলে থকা নতুন চিন্তাক সমাজৰ সৰহ সংখ্যক বঞ্চিত মানুহে আদৰি নলৈ, স্ব-স্বাৰ্থৰ বিপৰীতে থকা পুৰণিহে তেওঁলোকে আঁকোৱালি থাকে কিয়? উদাহৰণ দিলে কথাটো স্পষ্ট হৈ পৰিব। অন্ধবিশ্বাস, ধৰ্ম আদিয়ে বিতৰ্কাতীতভাৱে শাসকগোষ্ঠীৰ শ্ৰেণীস্বাৰ্থ পূৰণত সহায় কৰে, দেখদেখকৈ এইসমূহ হৈছে সমাজৰ ইতিবাচক পৰিৱৰ্তনৰ বাটত হেঙাৰ স্বৰূপ। সেইসমূহৰ অৱস্থান বঞ্চিত শ্ৰেণীটোৰ শ্ৰেণীস্বাৰ্থৰ বিপৰীতে। নতুন চিন্তাৰ বিৰোধিতাৰ বিষয়টো তেনেই সৰল আৰু একমাত্ৰিক হ’লে বঞ্চিত শ্ৰেণীটোৱে অন্ধবিশ্বাস আৰু ধৰ্মৰ বিপৰীতে থকা যুক্তিবাদক দ্বিধাহীনভাৱে আদৰণি জনালেহেতেন। কিন্তু সমাজ-বাস্তৱে বাৰু কি কয়? নিজৰ শ্ৰেণীস্বাৰ্থৰ বিপৰীতে থকা অন্ধবিশ্বাস আৰু ধৰ্মৰ মাজত বঞ্চিত শ্ৰেণীটোৰ সৰহভাগ মানুহ ডুব গৈ থকা নাইনে? শাসক শ্ৰেণীটোৱে কৰা অন্ধবিশ্বাস আৰু ধৰ্মৰ প্ৰচাৰ-পৃষ্ঠপোষকতাৰ কথাৰে এই কথাটোৰ পূৰ্ণাংগ ব্যাখ্যা আগ বঢ়াব নোৱাৰি। সেইবাবেই, নতুনক আদৰি লোৱাৰ বাধাৰ প্ৰসংগত আৰ্থ-সামাজিক দিশটোক একমাত্ৰ গুৰুত্ব দি—মনস্তাত্ত্বিক দিশকে আদি কৰি অন্যান্য কাৰকক সম্পূৰ্ণ অগ্ৰাহ্য কৰিলে— তেনে বিচাৰ-বিশ্লেষণ অসন্তুলিত হৈ তেনেই আওগৰীয়া হৈ পৰিব। দুখ আৰু পৰিহাসৰ কথা, একাংশ পৰিৱৰ্তনকামী লোকৰ খোজ তেনে আওগৰীয়া বাটতহে পৰা দেখা যায়। উল্লেখ কৰি আহিছিলোঁ, নতুনৰ বিৰোধিতাৰ আঁৰত সক্ৰিয় হৈ থকা আৰ্থ-সামাজিক আৰু ৰাজনৈতিক কাৰকসমূহক আমি যথোচিত গুৰুত্ব দিবই লাগিব। কিন্তু তাৰ অৰ্থ এনে নহয় যে অন্য কাৰকসমূহ অগ্ৰহণীয় কিম্বা অস্বীকাৰ্য। কিন্তু সেই একাংশ পৰিৱৰ্তনকামী লোকে—মনত প্ৰশ্নাতীত সততা আৰু অফুৰন্ত সদিচ্ছা থকাৰ সত্ত্বেও—আকোঁৰগোজ মনোভাবেৰে তাকেই কৰি থকা দেখা যায়। এইটোও একধৰণৰ মতান্ধতা। মতান্ধতাত নিমজ্জিত তেনে সততা আৰু সদিচ্ছাৰ প্রায়োগিক মূল্য শূন্য বুলিলে হয়তো ভুল নহ’ব।
এইটো সমস্যাত বিজ্ঞানৰ ইতিহাসে এটি অতি লাগতীয়াল শিক্ষা প্ৰদান কৰে। আমি দেখো যে তীব্ৰ মতবিৰোধৰ অলেখ উদাহৰণে ভৰাই আহিছে বিজ্ঞানৰ ইতিহাসৰ অজস্ৰ পৃষ্ঠা। কিন্তু তেনে মতবিৰোধে প্রায়বোৰ ক্ষেত্রতে বিজ্ঞানৰ ইতিহাস মলিয়ন নহয়, মহীয়ানহে কৰি আহিছে। আমি পাই আহিছিলোঁ, সময়ে প্রদান কৰা বিভিন্ন সীমাবদ্ধতাৰ মাজত জন্ম হোৱা পূৰ্বৱৰ্তী যুগৰ বৈজ্ঞানিক সিদ্ধান্তত পাছলৈ আসোঁৱাহ ওলায়—ভুল বুলিয়েই সেইসমূহ পৰৱৰ্তী যুগত পৰিত্যাজ্য হৈ পৰে। পুৰণি ভুলক এৰি নতুনৰ বাটত বিজ্ঞানৰ অগ্ৰগতি নিৰন্তৰভাৱে চলি থাকে। তেনে যাত্রাত পুৰণি ভুল হৈ পৰে নতুন পথৰ আৰম্ভণি বিন্দু; ভুলবোৰ সংশোধন কৰি কৰি অধিক শুদ্ধতাৰ দিশেৰে মানুহৰ বিজ্ঞানচৰ্চা আগবাঢ়ি যায়। অৰ্থাৎ, বিজ্ঞানৰ বিকাশৰ বাটত পুৰাতন ভ্রান্ত তত্ত্ব আৰু ধ্যান-ধাৰণাৰো ঐতিহাসিক ভূমিকা থাকে, আৰু সেই ভূমিকা অতি গুৰুত্বপূৰ্ণ। এই ইতিহাসে দিয়া শিক্ষাটো হ’ল, ভুল কৰাটো আৰু ভুলক আকোঁৰগোজভাৱে খামুচি ধৰি থকাটো একে কথা নহয়। প্রায়বোৰ ক্ষেত্রতে প্ৰথমটো হৈছে সময়ে প্রদান কৰা ঐতিহাসিক সীমাবদ্ধতাৰ অনিবাৰ্য পৰিণতি। তাৰ বিপৰীতে, দ্বিতীয়টো হ’ল নিজৰ ধ্যান-ধাৰণাৰ প্ৰতি এনে এক অন্ধ আনুগত্যৰ নিদৰ্শন, য’ত সত্যানুসন্ধানতকৈ নিজৰ বিশ্বাসক সত্য বুলি প্রতিপন্ন কৰাটোহে মূল বিষয় হৈ পৰে।
আমি উল্লেখ কৰিছিলোঁ, বিজ্ঞানৰ বিকাশৰ বাটত বিজ্ঞানীসকলৰ মাজৰ বিষয়কেন্দ্রিক মতবিৰোধে প্রায়বোৰ ক্ষেত্রতে বিজ্ঞানৰ ইতিহাস মহীয়ান কৰি আহিছে। আমি সচেতনভাৱেই ঘটনাটো ‘প্রায়বোৰ ক্ষেত্রত’ ঘটে বুলি বিবৃত কৰিছোঁ। কিয়নো, বিদ্বৎ-বিজ্ঞানীসকলেও নিজৰ পূৰ্বধাৰণাৰ বশৱৰ্তী হৈ, কেতিয়াবা নতুন চিন্তাৰ প্রতি যুক্তিহীন বিৰোধ, অবাঞ্ছনীয় আক্রমণ, কেতিয়াবা আনকি অসহিষ্ণুতামিশ্রিত জংগী মনোভাব প্রদৰ্শন কৰাৰো নিদৰ্শন নোহোৱা নহয়। তেনেকুৱা এটি বিখ্যাত ঘটনাক আমি এইখিনিতেই স্মৰণ কৰিব পাৰো।
ঊনবিংশ শতিকাৰ এগৰাকী হাংগেৰীয় চিকিৎসক ইগ্নাজ ছেমেলৱেইছৰ (Ignaz Philipp Semmelweis, ১৮১৮-১৮৬৫) কাহিনী এইটো। সেই সময়ত সন্তান জন্ম দিয়াৰ পাছতেই বহু মহিলা মৃত্যুৰ মুখত পৰিছিল। ইগ্নাজ ছেমেলৱেইছ তেতিয়া কৰ্মৰত হৈ আছিল ভিয়েনাৰ এখন চিকিৎসালয়ত। তেওঁ লক্ষ্য কৰিছিল যে চিকিৎসকসকলে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত হাত ভালদৰে পৰিষ্কাৰ নকৰাকৈ প্ৰসূতিসকলৰ চিকিৎসা কৰিছিল। ১৮৪৭ চনত তেওঁ চিকিৎসক আৰু চিকিৎসা-শিক্ষাৰ্থীসকলক ক্ল’ৰিনযুক্ত দ্ৰৱেৰে হাত পৰিষ্কাৰ কৰি তাৰ পাছতহে প্ৰসূতিসকলক পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিলে। ফলত প্ৰসূতিৰ মৃত্যুৰ হাৰ আচৰিতধৰণে কমি গ’ল। আজি আমি সকলোৱে জানো যে বীজাণুৱে কৰা সংক্রমণৰ বাবে প্রসূতিসকল তেনে মাৰাত্মক পৰিণতিৰ সন্মুখীন হৈছিল। কিন্তু ছেমেলৱেইছৰ সময়ত বীজাণুতত্ত্বটোৱে প্রতিষ্ঠা লাভ কৰা নাছিল। সেইবাবে তেওঁ প্রসূতিৰ মৃত্যুৰ হাৰ হ্রাস পোৱা ঘটনাটোৰ সন্তোষজনক ব্যাখ্যা আগবঢ়াবলৈ সমৰ্থ হোৱা নাছিল। সেইবাবে বহুতো চিকিৎসকে তেওঁৰ কথা মানি ল’বলৈ অস্বীকাৰ কৰিলে। কিছুমানে আকৌ হাত ধুবলৈ কোৱা কথাটোৱে চিকিৎসকৰ সন্মান হানি কৰিছে বুলিহে গণ্য কৰিলে! ছেমেলৱেইছ সন্মুখীন হ’ল তীব্র সমালোচনা, উপহাসৰ আৰু আক্রমণৰ। ভিয়েনাত তেওঁৰ সামাজিক অৱস্থান অতি বেয়ালৈ গতি কৰিলে। মানসিকভাৱে বিধ্বস্ত হৈ পৰা চিকিৎসক-বিজ্ঞানীজন মানসিক চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়। অতি দুখৰ কথা, তাত তেওঁক শাৰীৰিকভাৱে নিৰ্যাতনো কৰা হৈছিল। তেনে এটা পৰিস্থিতিৰ মাজত, প্রায় বন্দী অৱস্থাত অতি কৰুণভাৱে ছেমেলৱেইছ মৃত্যুৰ মুখত পৰিছিল। পাছলৈ—বীজাণুতত্ত্বৰ বিকাশৰ পাছতহে ইগ্নাজ ছেমেলৱেইছৰ কথাৰ মৰ্মটো মানুহে বুলি পাইছিল।
উক্ত ঐতিহাসিক উদাহৰণটিয়ে বাৰু আমাক কি কথা সকীয়াই যায়? এটা কথা বহুজনচৰ্চিত যে কোনো এজন ব্যক্তি পেশাগতভাৱে সুদক্ষ বিজ্ঞানী হ’লেও, বিজ্ঞান-বহিৰ্ভূত অন্য বিষয়ত তেওঁৰ বৈজ্ঞানিক মানসিকতা নাথাকিবও পাৰে। যেনে, বিদগ্ধ বিজ্ঞানী এজনেও বেজৰ জৰা-ফুঁকা, তাবিজ-মাদুলি, ৰেইকি-ফেংচুই, টেলিপেথী আদিত বিশ্বাস ৰাখিব পাৰে। কিন্তু ইগ্নাজ ছেমেলৱেইছৰ উদাহৰণটিয়ে দেখুৱাই দিছে যে অবৈজ্ঞানিক মানসিকতাই কেতিয়াবা বিজ্ঞানৰ ভিতৰুৱা ক্ষেত্রখনতো বিজ্ঞানীসকলক আক্রান্ত কৰি পেলোৱাটো অসম্ভৱ নহয়। তেনেকুৱা ক্ষেত্ৰত, বিজ্ঞানী এজনে নিজৰ বদ্ধমূল পূৰ্বধাৰণাৰ প্রতি থকা যুক্তিহীন আৱেগ, নিজৰ মতান্ধতা আদিৰ বাবে বিজ্ঞানৰ ক্ষেত্রখনতো নতুন ধ্যান-ধাৰণাৰ প্রতি মুক্ত, নিৰাৱেগ আৰু যৌক্তিক মনোভাৱ দেখুৱাত ব্যৰ্থ হয়। এইটো নিশ্চয় এটা গুৰুতৰ কথা। গতিকে, ইগ্নাজ ছেমেলৱেইছৰ কৰুণ কাহিনীয়ে আমাক সতৰ্ক কৰি দিয়ে যে বৈজ্ঞানিক মানসিকতাৰ প্ৰকৃত চৰিত্র কেৱল নতুন কথাৰ প্ৰতি আগ্ৰহতেই সীমাবদ্ধ হৈ নাথাকে। তেনে আগ্ৰহৰ লগতে, নিজৰ প্ৰিয় বৈজ্ঞানিক ধ্যান-ধাৰণা ভুল বুলি প্ৰমাণিত হ’লে তাক সংশোধন বা বৰ্জন কৰিবলৈ বিজ্ঞানীসকলো মুক্ত আৰু নিৰ্মোহ মন এটাৰ গৰাকী হ’ব লাগিব। যদি কোনো বিজ্ঞানীয়ে কেৱল অন্যে আগবঢ়োৱা তত্ত্ব বা ধ্যান-ধাৰণাকহে প্ৰশ্ন কৰে, কিন্তু নিজৰ পূৰ্বধাৰণাক প্ৰশ্নৰ ঊৰ্ধ্বত বুলি বিবেচনা কৰে, তেওঁ সুদক্ষ বিজ্ঞানী হ’লেও প্ৰকৃত অৰ্থত বিজ্ঞানমনস্কতাৰ অধিকাৰী নহয়। কাৰণ যুক্তিৰ মাপকাঠি সকলোৰে বাবে একে হ’ব লাগিব—আনৰ বাবেও, নিজৰ বাবেও।

গতিকে মাত্ৰ বিজ্ঞান-বহিৰ্ভূত ক্ষেত্ৰতেই নহয়, বিজ্ঞানৰ ভিতৰুৱা কাৰ্যপদ্ধতিতো বিজ্ঞানমনস্কতা অপৰিহাৰ্য। অৱশ্যে ইয়াৰ অৰ্থ এনে নহয় যে নতুন কোনো ধাৰণা ওলালেই পুৰণি ধাৰণাটো তৎক্ষণাত পৰিত্যাগ কৰাটো যুক্তিসংগত। কিয়নো, বিজ্ঞান আৰু বিজ্ঞান মানসিকতাত সন্দেহ-সংশয়ৰ লগতে প্ৰমাণৰো গুৰুত্ব আছে। এটা প্ৰতিষ্ঠিত তত্ত্বক প্ৰত্যাহ্বান জনাবলৈ হ’লে কেৱল তাৰ বিৰুদ্ধে প্ৰশ্ন আৰু সন্দেহ উত্থাপন কৰাটোৱেই যথেষ্ট নহয়; তেনে সংশয়পূৰ্ণ প্ৰশ্নৰ যুক্তিসংগত ভিত্তি আছে নে নাই—সেই কথাটোও বিচাৰ্য। অন্যথা, উপৰুৱাকৈ কৰা অযৌক্তিক সন্দেহ নিজেই একোটা ভিত্তিহীন বিশ্বাসত পৰিণত হৈ পৰিব। দুটিমান দশকৰ আগতে অসমৰ এগৰাকী লেখকে ষ্টিফেন হকিঙক (Stephen Hawking, ১৯৪২-২০১৮) ব্যক্তিগতভাৱে মুকলি প্ৰত্যাহ্বান জনাই অসমীয়া বাতৰি কাকতত এলানি প্ৰশ্নৰ উত্থাপন কৰিছিল। প্ৰখ্যাত বিজ্ঞানীগৰাকীৰ হাতত অসমীয়া কাকতখনৰ সংখ্যাকেইটা পৰিছিলনে নাই, সেই প্ৰসংগটো বাদ দিলেও দেখা গৈছিল যে প্ৰশ্নকেইটা আছিল তেনেই অযৌক্তিক আৰু অবান্তৰ। বিজ্ঞানমনস্কতাত সন্ধিৎসু মন লাগিবই, কিন্তু উত্থাপিত প্ৰশ্নসমূহ যৌক্তিক ভিত্তিসম্পন্ন হোৱাটো অপৰিহাৰ্য। কোনো প্ৰসংগত যৌক্তিক সংশয় নিৰসন কৰিবলৈ লাগিব পৰ্যবেক্ষণ আৰু পৰীক্ষাসম্ভূত তথ্য, বিচাৰ-বিশ্লেষণ আৰু নতুন তত্ত্ব। সেইসমূহে আগবঢ়াব লাগিব পূৰ্বতকৈ অধিক সন্তোষজনক বিকল্প ব্যাখ্যা।
গতিকে বৈজ্ঞানিক মানসিকতাৰ অৰ্থ সকলো কথাতে অনাহক সন্দেহ কৰাটো নহয়। যুক্তিহীন সন্দেহ-সংশয়ৰ সলনি, কোনো এটা কথাক গ্ৰহণযোগ্য বা বৰ্জনীয় বুলি প্ৰতিপন্ন কৰিবলৈ কি কি যুক্তিসংগত কাৰণ আছে—সেইটো বিচাৰ কৰি চাব পৰা গুণটোহে অধিক প্ৰয়োজনীয়। পিছে, ইগ্নাজ ছেমেলৱেইছৰ উদাহৰণটোৰ সহায়েৰে আমি দেখিলোঁ যে বিজ্ঞানৰ ভিতৰৰ জগতখনতো এই নীতি সদায় কাৰ্যকৰী হোৱা নাই। তেনে ক্ষেত্ৰত নতুন ধাৰণাই পুৰণি বদ্ধমূল চিন্তাৰ সৈতে সংঘাতত লিপ্ত হ’বলগীয়াত পৰিছে। এইটো ঠিক যে সাধাৰণতে বিজ্ঞানৰ আভ্যন্তৰিক তেনে সংঘাতৰ কাৰণ অপৰ্যাপ্ত প্ৰমাণ; নতুন ধাৰণা শুদ্ধ হ’লেও, প্ৰাৰম্ভিক পৰ্যায়ত যদি সেইসমূহৰ সমৰ্থনত সবল যুক্তি-তথ্য-প্ৰমাণ কম হয়, তেনেহ’লে তেনে তত্ত্ব বিৰোধৰ সন্মুখীন হয়। এই কথাটো স্বাভাৱিক। পিছে, বিজ্ঞান-জগতৰ ভিতৰুৱা ন-পুৰণিৰ সংঘাত বিজ্ঞানীসকলৰ নিজস্ব আৱেগ, পূৰ্বধাৰণা, অহেতুক পৰম্পৰাপ্ৰীতি ইত্যাদিৰ ফলত উদ্ভৱ হ’লে কথাটো বেলেগ হৈ পৰে। বিজ্ঞানীসকল সমাজবহিৰ্ভূত কোনো নিস্প্ৰাণ মানৱসত্ত্বা নহয়। তেওঁলোকো নিজৰ অনড় বিশ্বাস, মানসিক জড়তা, ব্যক্তিগত অহমিকা আদিৰ দৰে সীমাবদ্ধতাৰপৰা মুক্ত নহ’বও পাৰে। আত্মসংশোধন হৈছে বিজ্ঞানৰ এটা স্বকীয় চৰিত্ৰ—এই কথাটো আমি উনুকিয়াই আহিছিলোঁ। বিজ্ঞানীসকলৰ মনবোৰো বিজ্ঞানৰ এই গুণটোৱে নিয়ন্ত্ৰণ কৰাটো অতি বাঞ্ছনীয়।
বিজ্ঞানৰ ভিতৰৰ জগতখনত বিচৰণ কৰা মানুহ বুলিয়েই বিজ্ঞানীসকলৰ মানসিকতা বিজ্ঞানসন্মত নহ’বও পাৰে—উপৰিউক্ত দফাটো হৈছে বহুজনচৰ্চিত দিশ এটাৰ পুনৰাবৃত্তি। এই দিশটোৰ বিষয়ে সকলোৱে অৱগত যদিও আমাৰ বিবেচনাত কথাটোৰ পুনৰাবৃত্তি প্ৰয়োজনীয়। কিয়নো, অন্যৰ কথা বাদেই—বিজ্ঞানৰ ভিতৰুৱা জগতখনত বিচৰণ কৰি থকা বিজ্ঞানীসকলৰো বিজ্ঞানমনস্কতাত ঘাটি থাকিব পাৰে—এই কথাটোৱে সৰ্বসাধাৰণৰ মাজত যুক্তিবাদৰ প্ৰচাৰ কৰাটো যে কিমান জৰুৰী, তাক উপলব্ধি কৰিবলৈ আমাক বাধ্য কৰে।
গতিকে বিজ্ঞানৰ আত্মসংশোধনৰ নিৰাৱেগ চৰিত্ৰটোৰ তাৎপৰ্য মাত্ৰ বিজ্ঞানীৰ গৱেষণাগাৰতেই সীমাবদ্ধ নহয়, বিজ্ঞানী আৰু সৰ্বসাধাৰণ মানুহৰ মনৰ ক্ষেত্ৰতো তাৰ গুৰুত্ব অপৰিসীম। সমাজ-জীৱনত মানুহে বিবিধ আৰু বিচিত্ৰ বিশ্বাস আৰু মতামতৰ মাজত বাস কৰে। তেনে সমাজত বৰ্তি থকা বিশ্বাস-পৰম্পৰা আদি বহুদিনৰ পৰা প্ৰচলিত হৈ আছে বুলি, সেইবোৰ কোনো বিশিষ্ট ব্যক্তিয়ে কৈছে বুলি, অথবা বহুতো মানুহৰ তাত বিশ্বাস আৰু আস্থা আছে বুলি সেইবোৰ প্ৰশ্নাতীত বুলি ধাৰণা কৰা প্ৰৱণতা এটা মানুহৰ মাজত আছে। এইটো প্ৰৱণতাই মাৰাত্মক ভ্ৰান্ত ধাৰণাৰ জন্ম দিয়ে। তাৰ বিপৰীতে বিজ্ঞানমনস্কতাই শিকায় যে কোনো বিশ্বাসৰ জনপ্ৰিয়তা তাৰ সত্যতাৰ প্ৰমাণ নহয়। একেদৰে, কোনো ধাৰণা নিজৰ বিশ্বাসৰ সৈতে মিলিলেই তাক সত্য বুলি প্ৰতিপন্ন কৰিব নোৱাৰি। তেনে ক্ষেত্ৰত মানুহৰ পথপ্ৰদৰ্শক হ’ল বিজ্ঞানমনস্কতা। যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাই ন-পুৰণি বিশ্বাসৰ উৎস কি, সেইসমূহৰ সপক্ষে-বিপক্ষে কি কি প্ৰমাণ আছে, বিকল্প বিশ্লেষণসমূহৰ ভিতৰত কোনটোৱে অধিক ভালদৰে ব্যাখ্যা কৰিছে—তেনেবোৰ দিশ গভীৰ আৰু সূক্ষ্মভাৱে বিবেচনা কৰিবলৈ মানুহক শিক্ষিত কৰি তোলে। মুক্ত মনেৰে এইবোৰ প্ৰশ্ন কৰাৰ মানসিকতাই মানুহক অন্ধ আনুগত্যৰ পৰা আঁতৰাই আনে। অৱশ্যে আমি মনত ৰখা যুগুত যে বিজ্ঞানমনস্কতাৰ অৰ্থ বৰ্তি থকা সকলো প্ৰতিষ্ঠিত ধাৰণাক কেৱল পুৰণি বুলি নাকচ কৰা নহয়। কোনো পৰম্পৰাত মূল্যৱান অভিজ্ঞতা আৰু জ্ঞান সঞ্চিত হৈ থকাটো সম্ভৱ। কিন্তু তেনে সম্ভাৱনাৰ বাস্তৱতা নিৰ্ণয় কৰিব লাগিব যুক্তি আৰু প্ৰমাণৰ সহায়ত, পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা-ভক্তি আদিৰ ভিত্তিত নহয়। যিসমূহ ধাৰণা তেনে সতৰ্ক আৰু নিৰ্মোহ পৰীক্ষাৰ সন্মুখীন হৈ টিকি থাকে, সেইসমূহক গ্ৰহণ কৰাটো যিদৰে যুক্তিসংগত, তেনেদৰেই পৰীক্ষাত ব্যৰ্থ হোৱা ধ্যান-ধাৰণাক সংশোধন বা পৰিত্যাগ কৰাটোও হৈছে চিন্তাৰ মুক্ততাৰ স্বাক্ষৰ। এই দুয়োটা দিশ একেলগে থাকিলেহে মানুহৰ চিন্তা মুক্ত আৰু বিজ্ঞানমনস্ক বুলি অভিহিত কৰা যায়। কথাটো সঁচাই বৰ গুৰুত্বপূৰ্ণ, কিয়নো সত্যৰ সন্ধানত ব্ৰতী লোকেও কেতিয়াবা সত্যতকৈ নিজৰ বিশ্বাসৰ নিৰাপত্তাকহে অধিক মূল্য দিয়া দেখা যায়। তেনে প্রৱণতা মনৰ অতি গভীৰ স্তৰত সোমাই থাকে। সহজতে চকুত ধৰা নিদিয়া তেনে মানসিকতাৰ বাবে তেনে ব্যক্তিৰ পক্ষে নিজৰ ভুল স্বীকাৰ কৰাটো হৈ পৰে অতি কঠিন, কিয়নো ভুল স্বীকাৰ কৰাটো তেওঁলোকৰ বাবে মাত্র ধ্যান-ধাৰণা সংশোধন কৰা নহয়; তেওঁলোকৰ মনত তেনে পৰিৱৰ্তন হৈছে নিজৰ প্রতিষ্ঠিত আত্মপৰিচয়কো প্ৰশ্নবিদ্ধ কৰা। তেনে পৰিস্থিতিয়ে তেওঁলোকৰ মনৰ অহমিকাক সুৰসুৰাই দিয়ে। অথচ, বিজ্ঞানমনস্কতাৰ মূল প্রমেয় আৰু বিজ্ঞানৰ ইতিহাসে আমাক শিক্ষা দিয়ে যে ভুল স্বীকাৰ কৰাটো কোনো বৌদ্ধিক দুৰ্বলতাৰ চিন নহয়। বৰং পৰিপক্বতা অৰ্জনৰ বাটত পৰ্যাপ্ত প্ৰমাণৰ ভিত্তিত নিজৰ মত সংশোধন কৰিব পৰাটোৱেই হৈছে প্রধান গুণ।
বিজ্ঞানৰ ইতিহাসে আমাক সেয়ে কেৱল অতীতৰ বিজ্ঞানীসকলৰ ভুলৰ কাহিনীকে শুনাই নাথাকে। তেনে ইতিহাসে মানুহক নিজৰ ধ্যান-ধাৰণা, বিশ্বাস-অবিশ্বাস আদিক নিৰ্মোহভাৱে পৰীক্ষা কৰিবলৈও শিক্ষা দিয়ে। কথাটো আমি সহজকৈ এনেকৈও ভাবিব পাৰোঁ—আমি যিবোৰ কথা সত্য বুলি মানি লৈছোঁ, সেইবোৰ কিয় সত্য বুলি মানিছোঁ? সেইবোৰ সঁচাই সত্য, নে সেইবোৰ সত্য বুলি আমি বিশ্বাসহে কৰোঁ? যদি সেয়া বিশ্বাস, তেনেহ’লে সেই বিশ্বাসৰ ভিত্তি কি? সেই ভিত্তিটো যৌক্তিক নে? নতুন প্ৰমাণে যদি আমাৰ মনত শক্তিশালী হৈ থকা বিশ্বাসৰ বিপৰীত কথাহে কয়, তেতিয়া তাক সলনি কৰিবলৈ সাজু আছোঁনে? এই প্ৰশ্নবোৰৰ উত্তৰতে ব্যক্তি এজনৰ বৈজ্ঞানিক মানসিকতা আৰু যুক্তিবাদী চৰিত্ৰৰ পৰিচয় নিহিত হৈ থাকে। দেখদেখ কথা, প্রসংগটো মাত্র বিজ্ঞানৰ ভিতৰুৱা কথা নহয়। বিভিন্ন ক্ষেত্রত মানুহৰ বিচৰণ আৰু যাত্ৰাপথৰ প্রকৃত বিপদ ভুল কৰাটো নহয়; ডাঙৰ বিপদ হ’ল—ভুল হোৱাৰ সম্ভাৱনাকেই অস্বীকাৰ কৰা। সত্যৰ সন্ধানত আগবাঢ়িবলৈ হ’লে মানুহে কেৱল অজানাক জানিবলৈ আগ্ৰহী হ’লেই নহ’ব, নিজৰ জনা বুলি ভবা কথাবোৰকো প্ৰয়োজনত পুনৰ বিচাৰ কৰিবলৈ সাহসী হ’ব লাগিব। নতুন তথ্য-প্ৰমাণ আদৰিবলৈ দ্বিধাহীনভাৱে মুকলি, নিজৰ বিশ্বাসৰ সমালোচনা কৰিবলৈ সদা প্ৰস্তুত আৰু নিজৰ অহমিকাক অগ্রাহ্য কৰি যুক্তিক গুৰুত্ব প্ৰদান কৰা বলিষ্ঠ দৰ্শনেৰে ভাস্বৰ হৈ উঠা মন এটাহে সত্যানুসন্ধানৰ বাটত আগুৱাবলৈ সক্ষম।

