স্বীকাৰ ।। মূল : সেলিম মণ্ডল :: অনুবাদ : মুনমুন সৰকাৰ
মুক্ত চিন্তা। একাদশ বছৰ।। তৃতীয় সংখ্যা
প্ৰতিটো শগুণে জানে
মাংসৰ বাহিৰে তাৰ কোনো আত্মীয় নাই
দলিয়াই দিয়া মাংসৰ পিনে, আৱৰ্জনাৰ স্তূপৰ ফালে গতি কৰে
তাৰ পিছত…
আকৌ নতুন মাংসৰ পিনে চায়
মাংসৰ কোনো জাত নাই—শগুণ মাত্ৰেই সেই কথাটো স্বীকাৰ কৰে।

