কেন্দ্ৰীয় নিবন্ধ

মানুহৰ মুক্তি-সাধনাৰ অগ্রদূতঃ ড০ ভূপেন হাজৰিকা।। ড০ সূর্য দাস

মুক্ত চিন্তা। দ্বাদশ বছৰ। ১ম সংখ্যা

ভূপেন হাজৰিকাৰ দৰে এজন জিনিয়াছক বিভিন্নজনে বিভিন্ন দিশৰ পৰা তেখেতৰ জীৱন আৰু কৰ্মৰ বিষয়ে আলোচনা কৰিছে আৰু আগলৈও কৰিব। তেখেতে কৰা বহুতো কর্মৰ সম্পূর্ণ বিৱৰণী পাবলৈ এতিয়াও বহু বাকী। আমি বহুদূৰ বাট বুলিব লাগিব। এই দিশত এই লেখকেও ড হাজৰিকাৰ দৰে জিনিয়াছৰ বিষয়ে জানিবলৈ অনুসন্ধানত ব্রতী হৈ আছে। এনে এজন মনীষীৰ বিষয়ে লিখিবলৈ গ’লেই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এটি চুটি গল্পলৈ মনত পৰে। চুটি গল্পটোত সকলো সময়তে চিগাৰেট হুপি থকা এজন মানুহৰ কাহিনী আছে। মানুহজনে এটি ফাগুন মাহৰ নিশা টোপনিৰ পৰা হঠাতে সাৰ পাই উঠি চিগাৰেট হুপিবলৈ মন কৰিলে। সেই সময়ত তেখেতৰ হাতত জুইশলা নাছিল। চিগাৰেটটো জ্বলাবলৈ ঘৰৰ ভিতৰত ক’তো জুইৰ আৱশিষ্টও নাছিল। তেওঁ চিগাৰেট এটা ওঁঠত চেপি ধৰি শোৱা কোঠাৰ পৰা বাহিৰলৈ ওলাই আহি বাৰান্দাত থিয় হ’ল। দূৰৈৰ পাহাৰত তেওঁ দেখিলে ফাগুন মহীয়া বনজুই। তেওঁ পাহাৰৰ জুইৰ ফালে চাই চিগাৰেটটো হুপি চিগাৰেটটো সেই জুইৰে জ্বলাবলৈ চেষ্টা কৰিলে।

কিন্তু পৰ্বতৰ জুই আৰু তেখেতৰ ওঁঠত থকা চিগাৰেটৰ মাজত বহু যোজনৰ ব্যৱধান। যেতিয়া ড ভূপেন হাজৰিকাৰ দৰে মনীষীৰ জীৱন আৰু কৰ্মৰ বিষয়ে চৰ্চা কৰিবলৈ লওঁ, তেতিয়া মোৰ দূৰৈৰ পৰ্বতৰ জুইৰে চিগাৰেট জ্বলাবলৈ বিচৰা মূর্খ মানুহজন যেন লাগে। তথাপি মোৰ বেয়া নালাগে এই বুলিয়েই যে মই ভূপেন হাজৰিকাৰ দেশৰ মানুহ। আমাৰ আইৰ মুখৰ ভাষাৰে গীত গাই ভূপেন হাজৰিকাই সমগ্র পৃথিৱীৰ সহস্র সহস্র শ্রোতাক মোহাচ্ছন্ন কৰিছিল। সেই ভাষাৰেই মই মোৰ দীন অনুভূতিক প্ৰকাশ কৰিব পাৰিছোঁ।

বিষ্ণুপ্ৰসাদ ৰাভাই পৃথিৱীৰ তিনিগৰাকী মনীষীক পূৰ্ণ মানৱ বুলি কৈ গৈছে। এজন সমগ্ৰ ভাৰতবৰ্ষৰ আৰাধ্য শ্রীকৃষ্ণ, ইটালীৰ লিউনার্ড’ দা ভিন্সি আৰু আনজন সমগ্ৰ অসমবাসীৰ আৰাধ্য মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ। বিষ্ণু ৰাভাই কৈ থৈ যোৱা সেই তিনিজনৰ লগতে আৰু এজনৰ নাম যোগ দিব পাৰি; সেইজন হ’ল তেখেত সকলৰেই প্রিয় শিষ্য ড ভূপেন হাজৰিকা।

মানুহৰ মুক্তি-সাধনাৰ প্ৰথমগীতঃ ‘অগ্নি যুগৰ ফিৰিঙতি মই’

আমাৰ এই দেশ ভাৰতবৰ্ষত ‘মানুহতকৈ শ্রেষ্ঠ আৰু একো নাই’ বুলি কৰা উক্তি বহুজনৰ নামতেই আছে। এই প্রসংগত পোন প্রথমেই মহাভাৰতৰ ৰচয়িতা বুলি কথিত ব্যাসদেৱৰ নামেই ল’ব পাৰি। তেখেতৰ সেই বিখ্যাত উক্তিটো হ’ল গুহ্যং ব্রহ্ম যদিদং তে ব্রবীষ্মি, ন মানুষাৎ শ্রেষ্ঠতৰং হি কিঞ্চিত (১২/২৮৮/২০)। এটি গোপন তত্ত্ব তোমাক কওঁ। মানুহতকৈ শ্রেষ্ঠতৰ আৰু একোৱেই নাই। কিন্তু মানুহৰ মুক্তি সাধনা কৰা ব্যক্তিহে নিচেই তাকৰীয়া। সেই MIECROSCOPIC MINORITY ব্যক্তিসমূহৰ ভিতৰত ড ভূপেন হাজৰিকাও অন্যতম। তেখেতে জীৱনৰ প্ৰথম ২১ টা বছৰত দেখিবলৈ পাইছিল গান্ধীজীৰ নেতৃত্বত দেশৰ স্বাধীনতাৰ বাবে ঘোৰতৰ সংগ্ৰাম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ নির্বিচাৰ হত্যালীলা। গান্ধীজীয়ে দেশ স্বাধীন কৰিব বিচৰাৰ মূল কাৰণ আছিল ৰাজনৈতিক মুক্তিৰ উপৰিও অর্থনৈতিক মুক্তি। ১৯২১ চনত গান্ধীজী অসমলৈ আহি তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৈতৃক গৃহ পকীত আলহী হৈ ১৮ বছৰীয়া জ্যোতি প্রসাদক কৈছিল “মই যে আঠুৰ ওপৰত পৰা, ঘৰত বোৱা এই খদ্দৰৰ চুৰীয়া পিন্ধিছোঁ, তাৰ কাৰণ হ’ল মোৰ এই ভাৰতবৰ্ষত শতকৰা ৮০ জন (৮০%) গৰীব লোক আছে, যাৰ সেইখনতকৈ সামান্য দীঘলো চুৰিয়া পিন্ধিবৰ বাবে সামর্থ্য নাই ভাৰতৰ স্বাধীনতা মানে সেই সকল অষ্টম দৰিদ্ৰক পিন্ধিবৰ বাবে অকণ কাপোৰ, দুবেলা দুসন্ধ্যা পেট ভৰাই খাবলৈ এমুঠি অন্ন আৰু থাকিবৰ বাবে মূৰৰ ওপৰত এখন চালি দিয়া। ঈশ্বৰ যদি কেনেবাকৈ এই দৰিদ্র সকলৰ সন্মুখত থিয় দিয়েহি, তেনেহ’লে তেওঁ লগত আনিব লাগিব একাঁহী ভাত। পেটৰ ভোকত জীয়াই থকাটো কি দুর্বিসহ যন্ত্রণা, তাক সেই দৰিদ্ৰজনৰ বাহিৰে আন কোনে বুজিব?” তদুপৰি সেই সময়ৰ আগতে সমাজতন্ত্রবাদৰ জয়ে সমগ্র বিশ্বতে খলকনি তুলিছিল। এই সকলো পৃথিৱীক পৰিৱৰ্তন কৰিব বিচৰা আদর্শই কিশোৰ ভূপেন হাজৰিকাৰ হৃদয়ত খলকনি তুলিছিলহি। সঁচাকৈয়ে সেয়া আছিল অগ্নিযুগ। সেই অগ্নিযুগৰ এটি ফিৰিঙতি হ’বলৈ বিচাৰিছিল ভূপেন হাজৰিকাই। বিচাৰিছিল শোষণকাৰীক বধি, অস্পৃশ্যতা বিনাশ কৰি, ধৰ্মৰ ব্যৱসায়ীক বিদায় দি এখন নতুন অসম গঢ়িবলৈ, নতুন ভাৰত গঢ়িবলৈ।

অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম
সৰ্বহাৰাৰ সৰ্বস্ব
পুনৰ ফিৰাই আনিম
নতুন ভাৰত গঢ়িম।
নৰ-কঙ্কালৰ অস্ত্র সাজি
শোষণকাৰীক বধিম
সৰ্বহাৰাৰ সৰ্বস্ব
পুনৰ ফিৰাই আনিম
নতুন ভাৰত গঢ়িম।

ধর্ম-ব্যৱসায়ীৰ ঠাই নাই তাত
জাতিৰ অহঙ্কাৰ লয় পাব তাত
অস্পৃশ্যতাৰ মহাদানরক
আপোন হাতেৰে নাশিম।
নতুন ভাৰত গঢ়িম।।

হৰিজন পাহাৰী হিন্দু-মুছলিমৰ
বড়ো কোঁচ চুতীয়া কছাৰী আহোমৰ
অন্তৰ ভেদি মৌ-বোৱাম
ভেদা-ভেদৰ প্ৰাচীৰ ভাঙি
সাম্যৰ সৰগ ৰচিম
নতুন ভাৰত গঢ়িম।। (১৯৩৯ চন)

পাচত বিষ্ণু ৰাভাই এই গীতটি তেখেতৰ ‘মুক্তি দেউল’ নামৰ বিপ্লৱী গীতৰ গ্ৰন্থত সন্নিবিষ্ট কৰিলে আৰু ১৯৪৫-৪৬ চন মানত নিৰ্মাণ কৰা ‘চিৰাজ’ বোলছবিত বিষ্ণুৰাভা আৰু ফণী শৰ্মাই গীতটো ব্যৱহাৰ কৰিলে।

১৯৪৮ চনত আকাশবাণী চিলং গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা হয়। ভূপেন হাজৰিকাই চিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত Transmission Assistant পদত নিযুক্তি লাভ কৰে। আনাতাঁৰ কেন্দ্ৰত ১৬ মাহ চাকৰি কৰি ১৯৪৯ চনত আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে আকাশবাণীৰ চাকৰি এৰি আমেৰিকালৈ যাত্ৰা কৰে। আকাশবাণীত ষোল মাহ চাকৰি কৰাৰ স্মৃতি ৰোমন্থন কৰি আত্মকথা যাযাবৰত লিখিলে – “মই এতিয়াও ভাবো মোকো ৰেডিঅ’ই গঢ়িলে।” যাযাবৰ পৃষ্ঠা- ৭৪

কৃষক বনুৱাৰ মুক্তিৰ সপোন দেখি গণসংযোগৰ বিষয়ে আমেৰিকালৈ গৱেষণা কৰিবলৈ গৈ এবাৰ চিকাগো ৰে’ল ষ্টেচনত ভূপেন হাজৰিকাই ৰে’লৰ বাবে ৰৈ থাকোতে ৰে’লৰ শ্রমিক সকলৰ জীৱন-সংগ্ৰামৰ বিষয়ে এটি গীত লিখিছিল। গীতটিত শ্রমিক সকলৰ জীৱন-সংগ্রামৰ কথা প্রকাশ পোৱাৰ লগতে শোষক আৰু শোষিতৰ মাজৰ প্ৰাচীৰ ভাঙি সাম্য প্রতিষ্ঠা কৰাৰ সংকল্প প্রকাশ পাইছে। লগতে দুখীয়া নিপীড়িত মানুহৰ বাবে ঐক্যবদ্ধ সংগ্রাম আৰু সপোনক বাস্তৱত পৰিণত কৰাৰ ক্ষেত্ৰত কোনেও যে বাধা দিব নোৱাৰে সেই কথাকে এই গীতটিৰে কোৱা হৈছে।  গীতটিলৈ মন কৰকঃ

ঝক্ ঝক্ ৰে’ল চলে মোৰ,
ৰে’ল চলে মোৰ ৰে’ল চলে
সাম্য ৰিঙিয়াই
শান্তি উকিয়াই ৰে’ল চলে।।
ফায়াৰমেন মই,
দপদপ অগনিৰ তেজৰঙা বৰণৰ
কয়লাৰ পাত্ৰ হাতেৰে খামুচি ধৰি,
বয়লাৰ দুগুণে জ্বলাওঁ
দেহা মোৰ জ্বলে জ্বলে।।

ছিগনেলমেন মই
ক’লা ক’লা কয়লাৰ
ধূলি লাগি ক’লা পৰা বাহুৰ শকতিৰে
শোষণৰ কণা বাট হোঁহকাই থৈ মই
সময়ৰ আলিটিৰ নিচান উৰাওঁ।
শোষণ দূষিত বায়ু ফালে ফালে।।
ড্রাইভাৰ লাইনছমেন বনুৱা কেৰাণী মই
ৰাতি নাই দিন নাই
চকুত টোপনি নাই
হায়, হায়, হায়
খং উঠি ৰঙা পৰা চকুত কয়লা পৰি
দৃষ্টিক দুগুণে জ্বলাওঁ
কাম কৰি মই ভাগৰি পৰিলোঁ
পেট মোৰ জ্বলে জ্বলে।
যন্ত্ৰ যুগৰ সুমহান কৃষ্টিৰে
মানুহৰ মুক্তিৰ গঢ়িম সপোন
নতুনৰ গতি খেদি
বাহুৱে বাহুৱে বন্ধা
আকাশ পৰশি যোৱা,
একতাৰ বান্ধোনক ৰুধিব কোনে
সাম্যৰ ধুমুহাই ঠেলে ঠেলে।। ১৯৪৯ চন।

১৯৫৩ চনত দিলীপ শৰ্মাই ভাৰতীয় সাংস্কৃতিক দলৰ অসমৰ প্ৰতিনিধি হিচাপে অন্তর্ভুক্ত হৈ চীনদেশলৈ যায় আৰু তাত তেখেতে দুটি অসমীয়া গীত গাই শুনায়। তাৰে এটি আছিল ‘ভাৰতৰ সীমাৰে পাহাৰৰ সিপাৰে নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো’-শীর্ষক চীন বিপ্লৱৰ পৰৱৰ্ত্তী কালত ভূপেন হাজৰিকাই ৰচনা কৰা গীতটি। দ্বিতীয়টি আছিল ইতিমধ্যে উল্লেখ কৰি ‘ঝক্ ঝক্ ৰে’ল চলে’ গীতটি। ‘ঝক ঝক ৰেল চলে’ গীতটি দিলীপ শর্মাই নীলা পেন্ট আৰু গেঞ্জি পিন্ধি গাত ছাই সানি একচন ছং হিচাপে গাইছিল। সম্ভৱতঃ একচন ছং হিচাপে গোৱা এইটোৱেই প্রথম অসমীয়া গান।

১৯৪৭ চনৰ ১৫ আগষ্টত দেশ স্বাধীন হ’ল। বিষ্ণু ৰাভাই স্বাধীনতা দিৱসৰ দিনাই এই স্বাধীনতাক ভুৱা স্বাধীনতা বুলি ঘোষণা কৰিলে। জ্যোতিপ্ৰসাদ আগৰৱালাই শিল্পীৰ পৃথিৱী নামৰ ভাষণটিত স্বাধীনতাৰ প্রতি মোহভঙ্গৰ কথা ঘোষণা কৰিলে। কিন্তু স্বাধীনতাৰ পাছতেই ভূপেন হাজৰিকাই সংকল্প লৈছিল-

“স্বাৰ্থপৰতাৰ লোলুপ আশা আমি কৰিম খর্ব।
মহামানৱৰ বাণী শিৰে লৈ নাশিম যুঁজৰ গর্ব।।।
আমি নতুন যুগৰ নতুন মানৱ আনিম নতুন স্বর্গ।
অৱহেলিত জনতাৰ বাবে ধৰাত পাতিম স্বর্গ।। ১৯৪৮ চন।

কিন্তু অৱহেলিত সকলৰ বাবে ধৰাত স্বৰ্গ পতাৰ সপোন স্বাধীনতা সংগ্রামী সকলৰ পূৰণ নহ’ল। এই স্বাধীনতাৰ দ্বাৰা যে দেশক শোষণ মুক্ত কৰি অৱহেলিতজনৰ বাবে ধৰাত স্বৰ্গ পতাৰ সপোন যে পূৰণ নহ’ব, সেই কথা ভূপেন হাজৰিকাইও বুজি পালে। সেয়ে আমেৰিকালৈ গৈ গণ-সংযোগৰ বিষয়ে গৱেষণা কৰিবলৈ গৈও শান্তি নাপালে। প্ৰাচুৰ্যৰ দেশৰ মাটিত থাকিও ভূপেন হাজৰিকাই উপলব্ধি কৰিলে – “মই তেতিয়া এজন উঠন ডেকা। মই ভৱিষ্যতৰ ৰাষ্টা বিচাৰি আছোঁ। লাহে লাহে সমাজৰ প্রতি অধিক সচেতন হৈ আহিছোঁ। কাৰণ মই তেতিয়া আভাস পাইছিলোঁ শ্রেণী বৈষম্য, দুখীয়া মানুহ, ধনী মানুহ, নোপোৱাৰ বেদনা থকা মানুহ আৰু অতি বেছি পোৱা মানুহৰ।” সেয়ে গৱেষণাৰ সমাপ্তিত আমেৰিকাত নাথাকি দেশলৈ ঘুৰি আহিল জনতাৰ মুক্তিৰ সপোন লৈ। উভতনি যাত্ৰাত ১৯৫২ চনত কাইৰোত নীল নদীৰ পাৰত বহি লেখিলে-

অতীতৰ বুৰঞ্জী লেখকে লেখিছিল
ৰজা-মহাৰজাৰ কথা
আজিৰ বুৰঞ্জী লেখকে লেখিছে
মানুহৰ মুকুতিৰ কথা

মিছৰ দেশৰে নীল নৈৰ পাৰৰে
ফাল্লাহীনে বিনালে
কৈ কৃষকৰ বুকুৰে বেথা

মিছিছিপিৰ পাৰতে
কপাহৰে খেতিতে
নিগ্রো ‘জনে’ বিনালে
কৈ মানুহৰ বৰণৰ কথা।।

লুইতৰ পাৰৰে গাঁৱৰে মৰিশালিত
ৰংমনে নিতৌ চিঞৰে
কৈ বোঁৱতী মনৰে কথা

পাহৰি পেলালোঁ বুৰঞ্জীয়ে গোৱা
সামন্ত যুগৰে কথা
সময়ৰ সাহেৰে লিখি যাম আজি মই
মানুহৰ মুকুতিৰ কথা। (১৯৫২ চন)

মানুহৰ মুকুতিৰ আশাকে বুকুত বান্ধি লৈ ১৯৫২ চনৰ শেষৰ ভাগত ডক্টৰেট ডিগ্রী লাভ কৰি অসমলৈ উভতি আহিল। গুৱাহাটীত তেখেত গণনাট্য সংঘৰ লগত সক্রিয়ভাৱে জড়িত হৈ পৰিল। সংঘৰ কামত অসমৰ বিভিন্ন ঠাইলৈ যায়। “ঝক্ ঝক্ ৰে’ল চলে” গীতটি গায়। এনেকৈ ফুৰোঁতে কাৰোবাৰ ঘৰত থাকে। ৰে’লৰ থার্ড ক্লাচত ভ্রমণ কৰে। কেতিয়াবা স্কুল ঘৰতো থাকিবলগীয়া হয়। সেই সময়ত তেখেতৰ সংগী সকল আছিল দিলীপ শর্মা, হেমাঙ্গ বিশ্বাস, বেণী মহন্ত, হীৰেন চৌধুৰী। কর্মজীৱনৰ আৰম্ভণিতেই গীতেৰে মানুহৰ মুক্তি সাধনাৰ পণ লোৱা ভূপেন হাজৰিকাক সাহস, শক্তি আৰু গতি দিছিল গণনাট্য সংঘই। ফলত মানুহৰ মুক্তি সাধনাৰ বাণী কঢ়িয়াই অনা তেজাল জুই সুৰীয়া, জয় সুৰীয়া গীত সমূহৰ সৃষ্টি হৈছিল। এই গীত সমূহলৈ মন কৰিয়েই তেতিয়াৰ নতুন অসমীয়াই ভূপেন হাজৰিকাৰ সৃষ্টিত অবাঞ্চিত ঘ্রাণ পোৱা বুলি লেখিলে। কোনোবা কোনোবাই বিষ্ণুৰাম মেধিক লগালেহি ভূপেনক চাকৰি দিব নালাগে। সি কমিউনিষ্ট। গণনাট্য সংঘৰ মঞ্চত গোৱা সেই গানবোৰ আছিল দুখীয়া, নিপীড়িত মানুহৰ মুক্তিৰ গান। গতিকে চৰকাৰো বহি নাথাকিল। অভিযোগ উঠিল ভূপেন হাজৰিকাই চৰকাৰ বিৰোধী গান লেখিছে। শাসকৰ বিৰুদ্ধে বিপ্লৱ কৰিবৰ কাৰণে গানেৰে জনসাধাৰণক জগাই তুলিব বিচাৰিছে। গীতত আবাঞ্চিত ঘ্রাণ পাইছে। কমিউনিষ্ট ভাবধাৰাৰ গান।

১৯৫৩ চনত ভূপেন হাজৰিকাই গুৱাহাটীৰ উজান বজাৰৰ বিহুতলীত গাবৰ বাবে নতুনকৈ গীত এটি লিখি, সুৰ দি, বহুতো ডেকা-গাভৰুক লগত লৈ বিহুমঞ্চত গাবৰ বাবে প্রস্তুত হৈছিল। কিন্তু মঞ্চত উঠিবৰ সময়ত বিহু উৎসৱৰ কৰ্মকৰ্ত্তা সকলে বাধা দিলে। এই বাধা আহিছিল চৰকাৰৰ পৰা। গীতৰ কথাখিনি চৰকাৰে বেয়া পালে। কি আছিল সেই গীতটিত? মন কৰকঃ-

“অ’ দেশৰে ৰাইজখন চা,
সমাজৰ পথাৰত চহকী খেলুৱৈয়ে
ৰাইজক সাজিছে ঢোপ
বোলো চাই যা ৰংমন চাই যা …….।
সমাজৰ পথাৰত টেঙৰ খেলুৱৈয়ে
ৰাইজক সাজিছে ঢোপ।
অ’ গাঁৱৰে এইগাল লোক
হ’ল মিছলীয়াৰ ঢোপ
বোলো ৰংমন চাই যা।…….

এহিমানৰ কথাখিনি এহিমানে থওঁ
হালোৱা হজুৱাৰ কথাখিনি কওঁ।
ইফালেদি লথিয়ায় তোক নাজীতৰা
সিফালেদি লথিয়ায় তোক।
ৰঙালী বিহুটিক কঙালী কৰিলে
পেটৰ নুগুচে ভোক,
নাজীতৰা পেটৰ নুগুচে ভোক
দুদিন বিহু কৰি এবছৰ কান্দিবি
গিলিবি দুখৰে ঢোক।
গাঁৱৰে এইগাল লোক
হ’ল মহাজনৰ ঢোপ
বোলোঁ চাই যা ৰংমন চাই যা।………
(পিচে) কাঁচিখনত আজি বৰ চোক।
গাঁৱৰ দাৱনীয়ে বাছি বাছি ৰাখিছিল
বৰা ধানৰ দুটামান থোক
তাত পৰে পিয়দা পোক।……
কাঢ়ি নিয়া মাটি খিনি বন্ধকৰ মাটি খিনি
ৰাইজে পালেহে গুচিব পিয়াহ ভোক।
বিহুতলী তেতিয়াহে ৰজনজনাব
নাচিব দেশৰে লোক।

স্বাধীনতা ষষ্ঠ বছৰত লেখা এই গীতত উল্লেখ কৰা কৃষক বনুৱাৰ জীৱন আজিও অপৰিৱৰ্তিত। পৰিৱৰ্তন যদি কিবা হৈছে সেয়া হৈছে বেয়াৰ পৰা আৰু বেয়ালৈ পৰিৱৰ্তন। একৈশ শতিকাতো অসমৰ সকলো কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নহ’ল। এতিয়াও অসমৰ কৃষকে কৃষিৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। অনাবৃষ্টি বানপানী উভয়েই কৃষকৰ মূৰত ৰামটাঙোন মাৰিয়েই আছে। এইখিনি সচাঁ কথা কোৱা বাবেই ভূপেন হাজৰিকাৰ কণ্ঠৰোধ কৰিবলৈ বিচৰা হ’ল। এনেদৰে ভূপেন হাজৰিকাক কৃষক-বনুৱাক শোষণ-নিপীড়নৰ পৰা মুক্ত কৰাৰ বাবে পণ লোৱাৰ কথা থকা গীত গাবলৈ নিদিয়া কার্য আছিল ১৯৫২ চনৰ নিৰ্বাচনত সমগ্র দেশতে ক্ষমতা দখল কৰা কংগ্ৰেছ দলৰ সম্পূৰ্ণ বিপৰীত স্থিতি। ১৯৫১ চনত কংগ্ৰেছৰ নিৰ্বাচনী ঘোষণা পত্রত লিখা হৈছিল- “স্বাধীনতা আন্দোলনৰ সময়তো আমাৰ লক্ষ্য মাথোন ৰাজনৈতিক স্বাধীনতা লাভেই নাছিল। জনসাধাৰণক শোষণ আৰু অভাৱ-অনাটনৰ পৰা মুক্ত কৰিবলৈকো বিচাৰিছিল। জনসাধাৰণৰ খাদ্য-বস্তু আৰু থকা-মেলাৰ মৌলিক অভাৱ মোচনৰ ব্যৱস্থা কৰা আৰু ইয়াৰ পাছতেই তেওঁলোকৰ সাংস্কৃতিক বিকাশৰ ব্যৱস্থা কৰা আমাৰ লক্ষ্য আছিল। আমাৰ মুক্তি সংগ্ৰামৰ দ্বিতীয় অধ্যায়ত প্রৱেশ কৰিবৰ সময় এতিয়া উপস্থিত হৈছে।”- (কংগ্রেছৰ নির্বাচনী ঘোষণা পত্র, ১৯৫১ চন)।

ভূপেন হাজৰিকাই উক্ত গীতটিত সেই একেখিনি কথাকেই কৈছিল। কংগ্রেছ দলে ঘোষণা কৰা সচাঁ কথাখিনিকেই গীতৰ মাজেৰে কোৱা বাবেই চৰকাৰে বেয়া পালে। সচাঁ কথীয়াক পিণ্ডত তুলিব বুলি ভূপেন হাজৰিকাই কৰা ভৱিষ্যৎ বাণী এতিয়াও (২০২৬ চন) প্রাসংগিক আৰু সচাঁ কথা কোৱা বাবেই তেখেতেও বহুতো অপমান নির্যাতন মুৰ পাতি ল’বলগীয়া হ’ল।

বিহু কাপোৰ নাই বুলি
বনগীত নেগাবি
সঁচা সচাঁ কথাবোৰ কৈ
ধুতী পিন্ধা চেহাবে এনুৱা গীত গালে
পিঙতহে তুলিবগৈ।
সঁচা কোৱা বৰ বেয়া ৰোগ
দঢ়াই নকৈছিলো তোক?
কিন্তু বিহুগীত-বনগীতত এনেকুৱা কথাই ভৰি আছে।

উজায়ে নেচাবি ঐ ভাটিয়াই নেচাবি
পথাৰত জ্বলিছে জুই।
সোণৰে মাটি মোৰ ঐ
আজি নাইকিয়া
লোককে খুৱাইছো কই।।

মাজুলীৰ দেশতে খোৱাৰ অভাৱতে
পেলায় পৰিয়ালক কাটি।
চিলং ৰোডতে দেখিবা ৰাইজ মোৰ

মিনিষ্টাৰ সকলৰ মাটি।।
চিপাহী চন্তৰী  দেশৰ হ’ল গৰাকী
ঢোল বাই ৰাইজৰ পিঠিত।
ডা-ডাঙৰীয়া নাই নিয়ম নীতি
দেশ চলায় ছলাহী ৰীতিত।।

সেই বছৰতে তেখেতে দোলা ভাৰী সকলৰ জীৱন যন্ত্ৰণাৰ বিষয়ে লিখিলে “দোলা দোলা” গীতটি। আজিকালি দোলা ভাৰী নাথাকিলেও সেই দোলাক সামন্ত যুগৰ শোষণৰ প্ৰতীক কৰি লৈ তেখেতে জনপ্রিয় হৈ পৰা গীতটি লিখিছিল। কাৰণ আজিও সমাজখন শোষিত, বঞ্চিত, নির্যাতিত সকলৰ কান্ধৰ ওপৰতেই আছে।

“একা বেকা বাটেৰে কঢ়িয়াওঁ

বৰ বৰ মানুহৰ দোলা, হে দোলা

আপোন কৰিলো বনুৱাৰ জীৱনক

দেহা ভাগৰাই তোলা, হে তোলা,” ইত্যাদি।

এই বিষয়ে তেখেতে যাযাবৰত লেখি থৈ গৈছে- “সেই খিনি সময়ত মই ৰচনা কৰা গীতবোৰৰ মূল উদ্দেশ্য আছিল শোষণ আৰু বন্ধন মুক্তিৰ বাবে প্রকৃত পথৰ সন্ধান কৰা। সচাঁ সৰু মানুহৰ প্ৰতি থকা মোৰ নিভাঁজ প্রেমেই মোক অনুপ্রাণিত কৰিছিল সেই শ্ৰেণীৰ গীত ৰচিবলৈ। সৰু সৰু মানুহৰ বুকুতো আশাৰ সঞ্চাৰ কৰিবৰ কাৰণে মই লিখিছিলোঁ-

ৰুদ্ধ কাৰাৰ দুৱাৰ ভাঙি

য’ত জ্যোতিয়ে নিতৌ নাচে।

তাত কণ্ঠেৰে মোৰ দিম অঞ্জলি

সুৰে মোৰ সাজোন কাচে।

জীর্ণ সমাজৰ বন্ধনে

বিষাক্ত বাষ্পহে যাচে

প্রাচীৰ ভঙাৰ দুৰ্বাৰ গতিয়ে

পূর্ণ মানৱতা যাচে।।

মুক্ত বায়ু মোৰ প্ৰাপ্য

য’ত সামুহিক জীৱনৰ উৎস আছে।

পৰাজয়ৰ নিৰাশাৰ সমাধি ভেটিত

আশাই কবিতা ৰচে।।

সেই বাবেইতো এন্ধাৰ কাতিৰ নিশা এগৰাকী দুখুনী মাতৃৰ ফুল কুমলীয়া সন্তানে খাবলৈ নাপাই মৃত্যুবৰণ কৰাৰ কৰুণ কাহিনীৰে ৰচনা কৰা “এন্ধাৰ কাতিৰে নিশাতে” বোলা গীতটোত মই অকাল সন্তানহাৰা মাতৃয়ে বুকু ঢকিয়াই কন্দাৰ কথাকে কোৱা নাই- পানেই নামৰ হাজাৰ হাজাৰ দুখনী মাতৃয়ে অকল নিচুকনি গীত গাই চকুপানী নুটুকি এখন নতুন সমাজ গঢ়াৰ সঙ্কল্প লৈ কিদৰে বিদ্রোহী হৈ উঠিব পাৰে, তাকে মই গীতেৰে কৈছোঁ।” (যাযাবৰ পৃ. ১৪১/১৪২/)

পানেইৰ চকু দুটি

হ’ল ৰঙা ফিৰিঙতি

শেষ হ’ল তপত চকুলো

চকুৰ পানীবোৰ শুকুৱাই পেলালোঁ

এইবাৰ পণ লৈ ৰণলৈ ওলালোঁ

পোণাটিৰ মৰাশ

দুইহাতে দাঙি লৈ

বিদ্রোহী পানেয়ে নতুন আশা লৈ

শ শ পানেইৰ বাটটি ল’লেগৈ

পৃথিৱী উঠিলে কঁপি-

হাজাৰ পানেয়ে চিঞৰি উঠিলে

আকাশত সুৰুজে ৰঙাকৈ আঁকিলে

ন-সমাজৰে ছবি

বাছা উভতি যিদিনা আহিবি

ন ন জীৱনৰ মূৰতি দেখিবি

বৰ বৰ মানুহৰ

ভঁৰালৰ পৰা মই

কাঢ়ি আনি ফল দিম

দৰৱ জাতি দিম,

গাখীৰ গুড় দিম

পঢ়াশালি পাতি দিম

ওঁঠত হাঁহি দিম,

পুতলানো ক’ত দিম

ন ন ৰহনেৰে সজা

উজলাবি পানেইৰ পঁজা

ভোকত শুকাব মন্ত্রী-ৰজা

আৰু যত আছে চোৰ মহাৰজা

ধান ভৰা গাঁৱৰে ৰাংঢালী আকাশত

তেতিয়াই উৰুৱাম তোৰেই জীৱনৰ ধ্বজা

অ’ বাছা টোপনি যা

আমাৰ মইনা শুব এ।

চিতাকে সাৱটি ল’ব এ’

মৰণৰ মাজেদি জীয়াই তুলিব

মৰা সমাজৰে মন এ

অয় বাছা টোপনি যা

তই মৰিশালিৰ চিতা জুইত

আলফুলে টোপনি যা’-

ইতিমধ্যে উল্লেখ কৰি অহা গীত কেইটিৰ ৰচনাৰ অন্তৰালৰ ঘটনা লেখাৰ আগতে ভূপেন হাজৰিকাই স্বদেশলৈ উভতি আহি কেনেদৰে আৰ্থিক সংকটৰ সন্মুখীন হৈছিল, সেই কথাও লেখি থৈ গৈছে- “১৯৫৩ চন। সেই সময়খিনি মোৰ বাবে আছিল অতি ভয়াবহ। সকলো ফালৰ পৰাই ভয়াবহ, সঙ্কটময়। পাৰিবাৰিক জীৱনত প্রচণ্ড দাৰিদ্র্য, সামাজিক জীৱনতো নানা সংঘাত। ৰজাঘৰীয়াও ৰৈ নাথকিল, তেওঁলোকেও থিয় দিলে মোৰ বিৰুদ্ধে। মই হেনো চৰকাৰ বিৰোধী গান লিখিছোঁ, শাসকৰ বিৰুদ্ধে বিপ্লৱ কৰিবৰ কাৰণে মই হেনো গানেৰে জনসাধাৰণক জগাই তুলিব খুজিছোঁ। বহুতে মোৰ গীতত অবাঞ্চিত ঘ্রাণ পালে কমিউনিষ্ট ভাবধাৰাৰ গান।” (যাযাবৰ, পৃষ্ঠাঃ ১৩৫)।

কৃষক-মুক্তিৰ সপোনঃ

এইবোৰ দেখি-শুনি, নিজে ভয়াৱহ আর্থিক সংকটৰো সম্মুখীন হৈ তেখেতৰ মনত দুখীয়া কৃষক-বনুৱাৰ প্ৰতি গভীৰ সহানুভূতি জাগি উঠিছিল। অসমৰ কৃষকসকলে স্বাধীনতা প্রাপ্তিৰ পাছৰে পৰা এতিয়ালৈকে (ফেব্ৰুৱাৰী, ২০২৬) কাৰো সহায় নোহোৱাকৈ কৃষি কাৰ্য কৰি অন্নৰ যোগান ধৰি আহিছে। বিশ্বৰ অন্যতম প্রাচীন সভ্যতাৰ দেশ ভাৰতত প্রতিনিশা কিমান কোটি মানুহ অনাহাৰে শুবলৈ যায়, কিমান কোটি শিশু পুষ্টিহীনতাৰ বলি হয়, কিমান কোটি মানুহ গৃহহীন, সেই খবৰ বাতৰি কাককতত প্রকাশ পায়েই থাকে। সত্যযুগ বুলি কথিত আমাৰ দেশৰ বৈদিক যুগটোৰ মানুহৰ এটাই প্রার্থনা আছিল, “যেন খাবলৈ পাঁও।” একৈশ শতিকাৰ ভাৰতবৰ্ষৰ এচাম মানুহৰ মাজৰ পৰা আজিও সেই প্ৰাৰ্থনাৰ অৱসান নহ’ল।

উপনিষদৰ ঋষিসকলকো অন্ন চিন্তাই বাৰে বাৰে বিব্রত কৰিছিল। সেয়ে তেখেতসকলে কৈছিল -“অন্নই ব্রহ্মা।” তৈত্তিৰীয় উপনিষদত কোৱা হৈছে- “অন্ন বহু কুব্রীত। তদ ব্রতম্।”- “বহু অন্ন উৎপাদন কৰা। ইয়াক জীৱনৰ ব্ৰত কৰি লোৱা।” কথাই কথাই বেদ-পুৰাণ, গীত-ভাগৱতৰ বচন ভাটোৰ দৰে মুখস্থ মাতা চৰকাৰৰ স্বাধীনতা প্ৰাপ্তিৰ পাছৰে পৰা এতিয়ালৈকে কৃষিখণ্ডই হ’ল আটাইতকৈ অৱহেলিত। চৰকাৰে পাহৰি গ’ল কৃষিখণ্ডই সর্বাধিক গুৰুত্ব পাবলগীয়াৰ কথা। একৈশ শতিকাৰ তৃতীয় দশকতো অসমৰ কৃষি আৰু কৃষক দুর্দশাগ্রস্ত অৱস্থাতেই থাকি গ’ল। সমাধানৰ উপায় মাহে ৫ কিলোগ্রাম বিনামূলীয়া চাউল।

অসমৰ লাখ লাখ কৃষিজীৱী মানুহ ভূপেন হাজৰিকাই ১৯৫৪ চনত দেখা অৱস্থাতেই এতিয়াও থাকি গ’ল। ১৯৫৪ চনত ছয়গাঁৱত অনুষ্ঠিত হোৱা কৃষক সম্মিলনত অসমৰ কৃষক সকলৰ দুখ-দুর্দশাৰ ভয়াবহ ছবি গীতেৰে আঁকি গৈছে –

ভৰা বাৰিষাৰ বানে খহাই নিলেই গাঁও।

পাৰতে উচুপি কান্দে দুখীয়াৰে ছাওঁ।।

ভৰা বাৰিষাতে …..

বানপানীয়ে ঘৰৰ চালে পানী কাটি নিয়ে।

আহুধানৰ আলিটিৰ ভেটা ভাঙি দিয়ে।।

ভৰা বাৰিষাতে ভৰা বাৰিষাতে।।

নাতি-পুতিক আকোৱালি বুঢ়ী আয়ে কান্দে।

অ’ হুদুটিয়ে গছৰ আগত

ভেটি মাটি খুন্দে।।

ভৰা বাৰিষাতে, ভৰা বাৰিষাতে।।

খেৰৰ পঁজাৰ চালকেখন

উটি উটি যায়।

অ’ তাতে বহি চিলনীয়ে

কিবা নাম গায়।।

ভৰা বাৰিষাতে ভৰা বাৰিষাতে।।

হেজাৰ হেজাৰ খেতিয়কৰ

পথাৰ বুৰি গ’ল।

অ’ গাঁৱৰে কঠিয়াতলীৰ সপোন ভাগি গ’ল।।

ভৰা বাৰিষাতে ভৰা বাৰিষাতে।।

এই গীতটিৰ আধাৰ হ’ল এটি কামৰূপী লোক-গীত। দুয়োটা গীততেই অসমৰ কৃষকৰ দুখ-যন্ত্ৰণাৰ কথা আছে। কিন্তু সমাজৰ সুবিধাভোগী শ্ৰেণীৰ মানুহৰ হাতত থকা প্ৰচাৰ মাধ্যমসমূহে ভূপেন হাজৰিকাৰ তেজাল জুইসুৰীয়া গীতসমূহ প্ৰচাৰ কৰিবলৈ আগ্রহী নহয়। মানুহ সলনি হৈছে। কিন্তু চৰকাৰী মানসিকতা একেই আছে। আনকি উক্ত কামৰূপী লোক-গীতটিও সাধাৰণতে লোক-গীতৰ শিল্পী সকলৰ কণ্ঠত শুনিবলৈ পোৱা নাযায়। ফলত কৃষক-বনুৱা সকলকে আদি কৰি লোক-জীৱনৰ দুখ-যন্ত্রনা আৰু নোপোৱাৰ বেদনা অপ্রকাশিত হৈ থাকি যায়। এতিয়া উক্ত লোক-গীতটিলৈ মন কৰক।

দিহাঃ অ’ ৰাতিপুৱাইল ৰে, অ’ কুৰাই পাৰে ৰাৱ।

বালাতে বাগেৰি কান্দে দুটি বাঘৰ ছাও

ৰাতিপুৱাইল ৰে।

পদঃ কাৰো ভাগ্যত নামিল দিন কাৰো ভাগ্যত ৰাতি।

অ’ চখুৰ আগত হাৰাল মোৰ সাত পুৰুষৰ মাটি।।

হালত মৰিল হাউলা গৰু গোলিত মৰিল গাই।

পানী খাওঁতে দামৰা মৰিল কটি থেক্কা খাই।।

ভৰা ভাখেৰিৰ ঘটোৰ আজি খেৰ কেইডাল ৰ’ল।

ধান যাই যাই মাহাজনোৰ গুদাম্ ভর্তি হ’ল।।

অ’ ৰাতিপুৱাইল ৰে………..

কেৱল এই গীতটিয়েই নহয় আৰু তিনিটি গীতেৰে ভূপেন হাজৰিকাই আমাৰ কৃষক সকলৰ দুখ-যন্ত্ৰণাৰ ছবি আঁকি থৈ গৈছে। সেই তিনিটা গীতৰ প্ৰথমটো গীতৰ গীতিকাৰ ড নিৰ্মলপ্ৰভা বৰদলৈ। ৰচনা কাল ১৯৬২ চন। ১৯৬৪ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সুৰৰ শৰাই অনুষ্ঠানৰ বাবে গীতটি বাণীবদ্ধ কৰিছিল।

(১) মই এই মাটিৰে ল’ৰা।

হৈছিলো অঘৰী।

মাটিৰ মোহ এৰি।

দিছিলোঁ ভাওনাৰ চং।।

আই মই কৰিছো পণ।

আকালৰ জুইয়ে পোৰা পোৰা ৰঙা মাটিৰ।

গুচাম গেৰুৱা ৰং।।

দ হওক বাম হওক মাটি

যদিও তাকৰীয়া মাটি

দুদৰা দুবিঘা যি আছে হাতত

তাতে মই কৰি যাম খেতি

মোৰ পথাৰ আই,

এদিনো নপৰে চন।

হুৰ হুৰ বতা চৰাই,

মোৰে আইৰ পথাৰত যদি আহি পৰে

অচিনা বতা চৰাই

সাহেৰে দিমে হুৰাই

জোৰ পুৰি পালেহি হাত

ইবেলি বান্ধিছো মন।

(২) ১৯৮২ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বাণীবদ্ধ কৰা একে বিষয়ৰ দ্বিতীয়টি গীত ইয়াতে দিয়া হ’ল-

“মেঘে গিৰ গিৰ কৰে।

আহা হিৰ হিৰ মেঘে কৰে

বা লাগি আগলতি কলাপাত লৰে

এজাক যেন বৰষুণ আহোঁ আহোঁ কৰে।

বহুদিনে ছন পৰা মোৰ গাঁৱৰ মাটি ডৰা।

চহ কৰি খেতি কৰিম আনন্দে নধৰা।।

ধান নিদিওঁ ঋণো নলওঁ সুদ নিদিওঁ আৰু।

মহাজনৰ নিঠুৰ বুধি সহোঁ কেলেই বাৰু?

বহুতো যে ঘাম সৰালোঁ।

তেজো বুকুৰ বহু দিলো

কাচিখনত শান দিলো সাহস ভৰি পৰে।”

১৯৮৮ চনত কৃষক আৰু মাটিৰ সম্বন্ধক লৈ গোৱা গীতটিৰ আৰম্ভণিতে তেখেতে কৈ থৈ গৈছে- “এতিয়াও পৃথিৱীত এনে শক্তি আছে যি কৃষক আৰু মাটিৰ যুগ যুগৰ সম্বন্ধত অন্তৰায় হ’ব খোজে।” কিন্তু ২১ শতিকাত মাটিৰ পৰা কৃষকৰ সম্পৰ্ক বিচ্ছিন্ন কৰিবলৈ খোজা শক্তি আৰু অধিক শক্তিশালী হৈ উঠিছে। খেতিয়কৰ হাতৰ পৰা মাটি লাহে লাহে হেৰাই যাবলৈ ধৰিছে। ১৯৮৮ চনতেই এই কথা উপলব্ধি কৰি ভূপেনদাই গোৱা গীতটিলৈ মন কৰক।

“অ মোৰ ধৰিত্ৰী আই।

চৰণতে দিবা ঠাই

খেতিয়কৰ নিস্তাৰ নাই

মাটি বিনে অসহায়

দয়া কৰা দয়াশীলা আই।

ৰ’দ বৰষুণ কাতি কৰি

ঘাম পেলাই চহ কৰি

তোমাৰ বুকুৰ সোণ চপাওঁ

আনে নিয়ে কাঢ়ি।

ধৰিত্ৰী আই মোৰ

আমাক তুমি নেৰিবা

তোমাৰ চেনেহ বিনে আই

আমি নিৰুপায়।

মাটিকে সাৱটি ধৰি

মাটিকে সাৰথি কৰি

মাটিৰ বুকুত শোণিত ঢালো

জিৰণি পাহৰি।

ধৰিত্ৰী আই মোৰ

আমাক তুমি নেৰিবা

তোমাৰ চেনেহ বিনে আই

আমি নিৰূপায়।

মই হ’লো মাউৰা ল’ৰা

মোৰ আই নাই

কাবৌ কৰো ধৰিত্ৰী মোৰ

তুমি হ’বা আই।

মাটি আৰু খেতিয়কৰ

সমধ আছে যুগ যুগৰ

কৃষক মাটিৰ মিলনত দিয়ে অন্তৰায়।

ভূপেন হাজৰিকাৰ কৃষি আৰু কৃষক সম্পৰ্কীয় গীত কেইটিয়ে হীৰেন ভট্টাচাৰ্যৰ কবিতা এটালৈ মনত পেলায়।

আকালৰ চোতাল। শস্যৰ পথাৰ উদং।

কিশোৰৰ হেৰাল স্বপ্ন-স্বাধীনতা।।

গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত

মূলত কি বিহ?

উছন গ’ল গাঁও। নষ্ট নগৰ

মৃত্যুৰ মলিন ছাঁত অশ্লীল বণিজ

পাপ মুদ্ৰাৰ পায়োভৰ

হে সময় গর্জি উঠা নিয়োজিত কৰা সর্বোত্তম প্রতিভা।

ভূপেন হাজৰিকাই শোষণ আৰু বঞ্চনাৰ পৰা সৰ্বহাৰাৰ মুক্তি বিচৰাৰ লগতে দুখিত, নিপীড়িত জনৰ দুখ নিবৃত্তিৰ কাৰণ হ’বলৈও বিচাৰিছিল।

শীতৰে সেমেকা ৰাতি গীতটিত ভূপেন হাজৰিকাই আনৰ দুখৰ নিবৃত্তিৰ কাৰণ হ’বলৈ বিচাৰি আমাক শুনাইছে-

শীতৰে সেমেকা ৰাতি,

শীতৰে সেমেকা ৰাতি

সেমেকা শীতৰে ৰাতি

শীতৰে সেমেকা ৰাতি।

বস্ত্রবিহীন কোনো খেতিয়কৰ

ভাগি পৰা পঁজাটিৰ,

তুঁহ জুই একুৰাৰ

উমি উমি জ্বলি থকা

ৰক্তিম যেন এটি উত্তাপ হওঁ।

ৰক্তিম যেন এটি উত্তাপ হওঁ।।

শীতৰে সেমেকা ৰাতি।

শীতৰে সেমেকা ৰাতি

সেমেকা শীতৰে ৰাতি

শীতৰে সেমেকা ৰাতি।

খাদ্যবিহীন কোনো দিন মজুৰৰ

প্রাণতে লুকাই থকা।

ক্ষুধা-অগনিৰ হঠাতে ভমকি উঠা।

প্রচণ্ড যেন এটি প্রতাপ হওঁ

প্রতাপ হওঁ মই প্রতাপ হওঁ।।

শীতৰে সেমেকা ৰাতি

সংখ্যালঘু কোনো সম্প্রদায়ৰ ভয়াৰ্ত্ত মনটিৰ

নুফুটা আর্তনাদ

নিজেই প্রকাশ কৰি

মিঠা যেন এটি নিৰাপত্তা হওঁ

নিৰাপত্তা হওঁ, নিৰাপত্তা হওঁ।

শীতৰে সেমেকা ৰাতি

কণ্ঠৰুদ্ধ কোনো সুগায়কৰ

প্রভাত আনিব পৰা

অথচ নোগোরা এটি অমৰ গীতৰ বাবে

মই যেন এটি সুধাকণ্ঠ হওঁ

সুধা কণ্ঠ হওঁ। সুধা কণ্ঠ হওঁ।

ভূপেন হাজৰিকাৰ দৰে পৃথিৱীৰ অইন কোনো গায়ক-গীতিকাৰ বা কবি সাহিত্যিক বা লেখকে শীতৰ ৰাতি বস্ত্ৰবিহীন খেতিয়কক উত্তাপ দিবলৈ, ক্ষুধাতুৰ জনক খাদ্য দিবলৈ আৰু বিপদগ্রস্ত কোনো জন-সমষ্টিৰ নিৰাপত্তা হ’বলৈ ইচ্ছা প্রকাশ কৰিছিল নে নাই মই নাজানো। কিন্তু অসমত ভূপেন হাজৰিকাই এইসমূহ কাম কৰিবলৈ ইচ্ছা প্রকাশ কৰি নিজকে এজন মহামানৱলৈ ৰূপান্তৰিত কৰিছে। তেখেতে অইনৰ দুখ-নিবৃত্তিব কাৰণ হ’বলৈ বিচৰাৰ উপৰিও শ্রমিক, কৃষকৰ শাৰীৰিক পৰিশ্ৰমৰ অংশীদাৰ হ’বলৈও বিচাৰিছিল। তদুপৰি তেখেতে শ্রমশোষণকাৰী কোনো বাক্যবীৰৰ মুখা খুলি দিবলৈও বিচাৰিছিল। গীতটিৰ জৰিয়তে আঘোণৰ পথাৰৰ দাৱনীজনীৰ প্রতি সহানুভূতি প্রকাশ কৰিছে, কান্ধত বিড়িয়া ল’বলৈ আগ্রহ প্রকাশ কৰিছে, লহপহ বাগিচাত এটি কলি দুটিপাত ছিঙিবলৈ আৰু তপ্ত পথত জীৱন বিক্সাখন নিজেই টানিবলৈ বিচাৰিছে। ড নিৰ্মল প্রভা বৰদলৈয়ে ৰচনা কৰা এই গীতটিৰ জৰিয়তে কৃষক-শ্রমিক সকলে কৰা কঠোৰ পৰিশ্ৰমৰ প্ৰতি সহমর্মিতা প্রকাশ কৰিছে আৰু তেখেত সকলে কৰা কঠোৰ শ্ৰমৰ অংশীদাৰ হৈ কৃষক-বনুৱাক সকাহ দিবলৈ ইচ্ছা প্রকাশ কৰিছে। অসমীয়া কবিতা বা গীতত এয়া এক অভিনৱ উপলব্ধি আৰু প্রকাশ।

মোৰ মন যায় বুদ্ধিজীৱীৰ মিছা

ভেমৰ ভুৱা সাজ খুলি পেলোৱাৰ

মোৰ মন যায় সঙ্কোচ এৰি আজি

বাটৰ বনুৱাৰ জীৱন লোৱাৰ।।

মোৰ মন যায়

দাৱনীজনীৰ যেন কাঁচিখন হওঁ।

মন যায় খেতিয়কৰ যেন নাঙল হওঁ

মন যায় কান্ধত যেন বিৰিয়া লওঁ।

আৰু মন যায় দূৰণিৰ গাঁৱৰে এখনি হাটতে

কেৰু-মণি বেচাজন নিজেই হোৱাৰ।

বৰ মন যায়

মোৰ মন যায় লহপহ বাগিচাৰ

এটি কলি দুটি পাত

নিজেই চিঙাৰ।

মোৰো মন যায় তপ্ত পথতো মই

জীৱন ৰিক্সাখন নিজেই টনাৰ।

মোৰ মন যায় সুপ্ত নিশা খেদি

জাগ্রত এক সূর্য হোৱাৰ।।

ভূপেন হাজৰিকাই দ্বিতীয়টি গীত লেখিছিল ১৩ বছৰ বয়সত। ১৯৩৯ চনত। সকলোৱে জনা গীতটি হ’ল ‘অগ্নি যুগৰ ফিৰিঙতি মই’। কোনেও নভবা নোকোৱা কথা এটা কওঁ। মোৰ অনুভৱ ভূপেন হাজৰিকাৰ পৰৱৰ্তী সমস্ত মুক্তিকামী গীতৰ বীজ যেন এই গীতটোতেই লুকাই আছিল। বাকী সকলো মুক্তিকামী গীত বা গণসংগীত এই গীতটোৰ সম্প্ৰসাৰণ মাথোন। এই গীতটিৰ এঠাইত লিখি থৈ গৈছে-

ধর্ম ব্যৱসায়ীৰ ঠাই নাই তাত

জাতিৰ অহঙ্কাৰ লয় পাব তাত

অস্পৃশ্যতা মহা দানৱক

আপোন হাতেৰে নাশিম।

তেখেতৰ এই মনোভাবক সাৰ-পানী যোগাইছিল তেখেতৰ লগৰীয়াসকলে আৰু গণনাট্য সংঘই।

সেয়ে দিলীপ শর্মাই ভগ্নী নিৰূপমাক বিয়া কৰাব খোজাত বিনা দ্বিধাই সন্মতি দিছিল। সম্ভৱতঃ এই কার্যৰেই আলম লৈ তেখেতে যুৱতী আনামিকা গোস্বামী গীতটি লিখি অস্পৃশ্যতা আৰু জাতি-ভেদৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি থৈ গৈছে। দুখৰ কথা সেই যুদ্ধই ২১ শতিকাতো জয়ৰ মুখ দেখা নাই।

“যুৱতী অনামিকা গোস্বামী

আৰু যুৱক প্রশান্ত দাসে

বিয়াত হেনো কিছু বাধা পালে

ৰাম বাধা পালে।

সেয়ে কাকো নজনাই

কামাখ্যা ধামত

দুয়ো দুয়োকে আজি মালা পিন্ধালে

ৰাম মালা পিন্ধালে।

আজি দুয়োৰে উজ্জ্বল মুখ

আজি দুয়োৰে অতীব সুখ।”

কথা-সিদিনা দুয়ো আশীৰ্বাদ বিচাৰি অহাত মই ক’লোঁ-

মহাশূন্যত উপগ্রহ ৰাখি

এয়া গণসংযোগ কৰোৱাৰ যুগ

আৰু আণরিক শক্তিক

দানৱৰ পৰা আনি

মানৱৰ সেৱাত

লগোৱাৰ যুগ

এইয়া প্রশান্ত আৰু অনামিকাৰ

জাতি-কুল নেওচা হোমাগ্নিৰ যুগ

এয়া জনাৰ যুগ,

এয়া বুজাৰ যুগ

এয়া জেট যুগ

আণৱিক যুগ

এয়া সীমাৰ পৰিধি ভঙাৰ যুগ।

মনৰ পথাৰ বহল কৰি

প্ৰেমৰ ৰসেৰে ৰসাল কৰি

এয়া মানৱতাৰ কঠীয়া সিচাঁৰ যুগ

অসমৰ সংকট কালত ভূপেন হাজৰিকাঃ

অসমৰ জাতীয় জীৱনলৈ অহা প্রতিটো সংকটৰ সময়তে ভূপেন হাজৰিকাই অসমৰ ৰাইজৰ কাষত থিয় হৈছিল আৰু সেই সমস্যাৰ সমাধানৰ বাবে সম্মুখৰ পৰা নেতৃত্ব দিছিল। সেয়া কৰিছিল স্বাধীনভাৱে। ১৯৬০ চনৰ ভাষা আন্দোলনৰ সাম্প্রদায়িক সংঘৰ্ষৰ সময়ত ভূপেন হাজৰিকা কলিকতাতে আছিল। তাতো অসমীয়াৰ বিৰুদ্ধে নানা ঘটনা সংঘটিত হৈছিল। কিন্তু সেই ভয়ানক দিনবোৰতো ভূপেন হাজৰিকাক কোনেও একো কৰা নাছিল বা কৰিব পৰা নাছিল।

অসমত হোৱা গণ্ডগোলৰ কথা শুনি ভূপেন হাজৰিকা অসমলৈ আহিল। আহি তেতিয়া অসমতে থকা হেমাঙ্গ বিশ্বাসক লগত লৈ “Let Us Meet” বুলি অনুষ্ঠান এটা কৰি গোটেই অসম ঘূৰিলে। অসমীয়া-বাঙালীৰ গণ্ডগোলৰ সময়ত তেখেতসকলে সম্প্ৰীতিৰ বাবে চেষ্টা কৰিলে। তেখেত সকলে শান্তি-সম্প্রীতিৰ বাবে গান গাইছিল। যিবোৰ ঠাইত মাৰ-পিট হয়, গণ্ডগোল হয়, সেইবোৰ ঠাইলৈ তেখেতসকল গৈছিল। হেমাঙ্গ বিশ্বাস আৰু ভূপেন হাজৰিকাৰ লগত বাকীসকল আছিল কমল নাৰায়ণ চৌধুৰী, খগেন মহন্ত আৰু দীপালী বৰঠাকুৰ। এইদৰে শিল্পীসকলে ১৯৬০ চনত গোটেই অসমতে শান্তি-সম্প্ৰীতিৰ গীত গাই ঘূৰি ফুৰিছিল। মানুহৰ মাজত সৃষ্টি হোৱা ভুল বুজা-বুজি আৰু হিংসা-হত্যা আঁতৰ কৰিবৰ কাৰণেই ভূপেন হাজৰিকা আৰু তেখেতৰ লগৰীয়া সকলে এই সাংস্কৃতিক অভিযান গোটেই অসম জুৰি চলাইছিল। সেই অভিযানত গাবৰ বাবেই তেখেতে লিখি উলিয়াইছিল “মানুহে মানুহৰ বাবে” গীতটি। যিটো গীত সমগ্র বিশ্বৰেই এটি অন্যতম শ্রেষ্ঠ গীত।

মানুহে মানুহৰ বাবে।

যদিহে অকণো নেভাবে

অকণি সহানুভূতিৰে

ভাবিব কোনেনো কোৱা-সমনীয়া?

মানুহে মানুহক বেচিব খুজি।

মানুহে মানুহক কিনিব খুজি

পুৰণি ইতিহাস দোহাৰিলে

ভুল জানো নহ’ব কোৱাঁ সমনীয়া?

দুর্বল মানুহে যদি

জীৱনৰ কোবাল নদী

পাৰ হয় তোমাৰে সাহত

তুমি হেৰুৱাবানো কি?

মানুহ যদিহে নহয় মানুহ

দানৱ কাহানিও নহয় মানুহ

যদি দানৱ কাহানিবা হয় মানুহ

লাজ পাব কোনোনো কোৱাঁ সমনীয়া?

সেই যাত্রাত হেমাঙ্গ বিশ্বাস, আৰু ভূপেন হাজৰিকা দুয়ো মিলি এখন সংগীতালেখ্য ৰচনা কৰি লৈছিল আৰু সেইখন সংগীতালেখ্য সেই যাত্রাত সমগ্র অসমত গাই ফুৰিছিল। পাছত সেই গীতটি পুৰুষ-নাৰী দ্বৈত কণ্ঠৰ গীত হিচাপে পলাশৰ ৰং কথা-ছবিত ব্যৱহাৰ কৰিছে।

পদ্মাৰ ধুমুহাই উৰুৱাই নিছিলে

হে’ আমাৰ সোণৰ ঘৰে-বাৰী

উজনি পানীতে সাঁতুৰি পালোঁহি

বৰলুইতৰ চাপৰি।

আকৌ বান্ধিম ঘৰ, আকৌ গামেই গীত

আপোন হাতে অসম গঢ়িম

শাঁত পৰিব চিত।

মনৰে বননিত সমনীয়া

চেনেহৰে নিজৰাত

হে পানীকেহে এটুপি পিওঁ।

পোৰাকৈ ভেটিতে অ’ চেনাই

তুমি ঘৰে বান্ধা

হে আমি তমাল তুলায়ে দিওঁ।

ভাষা নুবুজিও যুগে যুগে আহে

মানুহে মানুহৰ পিনে।

মৰমৰ ভাষাৰে আখৰ নাইকিয়া

বুজিব খুজিলেই চিনে।।

গঙ্গাৰ চাপৰিৰ তলিতে দেখিবা

লুইতৰ পলসো আছে।

তোমাৰে মোৰে আইয়ে কান্দিলে

একেই চকুপানী মচে।।

পিৰীতি পিৰীতি পিৰীতি।

পিৰীতি মিঠা চুৰা দৈ

পিৰীতি পিৰীতি পিৰীতি।

পিৰীতি বোৱা-বোৱতী নৈ

পিৰীতি পিৰীতি পিৰীতি।

ওৰে জীৱন থাকিব বৈ।।

তুমিয়ে ময়ে দেশখন গঢ়োঁতে

হে যদিহে কেঁচা ঘাম সৰে।

দুয়োৰে ঘামৰে মিলনে দেখিবা

বুৰঞ্জী ৰচনা কৰে।।

গঙ্গা, পদ্মা, কৃষ্ণা, গোদাবৰী, ব্রহ্মপুত্র, কাবেৰী।

সবে মিলি ভাৰত মহাসাগৰলৈ যায়

ৰঙতে বাগৰি বাগৰি।

গঙ্গা, পদ্মা, কৃষ্ণা, সোৱণশিৰী

ব্রহ্মপুত্র, কাবেৰী।

সবে মিলি ভাৰত মহাসাগৰলৈ যায় ৰঙতে বাগৰি বাগৰি।।

পিৰীতি পিৰীতি পিৰীতি……।

মানুহৰ বাবে কান্দিব জনা ভূপেন হাজৰিকাঃ

মণিৰাম দেৱান কথাছবিৰ “বুকু হম হম কৰে মোৰ আই” ভূপেন হাজৰিকাৰ এটি বিপুল জনপ্রিয় গীত। দেশ-মাতৃৰ বিপদত এজন ডেকা দেশপ্রেমিক বিষয়াৰ দেশৰ সকলো নাগৰিকলৈ মাতৃভূমিৰ বাবে জীৱন পণ কৰাৰ আকুল আহ্বান গীতটিত প্রকাশ পাইছে। ভূপেন হাজৰিকাৰ আত্মকথা মই এটি যাযাবৰ প্রকাশ হোৱাৰ আগলৈকে উক্ত গীতটি কেৱল মণিৰাম দেৱান কথাছবিৰ বাবেই লেখা বুলি ভাবিছিলোঁ। কিন্তু সেয়া নহয়। গীতটি ৰচনাৰ পটভূমি বাষষ্ঠিৰ চীন-ভাৰত যুদ্ধ। এই বিষয়ে যাযাবৰত গীতিকাৰে গীতটি ৰচনাৰ পটভূমি বর্ণনা কৰিছেঃ-

“১৯৬২ চন আহিল। এই বছৰৰে শেষভাগত চীনে ভাৰত আক্ৰমণ কৰিলে। কামেং সীমান্তৰ ব’মডিলালৈকে বৰ্বৰ অত্যাচাৰ চলালে। এফালৰ পৰা ধ্বংস কৰি অহা ৰণ-বলিয়া চীনা দস্যুহঁতৰ পৰা উত্তৰ-পূব ভাৰতক ৰক্ষা কৰাৰ আশা নেদেখি তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বিদায়-বাণী শুনালে। তেজপুৰকে আদি কৰি উত্তৰ পাৰৰ মানুহে ঘৰ-বাৰী এৰি যেনিয়ে তেনিয়ে পলাই প্রাণ বচাবলৈ চেষ্টা কৰিলে। মোৰ মা-দেউতাৰো মই খবৰ নোপোৱা হৈছিলোঁ। ক’ৰবাত হেৰাই গৈছিল তেওঁলোক। দুখ-আবেগেৰে মই লিখিছিলোঁ –

বুকু হম হম কৰে মোৰ আই

কোনে নিদ্রা হৰে মোৰ আই

পুত্ৰ হৈ মই কিমতে তৰোঁ।

আই, তোৰে হৈ মই মৰোঁ।।

দেশৰে চন্দ্ৰমা কাল এন্ধাৰে আৱৰে

অগনি কালিকা দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে।

বজ্রসম দৃঢ় আই,

চৌপাশৰে গড়

চৌপাশৰে গড় ভেদিম কিঞ্চিতো নাই পৰ

যাচিম সান্ত্বনা আই মুক্তি প্রভাতেৰে

থাপিম থাপনা আই শোণিত তিয়াগেৰে।। (যাযাবৰঃ পৃঃ ২০০)

এইটো গীতৰ উপৰিও সেই বছৰটোতে তেখেতে আৰু কেইটামান গীত লিখিছিল। তাৰে এটি গীত লেখিছিল চীনা সৈন্যই ছাৰখাৰ কৰি যোৱা ধ্বংসাৱশেষৰ মাজত বহি। যাযাবৰত সেই গীতৰ ‘বেকগ্রাউণ্ড’ৰ কাহিনীটো বহলাই বর্ণনা কৰিছে। তাকে চমুকৈ উল্লেখ কৰা হ’ল।

সেই বছৰৰে ডিচেম্বৰ মাহৰ ২৪ তাৰিখে ভূপেন হাজৰিকা কলিকতাৰ পৰা অসমলৈ আহিল- লক্ষ্য কামেং সীমান্তৰ যুদ্ধক্ষেত্র। উদ্দেশ্য আছিল অসম আৰু নেফাৰ ৰাইজৰ মনোবলৰ বিষয়ে এখন ডকুমেন্টেৰী ফিল্ম কৰা। লগত কেইবাজনো সাহযোগী আছিল। তেখেত সকলক যুদ্ধ বিধ্বস্ত কামেং সীমান্তলৈ লৈ গৈছিল তেজপুৰৰ পৰা নিজে জীপ গাড়ী চলাই গঙ্গা প্রসাদ আগৰৱালাই। ডিচেম্বৰ মাহৰ হাড় কঁপোৱা জাৰৰ মাজেৰে সু-উচ্চ পাহাৰ বগাই গাড়ীৰ লাইটৰ পোহৰত ধ্বংসস্তুপত পৰিণত হোৱা ঠাইবোৰ দেখিবলৈ পালে। পুৱাৰ ভাগত তেখেত সকলে টেঙাভেলী পাইছিলগৈ। “লাহে লাহে লাহে যেতিয়া জীপখন নামি গৈ টেঙা ভেলীত প্রৱেশ কৰে, তেতিয়া দেখিলোঁ কেউপিনে পৰি আছে- জোৱান সকলৰ ক্ষত-বিক্ষত মৃতদেহবোৰ। ছেদেলি-ভেদেলি হৈ পৰি থকা অসংখ্য মৃতদেহ আৰু চীনা দুৰ্বৃত্তহঁতে চুৰমাৰ কৰি থৈ যোৱা সামৰিক নগৰ ‘টেঙাভেলি’ত তেতিয়া বিৰাজ কৰিছিল শ্মশানৰ নীৰৱতা। চীনা ৰাক্ষসহঁতে পুৰি ছাই কৰি থৈ যোৱা ‘টেঙাভেলি’ত পৰি থকা জোৱানসকলৰ মৃতদেহবোৰৰ মাজত মৌন হৈ থিয় হৈ থাকোঁতে মনৰ কাণেৰে মই শুনিবলৈ পালোঁ- মৃত্যুৰে যেন কিৰীলি পাৰি হাঁহি হাঁহি আমাক ব্যঙ্গ কৰি কৈছে যুদ্ধক্ষেত্ৰত কাব্য বিচাৰি আহিছা? লাজ নালাগে?

টেঙা ভেলিৰ পৰা আমি পুৱা চাৰে দহ মান বজাত ব’মডিলা পালোঁহি। ব’মডিলা অঞ্চলতো যেনিয়ে-তেনিয়ে দেখিলোঁ জোৱান সকলৰ মৃতদেহ আৰু ধ্বংস লীলাবোৰ…….

দেশৰ বাবে প্ৰাণ আহুতি দিয়া আমাৰ জোৱানসকলৰ মৃতদেহবোৰ চাই চাই এবুকু বেদনা লৈ খন্তেক থমকি ৰলোঁ- মৃতজোৱান সকলৰ মাজত নিজকে জীয়াই থকা দেখি এই নিঃকিন গীতিকাৰৰ কলিজাৰ পৰা আপোনা-আপুনি ওলাই আহিল এটি গীত হাতেৰে গ্ল’ভছযোৰ খুলি লৈ লিখিবলৈ লৈছিলোঁ-

“কত জোৱানৰ মৃত্যু হ’ল

কাৰ জীৱন-যৌৱন গ’ল

সেই মৃত্যু অপৰাজেয়

তেনে মৃতক নহ’লো মই কিয়?’

চীনা দস্যুহঁতৰ আগত সাহসেৰে যুঁজি স্বদেশৰ মাটিক চুমা খাই মৃত্যু বৰণ কৰা আমাৰ ছহিদ সকলৰ তেজসনা মৃতদেহ দেখিলোঁ কামেং সীমান্ত আৰু ব’মডিলাত। পিচে সেই কৰুণ দৃশ্য দেখি আমি চকুলো টুকিলে আমাৰ ছহিদ জোৱান সকলৰ আত্মাই দুখ পাব। হিমালয়ে প্ৰহৰী হৈ আমাক সহায় কৰিব নোৱাৰিলে যদিও আমি প্রতিজনেই একোজন হিমালয় হৈ গাবৰ কাৰণে লিখিলোঁ –

“প্রতি জোৱানৰ ৰক্তৰ বিন্দু

হ’ল সাহসৰ অনন্ত সিন্ধু”

আমাৰ জোৱান সকলৰ মৃত্যু অপৰাজেয়। তেনেকুৱা সুন্দৰ মৃত্যু লাভ কৰিব পৰা সৌভাগ্যবান মৃতক মই নহ’লো কিয়? এই কথা আজিও মই অনুভৱ কৰোঁ।” (যাযাবৰঃ পৃ. ২০১, ২০২, ২০৩, ২০৪)

যুদ্ধক্ষেত্ৰত প্রত্যক্ষ কৰা অভিজ্ঞতাৰ বিষয়ে আকাশবাণী গুৱাহাটী কেন্দ্রত ভূপেন হাজৰিকাৰ অনুষ্ঠানঃ

৬২ৰ যুদ্ধক্ষেত্ৰৰ নিৰ্মম নিষ্ঠুৰ শোকাবহ দৃশ্যৰাজিৰ অভিজ্ঞতাবোৰ লৈ ভূপেন হাজৰিকা গুৱাহাটী পালেহি সম্ভৱতঃ ২৫ ডিচেম্বৰৰ দিনা। গুৱাহাটী আহি পায়েই আকাশবাণী গুৱাহাটী কেন্দ্রত উপস্থিত হ’লহি। যুদ্ধক্ষেত্রত লেখিবলৈ গীতটিকে লৈ সেইদিনা সন্ধিয়াই তেখেতে যুদ্ধক্ষেত্রত দেখি অহা নির্মম, নিষ্ঠুৰ আৰু অমানৱীয় অভিজ্ঞতাবোৰৰ বিষয়ে, আকাশবাণীত এটি অনুষ্ঠান প্রচাৰ কৰিব খোজে। “কেন্দ্র সঞ্চালক গোপাল দাসক ভূপেনদাই নিজেই প্রস্তাৱটো আগবঢ়ালে। সঞ্চালকে লগে লগেই অতি আগ্রহ আৰু কৃতজ্ঞতাৰে তেতিয়াই অনুষ্ঠানটো ৰেকর্ডিঙৰ সকলো সুবিধা আগবঢ়োৱাৰ ব্যৱস্থা কৰিলে। তেতিয়া আবেলি ৪ বাজিছে। এটা কোঠাত বহি ভূপেনদাই অনুষ্ঠানটোৰ এটা খচৰা কৰিলে, প্রায় এঘণ্টামানৰ ভিতৰত। আমি, দুর্গেশ্বৰ আৰু মই মাজে মাজে কোঠাটোলৈ গৈ চাহ-তামোল আৰু চিগাৰেটৰ ব্যৱস্থা কৰিলোঁ।

চাৰে পাঁচ বজাত ভূপেন দাদা ষ্টুডিঅ’ত সোমাল। যিমান দূৰ মনত পৰে মৃগেন ৰায়চৌধুৰী তেখেতৰ লগত আছিল। কাৰণ অনুষ্ঠানটো কথিকা বিভাগৰ দ্বাৰা নিবেদন কৰিবলৈ লোৱা হৈছিল। ৰায়চৌধুৰী আছিল কথিকা বিভাগৰ অনুষ্ঠান কার্যবাহী বিষয়া। মই ৰেকর্ডিং বুথত থিয় হৈ অনুষ্ঠানটোৰ ৰেকর্ডিং শুনি আছিলোঁ। ভূপেনদাই যুদ্ধাক্রান্ত সীমান্ত ভ্ৰমণৰ জ্বলন্ত অভিজ্ঞতাৰ কাহিনী হৃদয়ৰ সমস্ত আবেগ ঢালি কৈ গৈছিল। কিছু কথা তেখেতে মাজে মাজে সুৰেৰে গাই গৈছিল। কিছু কথা গদ্যত, কিছু কথা সুৰত নিবেদন কৰিছিল। কণ্ঠস্বৰ মাজে মাজে বেদনাহত হৈ যেন ভাঙি পৰিছিল। বুকুৰ বেদনাই যেন কণ্ঠক বিহ্বল কৰি তুলিছিল। আমি বুথত থকা কেইজনৰ চকুৱেদি লোতক বৈছিল।

অনুষ্ঠানটো সেইদিনা সন্ধ্যা ৭-১৫ মিনিটত প্রচাৰিত হৈছিল। সমগ্র অসমবাসী সেইসময়ত বিষণ্ণ সংকটাপন্ন। আগনিশা প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে অসমৰ ৰাইজলৈ বিদায় ভাষণ দিছিলঃ My heart goes to the people of Assam. অসমৰ মানুহৰ মনবোৰ সেই সময়ত হৈ আছিল বিমূঢ়, বেদনাক্লিষ্ট, সমুখ যেন অন্ধকাৰাচ্ছন্ন। তেনে সময়ত ভূপেন হাজৰিকাৰ সেই কথা আৰু গীতে সহস্ৰজনক কন্দুৱাইছিল, কিন্তু লগতে দিছিল মনোবল, পৰিস্থিতিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাহস। সেই সন্ধ্যা সহস্র ক্রন্দনাতুৰ শ্ৰোতাৰ ভিতৰত অন্যতম আছিল তেতিয়াৰ মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহা। অনুষ্ঠানটো শুনি থাকোঁতে, তেখেতে হুকহুকাই কান্দিছিল। অনুষ্ঠান শেষ হোৱাৰ লগে লগেই তেখেতে কেন্দ্র সঞ্চালক গোপাল দাসলৈ টেলিফোন কৰি অনুষ্ঠানটোৰ প্ৰশংসা কৰিবলৈ গৈ ফোন কৰি ফোনতে ভাগি পৰি আকৌ কান্দি পেলাইছিল। সেই কথা পিছদিনা আমাৰ প্ৰগ্ৰেম মিটিঙত (PROGRAMME MEETING) সঞ্চালক গোপাল দাসে নিজে আহি জনাইছিল।

ভূপেনদাই দ্বিতীয় দিনা আকৌ ষ্টুডিঅ’ লৈ আহি অনুষ্ঠানৰ কথাংশ বাদ দি গীতাংশৰে সম্পূৰ্ণ গীতটি ৰেকৰ্ড কৰিলে। সেই যুগজয়ী গীতটিঃ ‘কত জোৱানৰ মৃত্যু হ’ল।” (মানুহৰ বাবে কান্দিব জনা ভূপেন হাজৰিকাঃ অৰুণ শৰ্মা গৰীয়সী, জানুৱাৰী ২০১২: পৃষ্ঠাঃ ২২)

Leave a Reply

Your email address will not be published. Required fields are marked *